Might Learn Logo Might Learn Shop Might Learn

AJB Class 7 Science Chapter 18 Answer বৰ্জিত পানীৰ ব্যৱস্থাপনা

অধ্যায়ঃ ওঠৰ

বৰ্জিত পানীৰ ব্যৱস্থাপনা

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা

i ) বর্জিত পানী হল—

a ) বিশুদ্ধ পানী b ) এবাৰ ব্যৱহৃত পানী c ) ফটফটীয়া পানী d ) পৃষ্ঠ জল

উত্তৰঃ b ) এবাৰ ব্যৱহৃত পানী

ii ) তলৰ কোনটো পানী শােধনৰ যান্ত্রিক পদ্ধতি ?

a ) বর্জ্যদ্রব্য পৃথকীকৰণ b ) বর্জ্যদ্রব্যৰ পচন c ) নিবীর্জকৰণ d ) এটাও নহয়

উত্তৰঃ b ) বর্জ্যদ্রব্যৰ পচন

iii ) বর্জিত পানী শোধন কেন্দ্ৰৰ তলিত জমা হােৱা দ্রব্যবিধ হ’ল—

a ) প্রতি বা গেদ b ) অধঃক্ষেপ c ) পুতি – জল d ) এটাও নহয়

উত্তৰঃ a ) প্রতি বা গেদ

iv ) তলৰ কোনটোৱে পুতি – জলত থকা সর্বাধিক আৱৰ্জনা দূৰ কৰে ?

a ) উলম্ব দণ্ডবােৰে b ) বােকা বালি কক্ষই c ) বাতায়ন কক্ষই d ) অবক্ষেপণ টেংকে

উত্তৰঃ d ) অবক্ষেপণ টেংকে

v ) বর্জিত পানীৰ উপযুক্ত ব্যৱস্থাপনা নাথাকিলে কি হ’ব পাৰে ?

a ) ৰােগ b ) পানী যােগান ব্যৱস্থা প্ৰদূষিত c ) জল – প্ৰদূষণ d ) গােটেইবােৰ

উত্তৰঃ a ) ৰােগ

  1. খালী ঠাই পূৰ কৰা ;

i ) পানীৰ বিশুদ্ধিকৰণ মানে হ’ল পানীৰপৰা বৰ্জিত পদাৰ্থ নিমূলকৰণ ।

ii ) ঘৰুৱা কাম – কাজৰপৰা উৎপাদিত বর্জিত পানীক পুতি-জল বােলে ।

iii ) শুকান_সাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি । ( For student )

iv ) কলেৰা ৰােগৰ বীজাণু পানীত থাকে । ( কলেৰা / ধনুষ্টংকাৰ কেঞ্চাৰ )

v ) পানী শােধনৰ প্রথম পর্যায়ত জৈৱ – অশুদ্ধি দূৰ কৰা হয় । ( প্রথম / দ্বিতীয় / তৃতীয় )

  1. চমু উত্তৰ দিয়া :

ⅰ) বর্জিত জল বুলিলে কি বুজা? ইয়াত কি কি থাকে?

উত্তৰ: অশুদ্ধিযুক্ত আৰু ব্যৱহাৰৰ অনুপযোগী পদীকেই বর্জিত জল বোলে। বৰ্জিত পানীত নানা ধৰণৰ অশুছি, কীটনাশক, শ ক্রমিয়াম, সংদোষক আদি মিহলি হৈ থাকে।

ii) বর্জিত পানী শোধনৰ পৰ্যায় তিনিটা কি কি?

