অধ্যায়ঃ ১৩
পোহৰ
- শুদ্ধ উত্তৰটো বাছি উলিওৱা :
i ) পােহৰে গতি কৰে—
a ) সৰলৰেখাত b ) বক্ৰৰেখাত c ) সৰলৰেখাত আৰু বক্ৰৰেখাত d ) ওপৰৰ এটাও নহয়
উত্তৰঃ a ) সৰলৰেখাত
ii ) সমতল দাপােণৰ ক্ষেত্ৰত কোনটো অসত্য ?
a ) প্রতিবিম্ব একে আকাৰৰ
b ) দাপােণৰ পৃষ্ঠৰপৰা প্রতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান ।
c ) প্রতিবিম্বৰ প্ৰকাৰ সৎ
d ) প্রতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ সমান
উত্তৰঃ a ) প্রতিবিম্ব একে আকাৰৰ
iii ) তলৰ কোনবিধ আলােকীয় সজুলিয়ে অসৎ আৰু ডাঙৰ প্রতিবিম্ব সৃষ্টি কৰিব পাৰে ?
a ) সমতল দাপােণ b ) উত্তল দাপোেণ c ) অৱতল দাপােণ d ) ওপৰৰ এটাও নহয়
উত্তৰঃ c ) অৱতল দাপােণ
iv ) আতছী কাচ আচলতে
a ) অৱতল লেন্স । b ) উত্তল দাপােণ c ) অৱতল দাপােণ d ) উত্তল লেন্স
উত্তৰঃ d ) উত্তল লেন্স
v ) সূৰ্যৰ পােহৰত কেইটা ৰং থাকে ?
a ) 3 b ) 7 c ) 4 d ) 1
উত্তৰঃ b ) 7
- চমু উত্তৰ দিয়া :
i ) পােহৰৰ প্রতিফলন কাক বােলে ?
উত্তৰঃ কোনো এটা বস্তু এটা দিশৰ পৰা আহি এটা বস্তুত খুন্দা মাৰি আন এটা দিশলৈ গতি কৰাকে পোহৰৰ প্ৰতিফলন বোলে।
ii ) পােহৰৰ প্রতিফলনৰ বাবে প্রতিবিম্ব গঠিত হােৱা তিনিবিধ আলােকীয় সঁজুলিৰ নাম লিখা ।
উত্তৰঃ টৰ্চ, মটৰগাড়ীৰ হেটলাইট, ফ্লাউলাইট।
iii ) পােহৰৰ প্রতিসৰণৰ বাবে প্রতিবিম্ব গঠিত হােৱা দুবিধ আলােকীয় সঁজুলিৰ নাম লিখা ।
উত্তৰঃ কাচ, প্লাষ্টিক।
iv ) সৎ প্রতিবিম্ব কি ?
উত্তৰঃ যিবোৰ প্ৰতিবিম্ব পৰ্দাত পেলাব পাৰি বা হাতেৰে চুব পাৰি তাকো সৎ প্ৰতিবিম্ব বোলে।
v ) অসৎ প্রতিবিম্ব কি ?
উত্তৰঃ যিবোৰ প্ৰতিবিম্ব পৰ্দাত পেলাব পাৰি তাকে অসৎ প্ৰতিবিম্ব বোলে।
vi ) পিনহ’ল কেমেৰাত কিয় ওলােটা প্রতিবিম্ব গঠিত হয় ?
উত্তৰঃ কাৰণ পিনহ’ল কেমেৰাত উত্তল লেন্স ব্যৱহাৰ কৰা হয়।
vii ) উত্তল দাপােণত কেনেকুৱা প্রতিবিম্ব গঠিত হয় ?
উত্তৰঃ উত্তল দাপোনত সৰু আৰু থিয় প্ৰতিবিম্ব গঠিত হয়।
viii ) অবতল দাপােণত কেনেকুরা প্রতিবিম্ব গঠিত হয় ?
উত্তৰঃ অৱতল দাপোনত ডাঙৰ আৰু অসৎ প্ৰতিবিম্ব গঠিত হয়।
ix ) উত্তল দাপােণৰ এটা প্রধান ব্যৱহাৰ কি লিখা ।
উত্তৰঃ উত্তল দাপোন গাড়ীৰ পিছফালে আহি থকা বেলেগ গাড়ী চাবলৈ এই দাপোন ব্যৱহাৰ কৰা হয়।
x ) অবতল দাপােণৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰ কি লিখা ।
উত্তৰঃ অৱতল দাপোন লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব সৃষ্টি কৰিবলৈ এই দাপোন ব্যৱহাৰ কৰা হয়।
xi ) উত্তল লেন্সত কেনে ধৰণৰ প্রতিবিম্ব সৃষ্টি হয় ?
উত্তৰঃ উত্তল লেন্সত লক্ষ্যবস্তু নিচেই ওচৰত থাকিলে অসৎ আৰু থিয়।
xii ) অবতল লেন্সত কেনে ধৰণৰ প্রতিবিম্ব গঠিত হয় ?
উত্তৰঃ অৱতল লেন্সত লক্ষ্যবস্তু সৰু।
xiii ) উত্তল লেন্সৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰৰ বিষয়ে লিখা ।
উত্তৰঃ উত্তল লেন্সৰ ওচৰৰ বস্তু ধৰিব পৰা চচ্মাত ব্যৱহাৰ কৰা হয়।
xiv ) অবতল লেন্সৰ এটা গুৰুত্বপূর্ণ ব্যৱহাৰৰ বিষয়ে লিখাঁ ।
উত্তৰঃ অৱতল লেন্স দূৰৰ বস্তু ধৰিব পৰা চচ্মাত ব্যৱহাৰ কৰা হয়।
xv ) সূৰ্যৰ পােহৰত থকা ৰংকেইটাৰ নাম লিখা ।
উত্তৰঃ বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা।
xvi ) বেঘনীসেহাসুৰ কি ?
উত্তৰঃ সূৰ্যৰ সাতোটা ৰঙৰ প্ৰথম আখৰ কেইটা মিলাই এই নামটো গঠন হয়।
xvii ) বগা পােহৰ কি ?
উত্তৰঃ যি পোহৰৰ পৰা বৰ্ণালী পাব পাৰি তেনে পোহৰক বগা পোহৰ বোলা হয়।
xviii ) চকুৰ দৃষ্টি নিবদ্ধ মানে কি ?
উত্তৰঃ আমাৰ চকুৱেঁ যিমান দূৰলৈ চাব পাৰে বা দেখা পায় তাকে চকুৰ দৃষ্টি নিবদ্ধ বোলে।
বা চকুৰ দৃষ্টি নিবদ্ধ মানে হ’ল- আমাৰ চকুৱেঁ যিমান দূৰলৈ চাব পাৰে বা দেখা পায়।
xix ) ছবি আঁকা :
a ) উত্তল আৰু অবতল দাপােণৰ
উত্তৰঃ
b ) উত্তল আৰু অবতল লেন্সৰ
উত্তৰঃ
xx ) বগা পােহৰৰপৰা কেনেকৈ বৰ্ণালী পাব পাৰি?
উত্তৰঃ যিটো বস্তুৰ দ্বাৰা সূৰ্যৰ ৰংবোৰ পৃথক কৰে তাকে বৰ্ণালী পাব পাৰি।
- পােহৰে যে সৰলৰেখাত গতি কৰে , তাক এটা পৰীক্ষাৰ সহায়ত বর্ণনা কৰাঁ ।
উত্তৰঃ এডাল পোন পাইপ লোৱা। আৰু এডাল বেকা পাইপ লোৱা। এচৰত এডাল জ্বলি থকা মমবাতি ৰখোৱা। দুয়োডাল পাইপেৰে এবাৰ এবাৰকৈ চোৱা কি দেখা পালা। পোন পাইপডালেৰে চাওঁতে মমবাতি ডাল দেখি কিন্তু বেকা পাইপডালেৰে চাওঁতে মমবাতিডাল দেখা পোৱা নাযায়। এলেদৰে গম পোৱা গল যে পোহৰ সৰলৰেখাত গতি কৰে।
- নিউটনৰ কঁহী পৰীক্ষাটো বর্ণনা কৰাঁ ।
উত্তৰঃ এখন ডাঠ কাগজত বৃত্ত এটা আঁকি কাগজখন বৃত্তৰ আকাৰত কাটি উলিওৱা। বৃত্তটোক সমানে সাতটা ভাগত ভাগ কৰাঁ। এই ভাগবোৰত ৰামধেনুৰ ৰংবোৰ বোলোৱাঁ। বৃত্তটোৰ কেন্দ্ৰত এটা ফুটা কৰি আঢ়ৈ ইঞ্চি দীঘল গডাল এটা সুমুৱাই দিঁয়া। এতিয়া গজালটোৰ জোঙা মূৰটোৰ ফালে এহাতৰে ধৰি আনখন হাতেৰে ঘূৰাই থাঁকা। বৃত্তটো যথেষ্ট বেগেৰে ঘূৰোৱা আৰু ৰংবোৰ লক্ষ্য কৰা। আমাৰ চকুৰ সন্মুখত বহুতো ৰং একেলগে ঘূৰিলে বগা দেখা পোৱা যায়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post