পৰিমাপণৰ সঁজুলিসমূহ (Measuring Tools) Chapter 3 Answer Assam | B.A 3rd Semester Education Suggestion | B.A 3rd Semester Education Free Notes | B.A 3rd Semester Education Solution | B.A 3rd Semester Education Question and Answer | পৰিমাপণৰ সঁজুলিসমূহ (Measuring Tools) পাঠটোৰ প্ৰশ্ন-উত্তৰ

পৰিমাপণৰ সঁজুলিসমূহ

(Measuring Tools) 

প্ৰশ্নাৱলী 

1. পৰিমাপণৰ ভুল কি? 

What error of measurement? 

উত্তৰঃ যি কোনো পৰিমাপণৰ সঁজুলিৰ কেতবোৰ বা কাৰিকৰী লক্ষণ থাকিব পাৰে । এই কাৰিকৰী লক্ষণে পৰিমাপণ প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰা বিভিন্ন ভুলৰ জ্ঞান আৰু বোধ ক্ষমতাকো সামৰি লয় । এইবোৰক পৰিমাপণৰ ভুল বুলি কোৱা হয় । 

2. পৰিমাপণৰ সঁজুলি কাক বােলে?

 What is measuring tools?

উত্তৰঃ ব্যক্তিৰ সামৰ্থ, মানসিক বৈশিষ্ট্য ইত্যাদি পৰিমাপণ বা মূল্যায়ণ কৰিবৰ বাবে যিবোৰ ব্যৱস্থা বা পদ্ধতি অৱলল্বন কৰা হয়, সেইবোৰক পৰিমাপণৰ আহিলা বা সঁজুলি বোলে । 

3 . পৰিমাপণৰ পাঁচবিধ সঁজুলিৰ নাম লিখা।

 Write five name of measuring tools.

উত্তৰঃ ১। অভীক্ষাসমূহ, ২। প্ৰশ্নসূচী, ৩। পৰ্যবেক্ষণ, ৪। মান নিৰূপক কাঠী, ৫। মনোভাৱ কাঠী

 4. পৰীক্ষা কি? 

What is Examination?

উত্তৰঃ শিক্ষাৰ্থীসকলক পৰিমাপণৰ বাবে আটাইতকৈ বেছি প্ৰয়োগ হোৱা সঁজুলিবিধ হ’ল পৰীক্ষা ।

 5. পৰিমাণৰ ভুল কেইপ্রকাৰৰ আৰু কি কি? 

What are the types of errors of measurment?

উত্তৰঃ পৰিমাপণৰ ভুল চাৰিপ্ৰকাৰ । সেইকেইটা হ’ল-

(ক) স্থায়ী ভুল

(খ) চলকীয় বা পৰিৱৰ্তনশীল ভুল 

(গ) পৰ্যবেক্ষণ ভুল আৰু 

(ঘ) ব্যাখ্যাজনিত ভুল

 6.ভাল অভীক্ষাৰ বৈশিষ্ট্যবােৰ কি কি? 

What are the characteristics of a good test? 

উত্তৰঃ ভাল অভীক্ষাৰ বৈশিষ্ট্যবােৰ হ’লঃ

(১) ব্যৱহাৰিক বৈশিষ্ট্য

(২) কাৰিকৰী বৈশিষ্ট্য

7. বৈধতা কি ? সংজ্ঞা দিয়া। 

What is validity ? Define?

উত্তৰঃ বৈধতা হ’ল ভাল অভীক্ষা এটাৰ প্ৰধান কাৰিকৰী গুণ । কিছুমান নিৰ্দিষ্ট উদ্দেশ্য বা সংলক্ষণ জুখিবৰ বাবে অভীক্ষাবোৰ প্ৰস্তুত কৰা । যদি অভীক্ষাটোৱে জুখিব  বিচৰা সংলক্ষণটো পাৰে তেন্তে সেই অভীক্ষাটোক বৈধ বোলে ।     

৪ . বৈধতাৰ বৈশিষ্ট্যবােৰ লিখা।

 Write the characteristics of validity.

উত্তৰঃ বৈধতাৰ বৈশিষ্ট্যবােৰ হ’লঃ

(১) অভীক্ষা বা পৰিমাপণৰ সঁজুলিৰ এক প্ৰয়োজনীয় গুণ বা সংলক্ষণ হ’ল বৈধতা ।

(২) বৈধতা অভীক্ষাৰ উদ্দেশ্য বা বিষয়বস্তুৰ লগত সম্বন্ধযুক্ত ।

(৩) বৈধতা হ’ল অভীক্ষাৰ সত্যবাদিত, শুদ্ধতা বা যথাৰ্থতাৰ প্ৰতীক ।

(৪) কোনো  এক বিশেষ পৰিস্থিতিত বৈধ নহলেও আন এক পৰিস্থিতিত অভীক্ষা এটা বৈধ হবও পাৰে ।

(৫) নমুনা দলৰ পৰিপ্ৰেক্ষিতহে কোনো এক অভীক্ষাৰ বৈধতা বিচাৰ কৰা হয় ।

 9. বৈধতাৰ ওপৰত প্ৰভাৱ পেলােৱা কাৰবােৰ আলােচনা কৰা। 

Discuss about the factors affecting validity. 

উত্তৰঃ বৈধতাৰ ওপৰত প্ৰভাৱ পেলােৱা কাৰবােৰ হ’লঃ

(১) অস্পষ্ট নির্দেশনা (Unclear Direction) :

অভীক্ষা এটা কাৰ্যকৰী কৰিবলৈ দিয়া নিৰ্দেশনা যদি অভীক্ষার্থীয়ে স্পষ্টকৈ বুজি নাপায় বা বুজিবলৈ সক্ষম নহয়, তেন্তে তেওঁলোকে অভীক্ষাত সফলতাৰে প্ৰতিক্ৰিয়া প্ৰদান কৰিব নোৱাৰিব। ই অভীক্ষাৰ বৈধতাতে প্ৰভাৱ পেলায়।

(২) সাংস্কৃতিক প্রভাব ( Cultural Influence) :

বৈধতাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰা আন এক কাৰক হ’ল সাংস্কৃতিক কাৰক। এই ক্ষেত্ৰত অধ্যাপক ৰেমাৰ্চ জেজ (Prof. Remmers Gage) আৰু কমেলে (Rummel) গৱেষণাৰ জৰিয়তে মত প্ৰকাশ কৰিছে। যে ব্যক্তি এজনৰ সাংস্কৃতিক জীৱনে ব্যক্তিজনৰ সাধাৰণ মানসিক সামৰ্থৰ ওপৰতো প্ৰভাৱ পেলায়। গতিকে ব্যক্তিৰ মাজত থকা সাংস্কৃতিক বৈষম্যই অভীক্ষাৰ বৈধতাত প্ৰভাৱ পেলাব পাৰে বুলি নিসন্দেহে ধাৰণা কৰিব পাৰি।

(৩) নিৰ্ধাৰিত উত্তৰৰ সমষ্টি (Response Sits) :

কেতবোৰ অভীক্ষাৰ প্ৰশ্নপদৰৰ লগত বিকল্প উত্তৰবোৰ নিৰ্ধাৰণ কৰি দিয়া থাকে। বহু ক্ষেত্ৰত দেখা যায় যে এই নিৰ্ধাৰিত বিকল্প উত্তৰবোৰৰ সমষ্টিয়ে এজন ব্যক্তিৰ প্ৰাপ্তাংকৰ ওপৰত প্ৰভাৱ পেলায়। এই নিৰ্ধাৰিত উত্তৰৰ সমষ্টিয়ে আগ্রহ, মনোভাৱ, প্ৰৱণতা, ব্যক্তিত্ব আৰু মান নিৰূপক কাঠীৰ পৰিমাপণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰে। মনোবৈজ্ঞানিক অভীক্ষাবোৰত ব্যৱহৃত কেতবোৰ উত্তৰৰ সমষ্টি হ’ল— (i) ‘True’, ‘Yes’, ‘Agree’ ৰ কোনটো কোনো এটা নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰ হ’ব লাগে কব লাগে। (ii) ‘Uncertain’, ‘Indifferent’, ৰ কোনটো হ’ব লাগে।

