Chapter 6 –
বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ
১। তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা—
প্রশ্ন: সর্পই দংশন কৰিলে কি কৰা উচিত?
(ক) চাফ-চিকুণকৈ থকা উচিত
(খ) ৰাশিফল চোৱা উচিত
(গ) বেজৰ ওচৰলৈ যোৱা উচিত
(ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত
উত্তৰ: (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত
২। তুমি ওপৰৰ দ্বিতীয় প্রশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি লিখা—
উত্তৰ: (ঘ) ডাক্তৰৰ ওচৰলৈ যোৱা উচিত উত্তৰটো বাছি ল’লো, কাৰণ পাঠখনত কোৱা হৈছে যে, আজিও বহুতে সাপ দংশন কৰিলে বেজৰ ওচৰলৈ যোৱাৰ চেষ্টা কৰে, কিন্তু ই এক অবৈজ্ঞানিক মনোভাৱ। বাস্তৱত, সাপে দংশন কৰিলে তৎক্ষণাৎ চিকিৎসকৰ ওচৰলৈ লৈ যোৱা উচিত যাতে যথাযথ চিকিৎসা গ্ৰহণ কৰি জীৱন ৰক্ষা কৰিব পৰা যায়। এইটো হৈছে বৈজ্ঞানিক মানসিকতাৰ প্ৰমাণ।
৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা?
উত্তৰঃ বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে বুজা হয়– কোনো বস্তু বা ঘটনাৰ পিছে লুকাই থকা কাৰণ জানিবলৈ ইচ্ছা কৰা, যুক্তি, পৰীক্ষা-নিৰীক্ষা আৰু প্ৰমাণৰ ভিত্তিত সিদ্ধান্ত লোৱাৰ ক্ষমতা। বৈজ্ঞানিক মন মানে হৈছে কুসংস্কাৰ, অন্ধবিশ্বাস আদি ত্যাগ কৰি যুক্তিবাদী চিন্তা-ভাবনা কৰা।
(খ) আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ থকাৰ কাৰণ কি?
উত্তৰঃ আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্রিয়া-কলাপ প্রচলিত হৈ আছে কাৰণ–
- মানুহৰ শিক্ষা আৰু জ্ঞানৰ অভাৱ,
- পৰম্পৰাগত বিশ্বাসক আঁকোৱালি ধৰা,
- যুক্তিবাদী চিন্তাৰ অভাব, আৰু
- অজ্ঞতা আৰু ভয়।
(গ) ভাল দিন-বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে?
উত্তৰঃ ভাল দিন-বাৰ চাই কাম কৰা এটি কুসংস্কাৰ। ইয়াৰ বৈজ্ঞানিক ভিত্তি নাই। কামৰ সফলতা নিষ্ঠা, পৰিকল্পনা আৰু কাৰ্যক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে, দিন-বাৰৰ ওপৰত নহয়। সেই বাবে এই ধৰণৰ বিশ্বাস বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীত।
(ঘ) ছাত্র-ছাত্রীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত কাৰণ–
- ই তেওঁলোকক যুক্তিবাদী আৰু কুসংস্কাৰহীন কৰিব,
- সমস্যা সমাধানত সহায় কৰিব,
- সমাজত প্ৰগতিশীল চিন্তাৰ বিকাশ ঘটাব,
- বিজ্ঞান আৰু প্ৰযুক্তিত আগবঢ়াব।
(ঙ) অতীতত আমাৰ সমাজত অসুখ-বিসুখ হ’লে তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল?
উত্তৰঃ অতীতত কোনো ব্যক্তিৰ অসুখ-বিসুখ হ’লে তেওঁক বৈজ্ঞানিক চিকিৎসকৰ ওচৰত নিয়া নহ’ই ওঝা, গুণী বা তান্ত্ৰিকৰ ওচৰলৈ নিয়া হৈছিল। এই প্ৰথাটো অন্ধবিশ্বাস আৰু অবৈজ্ঞানিক চিন্তাধাৰাৰ ফল।
৪। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা।
(ক) বাহিৰত ফুৰি-চাকি অহা কাপোৰ-কানিৰে পাকঘৰত সোমাবলৈ নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে?
উত্তৰঃ এই বিশ্বাসটো মূলতে কুসংস্কাৰ বুলি ধৰা হলেও ইয়াৰ আঁৰত এটা বৈজ্ঞানিক যুক্তি আছে। বাহিৰৰ কাপোৰত ধূলি-বালি, ব্যেক্টেৰিয়া বা ৰোগজীবাণু থাকে, যাৰ ফলত পাকঘৰত সোমালে খাদ্যদ্রব্য দুষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে পৰিষ্কাৰ কাপোৰ পিন্ধি পাকঘৰত সোমাব লাগে।
(খ) বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে?
উত্তৰঃ শিক্ষিত হোৱাটো সহায়ক হলেও কেৱল শিক্ষাই বৈজ্ঞানিক মানসিকতা বিকাশ নকৰে। এজন মানুহে –
- যুক্তি-প্ৰমাণৰ ভিত্তিত চিন্তা-ভাবনা কৰিলে,
- অন্ধবিশ্বাস এৰিলে,
- পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে সিদ্ধান্ত ল’লে,
তেওঁ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ’ব পাৰে।
(গ) সমাজ এখনৰ উন্নতিৰ বাবে অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে?
উত্তৰঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰ সমাজৰ অগ্ৰগতিৰ বাধা। এইবোৰ–
- যুক্তিবাদী চিন্তাৰ বিকাশ আতৰাই,
- মানুহক অজ্ঞ আৰু ভয়ত ৰাখে,
- অগ্ৰগতিত বাধা দিয়ে।
সেয়ে সমাজৰ উন্নতিৰ বাবে এইবোৰ ত্যাগ কৰাটো অত্যন্ত জৰুৰী।
তলত ‘ক’ অংশৰ শব্দবোৰক ‘খ’ অংশৰ অৰ্থৰ সৈতে মিলোৱা হ’লঃ
| ক অংশ | খ অংশ |
|---|---|
| অনুসংশিত | পূৰ্ববাৰৰ চলি অহা নীতি |
| স্বাস্থ্যসমত | স্বাস্থ্যকৰ |
| যুক্তিনিষ্ঠ | তীক্ষ্ণ বুদ্ধি, তত্ত্ব-জ্ঞান |
| বিবৰ্ণ | পালে টান |
| বিকস | এটাই সলনি আন এটা |
| পক্বপুষ্ট | যুক্তি থকা |
| প্ৰযুক্তি | কৌশলী |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post