Chapter 5 –
ভক্ত প্ৰহ্লাদ
১। উত্তৰ দিয়া।
(ক) ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা।
উত্তৰঃ ‘ভক্ত প্ৰহ্লাদ’ নাটিকাখনৰ মুখ্য চৰিত্ৰসমূহ হ’ল—
১) হৰি — ত্ৰিজগতৰ ত্ৰাণকৰ্তা আৰু ভক্তবৃন্দৰ উপাস্য দেৱতা।
২) হিৰণ্যকশিপু — দৈত্যৰাজ আৰু হৰিৰ চিৰবৈৰী।
৩) প্ৰহ্লাদ — হিৰণ্যকশিপুৰ পুত্ৰ আৰু ভগৱান হৰিৰ একান্ত ভক্ত।
৪) ষণ্ড আৰু অমৰ্ক — দৈত্যগুৰু।
৫) মহাৰাণী — হিৰণ্যকশিপুৰ পত্নী তথা দৈত্যৰাণী।
(খ) নাটিকাখনি কেইটা দৃশ্যত বিভক্ত?
উত্তৰঃ নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত।
(গ) প্ৰহ্লাদৰ পিতৃৰ নাম কি?
উত্তৰঃ প্ৰহ্লাদৰ পিতৃৰ নাম হিৰণ্যকশিপু।
(ঘ) হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম কি আছিল?
উত্তৰঃ হিৰণ্যকশিপুৰ ভ্ৰাতৃৰ নাম আছিল হিৰণ্যাক্ষ।
(ঙ) হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল?
উত্তৰঃ হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত আৰু অটল ভক্তি আছিল।
(চ) প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল?
উত্তৰঃ প্ৰহ্লাদক অসুৰৰ শাস্ত্ৰজ্ঞান দিবলৈ দৈত্যগুৰু শুক্ৰাচাৰ্যৰ দুই পুত্ৰ ষণ্ড আৰু অমৰ্কক নিযুক্তি দিয়া হৈছিল।
(ছ) ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল?
উত্তৰঃ ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল।
(জ) স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি?
উত্তৰঃ স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম নৰসিংহ।
(ঝ) অসুৰৰ শাস্ত্ৰখনৰ নাম কি?
উত্তৰঃ অসুৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ।
২। লিখা।
(ক) “কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ? তোমাৰ কাষত আহি মই ৰৈছোঁহি, তুমি গমেই পোৱা নাইনে?” — এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল? সেই সময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ আছিল?
উত্তৰঃ এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভ্ৰাতৃয়ে প্ৰহ্লাদক কৈছিল। সেই সময়ত প্ৰহ্লাদ সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ কথা চিন্তা কৰি তন্ময় হৈ আছিল।
(খ) স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্যসৱৰ কেনে অৱস্থা হৈছিল?
উত্তৰঃ স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক ধৰি নিজৰ উৰুৰ ওপৰত বহুৱাই নখেৰে বুকু বিদাৰি বধ কৰিছিল। তেওঁৰ ভয়ংকৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈ পৰিছিল।
৩। চমুকৈ লিখা।
(ক) প্ৰহ্লাদে হৰিভক্তিৰ মহিমাৰ বিষয়ে দেখুওৱা যুক্তিবোৰ একাদিক্ৰমে লিখা।
উত্তৰঃ প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি, সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু ত্ৰাণকৰ্তা বুলি বিশ্বাস কৰিছিল। তেওঁৰ মতে হৰি সকলোৰে প্ৰভু আৰু তেওঁ সৰ্বত্ৰ বিদ্যমান। আকাশ, বতাহ, পানী, পৃথিৱী আদি সকলোতে হৰিৰ অস্তিত্ব আছে। প্ৰহ্লাদে কৈছিল— “ৰাখে হৰি মাৰে কোনে”; অৰ্থাৎ হৰিয়ে যাক ৰক্ষা কৰে, তাক আন কোনেও মাৰিব নোৱাৰে। এইদৰে প্ৰহ্লাদে হৰিৰ অসীম শক্তি আৰু ভক্তিৰ মহিমা প্ৰকাশ কৰিছিল।
(খ) বামানয় শাস্ত্ৰজ্ঞান ল’বলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল?
উত্তৰঃ বামানয় শাস্ত্ৰ হৰিভক্তিৰ বিৰোধী আছিল। প্ৰহ্লাদে ইতিমধ্যে পৰমপিতা হৰিৰ শ্ৰীচৰণত নিজকে সমৰ্পণ কৰিছিল। সেয়েহে হৰিবিৰোধী শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ আপত্তি কৰিছিল।
(গ) হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুৱে কিয় কৈছিল?
উত্তৰঃ হিৰণ্যকশিপুৰ ভ্ৰাতৃ হিৰণ্যাক্ষক ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ধৰি বধ কৰিছিল। সেইবাবে হিৰণ্যকশিপুৱে হৰিক দৈত্যবংশৰ চিৰবৈৰী বুলি গণ্য কৰিছিল।
(ঘ) পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকূতি কৰিছিল?
উত্তৰঃ পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কাকূতি কৰি কৈছিল— “হে হৰি, আমাৰ সকলোকে শুভবুদ্ধি দি ৰক্ষা কৰক আৰু মোৰ পিতৃৰ দোষ মাৰ্জনা কৰক।”
(ঙ) ষণ্ড আৰু অমৰ্কই প্ৰহ্লাদক বামানয় শাস্ত্ৰজ্ঞান দিবলৈ কি কি বুজনি দিছিল?