 এনেধৰণৰ নিৰ্ধাৰিত উত্তৰৰ সমষ্টিবোৰে অভীক্ষাৰ যৌক্তিক আৰু ভৱিষ্যত বৈধতা কমাই আনে আৰুব্যক্তিগত বৈষম্যৰ পৰিমাণো হ্রাস কৰে।

(৪) বৈধতাৰ জোখতকৈ অধিক নিৰ্ভৰযোগ্যতা (Excessive Reliability at the Expanses of validity):

কিছু ক্ষেত্ৰত দেখা যায় যে নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিবৰ বাবে অভীক্ষাত প্রশ্নপদ বঢ়াই দিয়া হয়। উদাহৰণস্বৰূপে গণিতৰ মৌখিকৰ কম দক্ষতাৰ সমস্যা এটা সমাধান কৰিবৰ বাবে যথেষ্ট সংখ্যক প্রশ্নপদ অভীক্ষাত অন্তর্ভূক্ত কৰিলে। এই ক্ষেত্ৰত দেখা যায় যে মুখস্থ স্মৃতিৰ দ্বাৰা দক্ষতা আয়ত্ব কৰা শিক্ষার্থী জনৰ প্রাপ্তাংক মৌখিক সমস্যা সমাধানৰ উচ্চ সামর্থ্য থকা কিন্তু মুখস্থ কৰিব পৰা দক্ষতা কম থকাজনৰ প্ৰাপ্তাংকতকৈ = বেছি হ’ব। এনে ক্ষেত্ৰত অভীক্ষাৰ নিৰ্ভৰ যোগ্যতা বাঢ়িলেও বৈধতাৰ পৰিমান কমিব।

10 . ভাল অভীক্ষা এটাৰ বৈধতা কেনেকৈ নিৰূপন কৰিব পাৰি?

How will determine validity of a good test?

উঃ 

11. বৈধতাৰ বিভিন্ন প্রকাৰবােৰ আলােচনা কৰা। 

Discuss about the different types of validity.

উঃ বৈধতাৰ বিভিন্ন প্ৰকাৰ সমূহ হ’লঃ

১।  ব্যাপক দৃষ্টিকোণৰ ফালৰ পৰা  বৈধতাক দুটা ভাগত বিভক্ত কৰিব পাৰি । সেইকেইটা হ’লঃ 

(১) যুক্তিযুক্ত বা বিচাৰকৰণ বৈধতাঃ

সাধাৰণ যুক্তিযুক্ততা আৰু বিচাৰৰদ্বাৰা এই বৈধতা নির্ণয় কৰা হয়। এই বৈধতাৰ ভাগ বোৰ হ’ল–আপাত বৈধতা, বিষয়বস্তু বৈধতা আৰু ধাৰণা বৈধতা।

(১) আপাত বৈধতাঃ

আপাত বৈধতা হ’ল আটাইতকৈ সাধাৰণ প্ৰকাৰৰ বৈধতা। আপাত বৈধতা মানে হ’ল অভীক্ষা এটাই জুখিব বিচৰা সংলক্ষণটো জুখিব পৰাৰ এক অৱস্থা। যদিও আপাত বৈধতা থকা অভীক্ষা এটাৰ আন কোনো গুণ নাথাকিব পাৰে তথাপিও ই অভীক্ষাৰ এটা প্ৰয়োজনীয় গুণ। অভীক্ষাৰ্থীৰ বয়স আৰু অভীক্ষাৰ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি প্রশ্নপদ গঠন কৰিলে অভীক্ষাৰ আপাত বৈধতা বৃদ্ধি পায়।