উত্তৰ : বৰ্জিত পানী শোধনৰ তিনিটা উপায় হল- প্রথম পৰ্যায়ৰ – যান্ত্ৰিক শোধন, দ্বিতীয় পৰ্যায়ৰ – জৈৱিক শোধন,তৃতীয় পৰ্যায়ৰ – ৰাসায়নিক শোধন |

iii) ৰঞ্জিত পানী শোধনৰ প্ৰাথমিক আৰু দ্বিতীয় পর্যায় দুটাৰ পাৰ্থক্য

উত্তৰ : বৰ্জিত পানী শোধনৰ প্ৰাথমিক আৰু দ্বিতীয় পৰ্য্যায় দুটাৰ পাৰ্থক্য হল-

ক) প্রথম পৰ্য্যায়ত পানীত থকা অদ্রবনীয় অশুদ্ধিবোৰ আঁতৰোৱা হয়। আনহাতে দ্বিতীয় পৰ্য্যায়ত মল- মুত্ৰ খোৱা বস্তুৰ অংশ বিশেষ চাবোন আদি জৈৱ অশুদ্ধিৰ ক্ষুদ্ৰ কণিকাবোৰ নির্মূল কৰা হয়।

খ) প্রথম পর্যায়ত বর্জিত পানী যান্ত্রিক প্রক্ৰিয়াৰ দ্বাৰা শোধন কৰা হয়, আৰু দ্বিতীয় পর্য্যায়ত জৈৱিক প্ৰক্ৰিয়াৰ দ্বাৰা শোধন কৰা হয়।

iv) শোধিত পানী কিদৰে পুণৰ ব্যৱহাৰ কৰিব পাৰি?

উত্তৰ : পানী শোধন কৰাৰ পিছত তাত কোনো অশুদ্ধি নাথাকে। এই পানী সম্পূর্ণ বিশুদ্ধ বুলি কব পাৰি। গতিকে এনেকোৱা বিশুদ্ধ পানী আমি যিকোনো কামত ব্যৱহাৰ কৰিব পাৰো।

v) পৰিশোধন কেন্দ্ৰত উৎপাদিত পুতি বা গেদবোৰ কি কৰা হয়?

উত্তৰ: পৰিশোধন কেন্দ্রত উৎপাদিত পুতি বা গেদবোৰ শুকাই সাৰ হিচাপে ব্যৱহাৰ কৰা হয়।

vi) ৰাজহুৱা স্থান বা ঘৰতো বর্জিত পানীৰ কিয় সু-ব্যৱস্থাপনা কৰা দৰকাৰ?

উত্তৰ : ৰাজহুৱা স্থান বা ঘৰতো বৰ্জিত পানীৰ সু-ব্যৱস্থাপনা কৰা দৰকাৰ। কাৰণ পানীত বহুতো বিষাক্ত দ্রব্য, অণুজীর আদি মিহলি হৈ থাকে। সেইবাৰে বৰ্জিত পানীবোৰ য’তে ত’তে পেলাব নালাগে। এই বর্জিত পানীবোৰ পেলোৱাৰ বাবে সুব্যবস্থা কৰি ল’ব লাগে।

vii) পানীৰ নিৰ্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদাৰ্থৰ নাম লিখা।

উত্তৰ : পানীৰ নিৰ্বীজকৰণত ব্যৱহৃত দুটা ৰাসায়নিক পদাৰ্থ হ’ল- ক্ল’ৰিণ আৰু অ’জন।

4) উত্তৰ দিয়া:

ⅰ) বৰ্জিত পানীৰ উৎসবোৰ আলোচনা কৰা।

উত্তৰ : বৰ্জিত পানীবোৰ বিভিন্ন উৎসৰ পৰা উৎপত্তি হয়। যেনে- প্ৰায় সকলো ধৰণৰ কৃষি কাৰ্যৰ বাবে পানীৰ প্ৰয়োজন। কিছুমান খেতিত প্ৰচুৰ পানীৰ দৰকাৰ হয়। খেতিপথাৰৰ পৰা ওলাই আহা বর্জিত পানীত বিষাক্ত কীটনাশক, তৃণনাশক আদি মিহলি হৈ থাকে।ঘৰ-দুৱাৰ, অট্টালিকা আদি নির্মাণত উৎপাদিত বর্জিত পানীত চিমেন্ট, বাসায়নিক বং আদি মিহলি হৈ থাকে।উদ্যোগ, কল-কাৰখানা আদিত প্ৰায় সকলো ধৰণৰ বস্তু উৎপাদনৰ বাবে পানীৰ প্ৰয়োজন। কল- কাৰখানাৰ পৰা ওলোৱা অধিকাংশ পানীয়েই বর্জিত পানী হিচাপে ওলাই যায়। এই বর্জিত পানীত বিষাক্ত ) যেনে- লৌড, ক্রমিয়াম আদি) মিহলি হৈ থাকে।জোৰেৰে বৰষুণ দিলে ৰাস্তা বা চোতালেদি ঘোলা পানী বৈ যায়। এই পানীত কিছুমান আবর্জনা উটি আহে। আকৌ কিছুমান অশুদ্ধি এই পানীত দ্রৱীভূত হৈ থাকে। এইবোৰ অশুদ্ধি আমি চকুৰে দেখা নাপাও। এনেদৰে অশুদ্ধি দ্ৰৱীভূত হৈ থকা আৰু কিছু অশুছি উপত্তি থকা বর্জিত পানীক পুতি জল বোলে।ঘৰৰ ৰান্ধনিশালৰ পৰা ওলাই যোৱা পানীত চাউলৰ গুড়ি, শাক-পাচলিৰ অংশ, তেল, বাচন ধোৱা চাবোনৰ অংশ আদি মিহলি হৈ থাকে। এইবোৰ অশুছি।

৪) নর্দমা ব্যৱস্থাৰ বিষয়ে লিখা।

উত্তৰ : আমাৰ গা-ধোৱা পানী, শৌচ-প্রস্বার, জাৱৰ-জোথৰ আদি নৰ্দমাত জমা কৰি ৰাখিব লাগে। এইবোৰ য’তে তাঁতে পেলালে ইয়াৰ পৰা উৎপত্তি হোৱা বিষাক্ত দ্রৱব্য, অণুজীৱ আদি চাৰিওফালে বিয়পি যায়। এইবোৰৰ পৰা নানা ধৰণৰ বেমাৰৰ বীজাণু আদি বিয়পিব পাৰে। সেইবাবে আমি নর্দমাৰ ব্যৱস্থা কৰি এই লেতেৰা আৱৰ্জনাবোৰ এক নির্দিষ্ট ঠাইত জমা কৰি ৰাখি পিছত পেলাই দিব লাগে।

iii) পৰিশোধন কেন্দ্রত বর্জিত পানী কেনে ধৰণে শোধন কৰা হয় লিখা।

উত্তৰ: পৰিশোধন কেন্দ্রত বর্জিত পানী তিনিটা পর্যায়ত শোধন কৰা হয়। প্রথম, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ, পৰিশোধন।

প্রথম পৰ্যায়ৰ পৰিশোধন: এই পৰ্যায়ত পানীত থকা অদ্রবণীয়, যেনে প্লাষ্টিকৰ বটল, বালি, বোকা-মাটি, চাবোন, তেল, গ্রিজ আদি অশুদ্ধিবোৰ আঁতৰোৱা হয়। এইটো মূলতঃ এটা যান্ত্রিক প্রক্রিয়া। প্রথমে বৰ্জিত পানীবোৰ থিয় দণ্ডযুক্ত জালনাৰ মাজেদি পাৰ হ’বলৈ দিয়া হয়। তেতিয়া গোটা বস্তুবোৰ জালনাত লাগি ধৰে। যেনে- প্লাষ্টিকৰ মোনা, বটল, কাপোৰ, কাগজ আদি। তাৰ পিছত পানীখিনি বোকা বালি নির্মূলকরণ পুখুৰীলৈ যাবলৈ দিয়া হয়। ইয়াত পানীৰ গতিবেগ কমাই দিয়া হয়। ফলত পানীত থকা বোকা- মাটি, বালি, হিউমাছ আদিবোৰ তলিত জমা হয়। বোকা বালি আদি নির্মূলকৰণৰ পিছত পানীখিনি একোটা বিশাল পুখুৰীসদৃশ টেংকত জমা কৰা হয়। এই পুখুৰীটোৰ মাজ অংশ দ’ আৰু কাষলৈ ক্ৰমেএকোটা বিশাল পুখুৰীসদৃশ টেংকত জমা কৰা হয়। এই পুখুৰীটোৰ মাজ অংশ দ’ আৰু কাষলৈ ক্রমে বাম হয়। কেইবাদিনো পানীখিনি ইয়াত ৰখা হয়। ফলত মল-মূত্ৰৰ কণিকাবোৰ তলিত জমা হয়। তেল, গ্রিজ আদি পাতল অশুদ্ধিবোৰ পানীৰ ওপৰত ভাঁহি উঠে। এই তেলজাতীয় অশুদ্ধিবোৰ একোখন ডাঙৰ ফুটা থকা হেতাৰে (Skimmer) আঁতৰোৱা হয়। পানীখিনিক ফটফটীয়া পানী (Clarified water) বোলে।

দ্বিতীয় পৰ্যায়ৰ পৰিশোধন: প্ৰাথমিক পৰ্যায়ৰ ফটফটীয়া পানীখিনিত মল-মূত্র, খোৱাবস্তুৰ অংশবিশেষ,চাবোন আদি জৈৱ অশুদ্ধিৰ ক্ষুদ্ৰ কণিকা মিহলি হৈ থাকে। এইবোৰ নির্মূলকৰণ দ্বিতীয় পৰ্যায়ৰ শোধনত কৰা হয়। মূলতঃ ই এটা জৈৱিক প্ৰক্ৰিয়া। ইয়াৰ বাবে পানীখিনি একোটা বায়ুমিশ্রিত কক্ষলৈ নিয়া হয়। এই কক্ষত পানীখিনিৰ মাজেৰে জোৰেৰে বায়ু চলাচল কৰোৱা হয়। ফলত বেক্টেৰিয়াৰ দ্বাৰা জৈৱ অশুদ্ধিবোৰৰ পচন ঘটে। পাত্ৰৰ তলিত কিছুমান নতুন পুতি বা গেদ জমা হয়। এইবোৰক সক্রিয়কৃত পুতি বা গেদ বোলে। ওপৰৰ ফটফটীয়া পানীখিনি পৃথক টেংকলৈ বোৱাই নিয়া হয়।

তৃতীয় পৰ্যায়ৰ পৰিশোধন: দ্বিতীয় পৰ্যায়ৰ পৰা পোৱা পানীখিনিত এতিয়াও কিছুমান অণুজীৱ, অতিকম পৰিমাণৰ জৈৱ অশুদ্ধিবোৰ থাকিব পাৰে। এইবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰে নির্মূল কৰা হয়। এই পৰ্যায়ত পানীৰ পৰা ফছফৰাছ আৰু নাইট্ৰ’জেনযুক্ত অশুদ্ধি বাসায়নিক প্ৰক্ৰিয়াৰে আঁতৰোৱা হয়। অতি বেঙুনীয়া ৰশ্মি, ক্ল’ৰিণ, অজ’ন আদিৰ সহায়ত বেক্টেৰিয়া আদি অণুজীৱ ধ্বংস কৰা হয়।

iv) বৰ্জিত পানীৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে কি কি ব্যৱস্থা ল’ব পাৰি লিখা।

উত্তৰ : বৰ্জিত পানীৰ পৰিমাণ হ্ৰাস কৰিবৰ বাবে আমি কিছুমান ব্যৱস্থা হাতত ল’ব লাগিব।

যেনে : সুপৰিকল্পিত নলা নৰ্দমাৰ ব্যৱস্থা কৰিব লাগিব। বৰ্জিত জল শোধনৰ ব্যৱস্থা কৰিব লাগিব। আমি ঘৰত মলশোধন টেংক, জৈৱ গেছ উৎপাদন আৰু পচনকাৰী শৌচাগাৰ আদিৰ ব্যৱহাৰ কৰিব লাগিব।

মলশোধন টেংক (Septic tank): এই পদ্ধতিত মাটিৰ তলত গাঁত খান্দি এটা পকী টেংক বনোৱা হয়। কেতিয়াবা প্লাষ্টিকৰ টেংকো ব্যৱহাৰ কৰা হয়। ঘৰুৱা বৰ্জিত পানীবোৰ এই টেংকলৈ পাইপেৰে লৈ যোৱা হয়। গোটা অশুদ্ধিৰ কণিকাবোৰ তলিত জমা হয়। পাতল অশুদ্ধিবোৰ ও পঙি থাকে। বর্জিত পানীতথকা বেক্টেৰিয়াই এই অশুদ্ধিবোৰ লাহে লাহে পচন ঘটায়। পানীভাগ আন এডাল নলীৰে মূল টেংকৰ পৰা উলিয়াই আনি আন এটা গীতত পেলোৱা হয়। ইয়াৰ পৰা এই পানী মাটিয়ে শুহি লয়।জৈৰ গেছ প্রকল্প এই পদ্ধতিত মানুহ বা জীৱ জস্তুৰ মল নলীৰে একোটা পকী টেংকত পেলোৱা হয়। কিছু পৰিমাণৰ পানীও পেলোৱা হয়। অণুজীৱই এই জৈৱ পদার্থবোৰৰ ভাঙোন ঘটোৱাৰ ফলত জৈৱ গেছ (মূলতঃ মিথেন) উৎপন্ন কৰে। এই গেছ আন এডাল নলীৰে উলিয়াই নিয়া হয়। এনে গেছ ইন্ধন হিচাপে বা বিদ্যুৎ উৎপাদনত ব্যৱহৃত হয়।পচনকাৰী শৌচাগাৰ শেহতীয়াকৈ আমাৰ দেশত এনে শৌচাগাৰৰ ব্যৱস্থা কৰা হৈছে। এনে শৌচাগাৰত কিছুমান কেঁচুৰ দ্বাৰা মানুহৰ মলৰ পচন ঘটোৱা হয়।

v) বৰ্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে হ’ব পৰা “বিপদসমূহ আলোচনা কৰা।

উত্তৰ : বৰ্জিত পানীৰ পৰিকল্পিত ব্যৱস্থা অবিহনে আমাৰ বহুতো বিপদ বা অসুবিধা হ’ব পাৰে। বৰ্জিত পানীবোৰত বিভিন্ন বিষাক্ত দ্রব্য (যেনে মিথেন) মিহলি হৈ থাকে। এই বিষাক্ত দ্ৰৱ‍্যবোৰ বায়ুৰ লগত লগ হয় বা পানীৰ লগত বৈ গৈ বিভিন্ন ঠাইলৈ বৈ যায়। এই বস্তুবোৰ খেতি পথাৰত গলে খাদ্য-দ্রব্য দূষিত কৰে। এইবোৰ খাদ্য খাই আমি বেমাৰত পৰাটো স্বাভাৱিক।

vi) নর্দমা ব্যৱস্থা নথকা অঞ্চলত বর্জিত পানীৰ ব্যৱস্থাপনা কিদৰে কৰা হয় আলোচনা কৰা।

উত্তৰ : নৰ্দমা নথকা অঞ্চলত বর্জিত পানীৰ ব্যৱস্থাপনা অন্য ধৰণেও কৰিব পাৰি। ইয়াৰ বাবে আমি ঘৰৰ পৰা অলপ দূৰত এটা গাঁত খান্দি ল’ব লাগিব। আমাৰ গা-ধোৱা, কাপোৰ ধোৱা, বাচন ধোৱা আৰু অন্যান্য লেতেৰা বৰ্জিত পানীবোৰ এই গাঁতত পেলাব লাগিব। গাঁতটো অলপ ডাঙৰ আৰু দকৈ খান্দিব লাগিব।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects