Lesson- 6
আধুনিক শৰীৰবিজ্ঞানৰ আৰম্ভণি
১। তেজৰ চলাচল সম্পৰ্কে পোন প্ৰথমে সঠিক ব্য়াখ্যা দাঙি ধৰাৰ কৃতিত্ব কাক দিছিল?
উত্তৰঃ তেজৰ চলাচল সম্পৰ্কে পোন প্ৰথমে সঠিক ব্যাখ্যা দাঙি ধৰাৰ কৃতিত্ব ইংলেণ্ডৰ বিজ্ঞানী উইলিয়াম হাৰ্ভেক দিছিল।
২। ক’পাৰনিকাছৰ গ্ৰহৰ গতিসম্পৰ্কীয় বিখ্যাত পুথি De Revolution কেতিয়া প্ৰকাশ হয়?
উত্তৰঃ ক’পাৰনিকাছৰ গ্ৰহৰ গতিসম্পৰ্কীয় বিখ্যাত পুথি De Revolution ১৫৪৩ চনত প্ৰকাশ হয়।
৩। উইলিয়াম হাৰ্ভে কিমান চনত চিকিৎসাবিজ্ঞানত ডক্টৰেট ডিগ্ৰি লাভ কৰে?
উত্তৰঃ উইলিয়াম হাৰ্ভে ১৬০২ চনত চিকিৎসাবিজ্ঞানত ডক্টৰেট ডিগ্ৰি লাভ কৰে।
৪। মানুহৰ সিৰাত থকা ভালভ বা কপাট কোনে আৱিস্কাৰ কৰিছিল?
উত্তৰঃ মানুহৰ সিৰাত থকা ভালভ বা কপাট ফ্ৰেব্ৰিছিয়াছে আৱিস্কাৰ কৰিছিল।
৫। এজন সাধাৰণ স্বাস্থ্যৰ মানুহৰ হৃদপিণ্ডই প্ৰতিঘন্টাত কিমান তেজ উলিয়াই পঠিয়ায়?
উত্তৰঃ এজন সাধাৰণ স্বাস্থ্যৰ মানুহৰ হৃদপিণ্ডই প্ৰতিঘন্টাত ৮৩ পাউণ্ড তেজ উলিয়ায় পঠিয়ায়।
৬। উইলিয়াম হাৰ্ভেৰ কেতিয়া জন্ম হয়?
উত্তৰঃ উইলিয়াম হাৰ্ভেৰ ১৫৭৮ চনত জন্ম হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post