(২) বিষয়বস্তু বৈধতাঃ

সাধাৰণতে শিক্ষামূলক কাৰ্যৰ লগত জড়িত অভীক্ষাৰ ক্ষেত্ৰত বিষয়বস্তু মূলক বৈধতা প্রয়োগ কৰা হয়। যি বিষয় আৰু যি উদ্দেশ্যৰ ভিত্তিত অভীক্ষা এটা গঠন কৰা হয় সেই দিশ দুটা যদি কোনো এক অভীক্ষাই সামৰি ল’ব পাৰে তেনে অভীক্ষাকে বিষয়বস্তু বৈধতাৰ অভীক্ষা বোলা হয়। অর্থাৎ যিমানে শিক্ষামূলক অভীক্ষা এটাৰ প্ৰশ্নকাকত এখনে সম্পূর্ণ পাঠ্যক্ৰমখনক প্রতিনিধিত্ব কৰিব সিমানে প্রশ্নকাকত থকা অভীক্ষাটোৰ বৈধতা বাঢ়িব।

(৩) ধাৰণা বিষয়ক বৈধতাঃ

ধাৰণা বিষয়ক বৈধতাই কোনো এক অভীক্ষাৰ বিভিন্ন বিষয়, বস্তু সম্বন্ধে মানুহৰ মনত বিকশিত হোৱা ধাৰণাক সূচায়। উদাহৰণস্বৰূপে উৎকণ্ঠা (Anxiety) ৰ অভীক্ষা এটা তৈয়াৰ কৰি ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠাৰ বিষয়ে জানিব পাৰি আকৌ বিভিন্ন বিশেষজ্ঞ ব্যক্তিৰ মন্তব্যৰ পৰাও ছাত্ৰ-ছাত্ৰীৰ উৎকণ্ঠা সম্বন্ধে জানিব পৰা যায়। উৎকণ্ঠাৰ অভীক্ষাৰ ফলাফল আৰু বিশেষজ্ঞসকলে প্ৰদান কৰা মতামতৰ ভিত্তিত ধাৰণা বিষয়ক বৈধতা নিৰ্ণয় কৰিব পাৰি। আন্নে এনাচটাচী (Anne Anastasi) ৰ মতে, “কোনো অভীক্ষাৰ ধাৰণা বিষয়ক বৈধতাই নির্মাণকাৰীয়ে দিয়া সংজ্ঞা আৰু ব্যাখ্যা মতে কোনো মানসিক প্রক্রিয়া বা ব্যক্তিত্ব সংলক্ষণ কিমান দূৰ জুখিব পাৰিছে তাকে প্ৰকাশ কৰে”। ধাৰণা বিষয়ক বৈধতা নিৰ্ণয়ৰ বাবে দীর্ঘদিন ধৰি বিভিন্ন উৎসৰ পৰা তথ্য সংগ্রহ কৰিব লাগে। এই তথ্যসমূহে ধাৰণা বিষয়ক বৈধতা নির্ণয়ত সহায় কৰে। ধাৰণা বিষয়ক বৈধতা নিৰ্ণয় কৰাটো এক জাতল কাম। বিভিন্ন ধৰণৰ পদ্ধতিগত কার্য সম্পাদন আৰু সূক্ষ্ম বিচাৰ বিবেচনাৰ সহায়তহে এই বৈধতা বিচাৰ কৰিব পৰা যায়।

(২) পৰীক্ষা নিৰ্ভৰ বা নিৰ্ণায়ক বৈধতা (Empirical or Criterion Validity) : বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ সহায়ত এই বৈধতা নিৰ্ণয় কৰা হয়। ভৱিষ্যত বৈধতা আৰু সহগামী বৈধতা এই  বৈধতা নিৰ্ণয় কৰা হয়ঃ