উত্তৰঃ ষণ্ড আৰু অমৰ্কই প্ৰহ্লাদক বুজাইছিল যে তেওঁ দৈত্যবংশৰ ৰাজকুমাৰ। সেয়েহে তেওঁৰ কণ্ঠত হৰিনাম বা দেৱতাৰ জয়গান শোভা নাপায়। তেওঁলোকে প্ৰহ্লাদক হৰিভক্তি ত্যাগ কৰি দৈত্যবংশৰ নীতি আৰু পৰম্পৰাৰ শিক্ষা থকা বামানয় শাস্ত্ৰ অধ্যয়ন কৰিবলৈ কৈছিল।
(চ) প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল?
উত্তৰঃ প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল, কাৰণ বামানয় শাস্ত্ৰ হৰিভক্তিৰ বিৰোধী আছিল। প্ৰহ্লাদ হৰিৰ একান্ত ভক্ত আছিল আৰু তেওঁ পৰমপিতা হৰিৰ শ্ৰীচৰণত সম্পূৰ্ণৰূপে শৰণ লৈছিল।
৪। ব্যাখ্যা কৰা।
“ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হ’ল এক গৌৰৱময় সংযোজন।”
উত্তৰঃ ভাৰতীয় ভক্তি-সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম। নিজ পিতৃৰ কঠোৰ বাধা-নিষেধক আওকাণ কৰি তেওঁ সদায় সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দিছিল আৰু পৰমেশ্বৰ হৰিৰ মাহাত্ম্য শ্ৰৱণ-কীৰ্তন কৰিছিল। শাৰীৰিক আৰু মানসিক সকলো নিৰ্যাতন সহ্য কৰিও তেওঁ হৰিভক্তিৰ পথ ত্যাগ কৰা নাছিল। সেয়েহে প্ৰহ্লাদ নিষ্ঠা, বিশ্বাস, বিনয় আৰু অটল ভক্তিৰ প্ৰতীক। তেওঁ পিতৃৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি সত্যৰ পথত অটল হৈ আছিল। এই কাৰণেই ভাৰতীয় ভক্তিধাৰাৰ ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী এক গৌৰৱময় সংযোজন বুলি কোৱা হয়।
৫। “মোৰ বিনাশ, হাঃ হাঃ হাঃ। বোধ কৰোঁ কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে। আনহাতে, মোৰ মৃত্যু দিনৰ ভাগতো নহয় আৰু ৰাতিও নহয়। সেয়েহে মই নিশ্চিত, সহজে নহয় মোৰ বিনাশ।” — এই সংলাপটো কোনে কাক কৈছে?
উত্তৰঃ এই সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিল।
ব্যৱহাৰিক ব্যাকৰণ
৬। তলৰ সমাসযুক্ত পদসমূহৰ ব্যাসবাক্য লিখা।
ত্ৰিভুৱন, হতাহতি, পৰ্বতগম্ভীৰ, ত্ৰিজগত, সিংহাসন
| ক্ৰমিক | সমস্ত পদ | ব্যাসবাক্য |
|---|---|---|
| (ক) | ত্ৰিভুৱন | তিনি ভুৱনৰ সমাহাৰ |
| (খ) | হতাহতি | পৰস্পৰে হাতে হাতে কৰা যুঁজ |
| (গ) | পৰ্বতগম্ভীৰ | পৰ্বতৰ নিচিনা গম্ভীৰ |
| (ঘ) | ত্ৰিজগত | তিনি জগতৰ সমাহাৰ |
| (ঙ) | সিংহাসন | সিংহখচিত আসন |
৭। এটা শব্দত প্ৰকাশ কৰি লিখা।
(ক) যাৰ সাহস আছে — সাহসী।
(খ) যি ঈশ্বৰক বিশ্বাস কৰে — আস্তিক।
(গ) যি বিষ্ণুক উপাসনা কৰে — বৈষ্ণৱ।
(ঘ) একে মাকৰ সন্তান — সহোদৰ।
(ঙ) যি সঁচা কথা কয় — সত্যবাদী।
(চ) যাক দেখা নাযায় — অদৃশ্য।
৮। বাক্য ৰচনা কৰা।
চিৰবৈৰী — হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল।
হিংসা-দ্বেষ — দেৱতা আৰু অসুৰসকলৰ মাজত হিংসা-দ্বেষ দেখা গৈছিল।
আকাশ-পাতাল — নৰসিংহৰ ভয়ংকৰ গৰ্জনত আকাশ-পাতাল কম্পমান হৈ উঠিছিল।
গৰিমা — হৰিভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ সন্মুখীন হ’বলৈ সাহস দিছিল।
চালে চকুৰোৱা — পদুমফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰোৱা হৈ পৰিছে।
শয়নে-সপোনে — প্ৰহ্লাদে শয়নে-সপোনে হৰিক স্মৰণ কৰিছিল।
৯। চমু উত্তৰ দিয়া।
(ক) ষণ্ড আৰু অমৰ্কৰ পিতৃৰ নাম কি?
উত্তৰঃ ষণ্ড আৰু অমৰ্কৰ পিতৃৰ নাম আছিল দৈত্যগুৰু শুক্ৰাচাৰ্য।
(খ) বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল?
উত্তৰঃ বিষ্ণুৱে প্ৰধানকৈ দহটা অৱতাৰ ধাৰণ কৰিছিল।
(গ) বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি?
উত্তৰঃ বিষ্ণুৰ চতুৰ্থ অৱতাৰটো হ’ল নৰসিংহ অৱতাৰ।
(ঘ) বামানয় শাস্ত্ৰ কি?
উত্তৰঃ বামানয় শাস্ত্ৰ বেদবিৰোধী শাস্ত্ৰ। দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বোলা হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post