অধ্যায়ঃ ১৫
জলবায়ু আৰু প্ৰাণীৰ অভিযোজন
- শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
i ) বায়ুৰ চাপ জুখিবলৈ ব্যৱহাৰ কৰা সঁজুলিটো হ’ল
a ) ৰেইন গজ b ) বেৰ মিটাৰ c ) হাইগ্র মিটাৰ d ) এনেম মিটাৰ
উত্তৰঃ b ) বেৰ মিটাৰ
ii ) মৰু অঞ্চলৰ জলবায়ু
a ) গৰম আৰু শুকান b ) গৰম আৰু সেমেকা c ) ঠাণ্ডা আৰু সেমেকা d ) ঠাণ্ডা আৰু শুকান
উত্তৰঃ a ) গৰম আৰু শুকান
iii ) ভাৰতৰ ক্ৰান্তীয় বৰ্ষাৰণ্য থকা ঠাই হ’ল—
a ) উত্তৰ – পূব ভাৰত b ) ৰাজস্থান c ) মধ্যপ্রদেশ d ) ঝাড়খণ্ড
উত্তৰঃ a ) উত্তৰ – পূব ভাৰত
- খালী ঠাই পূৰ কৰাঁ ।
a ) বতৰ পৰিৱৰ্তনৰ প্ৰধান কাৰক হ’ল সূৰ্য।
b ) পেংগুইন চৰাই মেৰু অঞ্চলত বাস কৰে ।
c ) মেঘালয়ৰ জলবায়ু শীতল আৰু সেমেকা ।
d ) বগা ভালুকৰ ছালৰ তলত এটা ডাঠ চর্বীৰ তৰপ থাকে ।
- বতৰ কাক বােলে ? উত্তৰঃ কোনো এখন ঠাইৰ এক নিদিৰ্ষ্ট সময়ত বায়ুমণ্ডলৰ সাময়িক আৰু পৰিৱৰ্তনশীল অৱস্থাটোৱে হ’ল বতৰ।
4 . বতৰৰ মৌলসমূহ কি কি ? অভিযােজন বুলিলে কি বুজা ?
উত্তৰঃ বতৰৰ মৌলসমূহ হ’ল- তাপ, চাপ, বৰষুণ, আদ্ৰতা।
6 . মেৰু অঞ্চলৰ দুবিধ জন্তুৰ নাম লিখা ।
উত্তৰঃ বগা ভালুক, আৰু পেংগুইন।
- ক্রান্তীয় বৰ্ষাৰণ্য থকা দুখন দেশৰ নাম লিখা ।
উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্য থকা দুখন দেশৰ নাম হ’ল- মধ্য আফ্ৰিকা, আৰু দক্ষিণ-পূব এছিয়া।
৪. দিনটোৰ সর্বোচ্চ আৰু সর্বনিম্ন তাপমাত্রা কেতিয়া জোখা হয় ?
উত্তৰঃ দিনটোৰ আগভাগত আৰু দিনটোৰ শেষৰ ভাগত।
- পেংগুইনৰ অভিযােজন সম্বন্ধে চমুকৈ লিখা ।
উত্তৰঃ পেংগুইন মেৰু অঞ্চলত বাস কৰে। এইবিধ চৰায়ে মাছ খায় জীয়াই থাকে। এইবিধ চৰায়ে শীতৰ পৰা ৰক্ষা পৰিবলৈ উলম্বভাৱে থাকি মূৰটো ওপৰলৈ তুলি থাকে।
- জম্মু – কাশ্মীৰ আৰু কেৰালাৰ বতৰ তুলনা কৰাঁ ।
উত্তৰঃ জম্মু-কাশ্মীৰৰ তুলনাত কেৰেলা যথেষ্ট গৰম ঠাই। কেৰালাত বছৰটোৰ অধিকভাগ সময়তেই বতৰ গৰম আৰু সেমেকা হৈ থাকে।
- ক্রান্তীয় বৰ্ষাৰণ্যৰ বৈশিষ্ট্য কি ?
উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্যৰ বৈশিষ্ট্য হ’ল-
ক) এই অঞ্চলসমূহ জৈৱ- বৈচিত্ৰ্যত অতি চহকী,
খ)এই অঞ্চলত বিভিন্ন পতংগ আদি থাকে।
- ছাইবেৰীয়া ক্রেইন ‘ কোন দেশৰ ? ইহঁতে শীতকালি কলৈ অভিগমন কৰে ?
উত্তৰঃ ছাইবেৰীয়া ক্ৰেইন ভাৰতৰ ভৰতপুৰত থাকে। ইহঁতে শীতকালত চীনলৈ অভিগমন কৰে।
- ক্রান্তীয় বৰ্ষাৰণ্যৰ জীৱ – জন্তুৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ক্ৰান্তীয় বৰ্যাৰণ্য জীৱসমূহৰ বিচৰণভূমি। এই অৰণ্যত খাদ্য আৰু বাস্থানৰ বাবে জীৱ-জন্তু মাজত প্ৰতিযোগিতা চলি থাকে। কিছুমান জীৱই গছত বাস কৰে। গছত বগাব পৰাকৈ বান্দৰবোৰৰ নেজ দীঘল হয়। বহুতো ক্ৰান্তীয় জীৱ-জন্তুৰ তীক্ষ্ণ দৃষ্টি, ডাঠ ছাল, স্পৰ্শকাতৰ শ্ৰৱণ শক্তিযুক্ত হয়।
- গৰমকালি আৰু শীতকালিৰ বতৰৰ পাৰ্থক্য লিখা ।
উত্তৰঃ গৰমকালি বৰষুণ হয়। আনহাতে শীতকালি বৰষুণ নহয়। গৰম বতৰত সাপবোৰ উলায় আহে, আনহাতে ঠাণ্ডা বতৰত সাপবোৰ গাতত খোমাই থাকে।
- বগা ভালুকৰ অভিযােজনৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ বগা ভালুক মেৰু অঞ্চলত বাস কৰে । ইহতৰ ছালৰ তলতে এটা ডাঠ চৰ্বীৰ তৰপ থাকে। স্থানীয় বৰফাবৃত পৰিৱেশৰ লগত মিলাই প্ৰাণীবোৰৰ গাৰ ৰং বগা হয় যাতে চিকাৰীয়ে সিঁহতক সহজে নেদেখে।
- জলবায়ু আৰু অভিযােজনৰ সম্পর্ক কি ?
উত্তৰঃ কিছুমান প্ৰাণী যিটো জলবায়ুত থাকে তাতে অভিযোজন কৰিবলৈ সিহতে শিকি লয়। ফলত ভালদৰে অভিযোজন কৰিব পাৰে। বতৰ যেনেকুৱা অভিযোজন তেনেকুৱা হ’ব।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post