(১) ভবিষ্যত বৈধতাঃ

ভৱিষ্যৎ বৈধতা হৈছে এক প্ৰকাৰৰ পৰীক্ষা নিৰ্ভৰ বৈধতা। কোনো এক অভীক্ষাৰ ভৱিষ্যৎবাণীৰ লগত এই অভীক্ষা সম্বন্ধযুক্ত। ভৱিষ্যৎ বৈধতাৰ সহায়ত কোনো এক অভীক্ষাই কিমান সঠিকভাৱে অভীক্ষার্থীর কোনো ভৱিষ্যৎ আচৰণৰ ধাৰণা দিব পাৰে তাকে সূচায়। মনোবিদ এফ. এচ. ফ্রিমেন (F. S. Freemany মতে এটা অভীক্ষাই কিমান সঠিকভাৱে অভীক্ষাৰ্থীৰ কোনো ভৱিষ্যৎ আচৰণ বা পাৰদৰ্শিতাৰ ধাৰণা দিব পাৰে তাক সূচাবলৈ যি বৈধতা নির্ণয় কৰা হয় তাকে ভৱিষ্যৎ বৈধতা বোলা হয়। 

(৫) সহগামী বৈধতাঃ

সহগামী বৈধতাত অন্য উৎসৰ নিৰ্ণায়ক মানৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। কোনো এক অভীক্ষাৰ্থীৰ দলৰ ওপৰত প্ৰয়োগ কৰি লাভ কৰা অভীক্ষা এটাৰ প্ৰাপ্তাংকনসমূহ যদি বাহ্যিক নিৰ্ণায়কৰ প্ৰাপ্তাংকসমূহৰ লগত তুলনা কৰি সহঃসম্বন্ধ গুণাংক নির্ণয় কৰা হয় তেন্তে অভীক্ষাৰ তেনে বৈধতাক সহগামী বৈধতা বোলা হয়। এই প্ৰকাৰৰ বৈধতাত কোনো এটা অভীক্ষা প্ৰয়োগ কৰি অভীক্ষাৰ্থীসকলে লাভ কৰা নম্বৰ বা প্রাপ্তাংকবোৰ আগতে প্ৰয়োগ কৰা আন অভীক্ষাৰ মানৰ লগত তুলনা কৰা হয়।

12 . নিৰ্ভৰযােগ্যতা কি ? ইয়াৰ বৈশিষ্ট্যবােৰ লিখা।

What is reliability ? Write its characteristics?

উঃ ভাল অভীক্ষাৰ  এক কাৰিকৰী বৈশিষ্ট্য় হ’ল নিৰ্ভৰযোগ্যতা ।

বৈশিষ্ট্যবােৰ হ’লঃ

(i) নিৰ্ভৰযোগ্যতা মানে হ’ল কোনো এক অভীক্ষাৰ মানাংকবোৰৰ সংগতি। 

(ii) নিৰ্ভৰযোগ্যতা হ’ল বৈধতাৰ বাবে এক প্ৰয়োজনীয় চৰ্তবিশেষ।

(iii) প্রতিমানীকৃত অভীক্ষাৰ এক গুৰুত্বপূৰ্ণ গুণ হ’ল নিৰ্ভৰযোগ্যতা। (iv) কম বেছি পৰিণাণে সকলোবোৰ অভীক্ষাৰ নিৰ্ভৰযোগ্যতা থাকে যাৰ ওপৰত ভিত্তি কৰি অভীক্ষা এটাক কম উপযোগী আৰু বেছি উপযোগীস্বৰূপে বিবেচনা কৰা হয়।

(v) সাধাৰণতে সহঃসম্বন্ধ গুণাংক নিৰ্ণয়ৰ দ্বাৰা অভীক্ষাবোৰৰ নিৰ্ভৰযোগ্যতাৰ মান নির্ণয় কৰা হয়।

(vi) নিৰ্ভৰযোগ্যতাই অভীক্ষাবোৰ সফলতা বিকশাই তোলে আৰু ফলাফলত বিশ্বাস আনি দিয়ে।

13. অভীক্ষাৰ নিৰ্ভৰযােগ্যতাত প্ৰভাৱ পেলােৱা কাৰকসমূহ লিখা।

 Enumerate the factors that affect the reliability of a test. 

