৩। চুম্বকৰ বিষয়ে
১) অতীজত নাবিকসকলে দিক নিৰ্ণয় কৰিবলৈ কি ব্য়ৱহাৰ কৰিছিল?
উত্তৰঃ অতীজত নাবিকসকলে দিক নিৰ্ণয় কৰিবলৈ প্ৰাকৃতিক চুম্বক ব্য়ৱহাৰ কৰিছিল।
২) চুম্বকত কি কি পদাৰ্থ পোৱা যায়?
উত্তৰঃ চুম্বক লো আৰু অক্সিজেন এবিধ সংকৰ।
৩) কম্পাছ প্ৰথমে ক’ত সজা হয়?
উত্তৰঃ কম্পাছ প্ৰথমে সজা হয় ভূমধ্য় সাগৰৰ পাৰৰ ৰাজ্য় িটালিৰ েমালফি নামৰ সৰু চহৰ এখনত।
৪) “চুম্বকৰ বিষয়ে” নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ “চুম্বকৰ বিষয়ে” নামৰ গ্ৰন্থখন গিলবাৰ্টে ১৬০০ চনত প্ৰকাশ কৰে।
৫) বিদ্য়ুতক “ইলেকট্ৰিছিটি” নামটো কোনে দিছিল?
উত্তৰঃ বিদ্য়ুতক “ইলেকট্ৰিছিটি” নামটো গিলবাৰ্টে দিছিল।
৬) কোনে পোন প্ৰথমে পানীক বিদ্য়ুৎযুক্ত কৰাৰ চেষ্টা চলাইছিল?
উত্তৰঃ বিখ্য়াত লিন্ডেন বিশ্ববিদ্য়ালয়ৰ ছাত্ৰ কিউনিয়াছে গেৰিকৰ যন্ত্ৰৰ সহায়ত পানীক বিদ্য়ুৎযুক্ত কৰাৰ চেষ্টা চলাইছিল।
৭) ফ্ৰেংকলিনৰ মতে বিদ্য়ুৎ কেই প্ৰকাৰৰ?
উত্তৰঃ ফ্ৰেংকলিনৰ মতে বিদ্য়ুৎ দুই প্ৰকাৰৰ। ১)ধনাত্মক আৰু ২) ঋনাত্মক।
৮)কোনে প্ৰথমে বিদ্য়ুৎ চুম্বক সাজি উলিয়াই?
উত্তৰঃ উইলিয়াম ষ্টাৰজিয়নে ১৮২৫ চনত তেঁও সাজি উলিওৱা বিদ্য়ুত চুম্বক ডাল লণ্ডনৰ ৰ’য়েল ছ’ছাইটিক পৰীক্ষা কৰি দেখুৱাই।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post