উঃ  অভীক্ষাৰ নিৰ্ভৰযোগ্যতাৰ ওপৰত বিভিন্ন কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। সেই কাৰকবোৰ হ’ল— 

(১) বিৰতি (Interval)

(২) অভীক্ষাৰ দৈৰ্ঘ (Length of the test) 

(৩) পূর্ব-অভিজ্ঞতা (Past Experience)

(8) নির্দেশনা (Instruction)

(৫) নমুনা দলৰ ক্ষেত্ৰত থকা ব্যক্তিগত বৈষম্য (Individual difference in the sample) 

(৬) অনুমান (Guessing):

(৭) পৰিৱেশ (Environment):

(৮) অভীক্ষাৰ্থীৰ ব্যক্তিগত বৈশিষ্ট্য (Personal Characteristics of the Examinee) : 

(৯) প্রাপ্তাংকৰ বস্তুনিষ্ঠতা (Objectivity in Scoring) : 

(১০) প্রশ্নপদৰ জটিলতা (Difficulty of the Items):

14. প্রতিমানীকৃত অভীক্ষা এটাৰ নিৰ্ভৰযােগ্যতা নির্ণয়ৰ বিভিন্ন পদ্ধতিসমূহ আলোচনা কৰা।

Discuss the different procedures for determining the reliability of a standardized test.

উঃ

15. বৈধতাৰ লগত নিৰ্ভৰযােগ্যতা কেনেদৰে সম্বন্ধযুক্ত? 

How is reliability related to validity?

উঃ

16.অভীক্ষাৰ বস্তুনিষ্ঠতা মানে কি? 

What is objectivity of a test? 

উঃ

17. অভীক্ষা বস্তুনিষ্ঠ হােৱাৰ প্রয়ােজনীয় চৰ্তবােৰ আলােচনা কৰা।

Discuss the conditions necessary for objectivity of a test.

উঃ

18. মানদণ্ড কি ? ইয়াৰ তিনিটা বৈশিষ্ট্য লিখা।

What is Norms ? Write its three characteristics.

উঃ

19. বয়স মানদণ্ড আৰু শ্রেণীমানদণ্ডৰ মূল পার্থক্য কি? 

What is main difference between age norms and grade norms.

উঃ

20. অভীক্ষাৰ মানদণ্ড নির্ণয়ৰ চৰ্তবােৰ কি কি? 

What are the conditions to determine norms of a test? 

উঃ

21. মানদণ্ড নির্ণয় পদ্ধতিবােৰ আলােচনা কৰা। 

Discuss the methods of estimating norms. 

উঃ

22. মানদণ্ডৰ প্ৰকাৰবােৰ আলােচনা কৰা।

 Discuss the types of Norms.

উঃ

23. চমু টোকা লিখা? 

Write notes on: 

( ক ) পৰিৱৰ্তনশীল ভুল।

 Variable Error

( খ ) ভাল অভীক্ষাৰ কাৰিকৰী লক্ষণ 

Technical Qualities of good test

( গ ) ভাল অভীক্ষাৰ ব্যৱহাৰিক লক্ষণ । 

Practical qualities of good test 

( ঘ ) বিষয়বস্তু বৈধতা 

Content validity

(ঙ) ভৱিষ্যৎ বৈধতা

Predictive 

(চ)  সহগামী বৈধতা

Concurrent validity

(ছ) পৰীক্ষণ-পুনঃ পৰীক্ষণ নিৰ্ভৰযোগ্যতা 

Test. Retest reliability

(জ) খণ্ডিতাৰ্ধ নিৰ্ভৰযোগ্যতা

Split Half Reliabilty

(ঝ) বয়স মানদণ্ড 

Age Norm

(ঞ) টি-মানাংক

T-Score

Type: Ankur Raj Deka 

পৰিমাণৰ সঁজুলিসমূহৰ অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰঃ