Might Learn Logo Might Learn Shop Might Learn

SCERT Class 8 Assamese Chapter 15 Answer 2026 | Class 8 Assamese Chapter 15 Question And Answer Solution By SEBA Teachers শিশু-লীলা ।

Chapter 15 –

শিশু লীলা

১। উত্তৰ দিয়া।

(ক) ‘শিশু-লীলা’ ঘোষাটি কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘শিশু-লীলা’ ঘোষাটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰিছিল।

(খ) ‘শিশু-লীলা’ত কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘শিশু-লীলা’ত শিশু শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

(গ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল?
উত্তৰঃ শিশু কৃষ্ণই বলোৰামকে আদি কৰি সমনীয়া গোপবালকসকলৰ লগত খেলিছিল।

(ঘ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?
উত্তৰঃ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল।

(ঙ) গোপশিশুসকলে যশোদাক কি গোচৰ দিছিল?
উত্তৰঃ গোপশিশুসকলে যশোদাক কৃষ্ণই মাটি খোৱা বুলি গোচৰ দিছিল।

(চ) গোপবালকসকলৰ কথা শুনি যশোদাই কি কৰিলে?
উত্তৰঃ গোপবালকসকলৰ কথা শুনি যশোদাই কৃষ্ণৰ ওচৰলৈ গৈ কিয় মাটি খালে বুলি খঙেৰে সুধিলে আৰু কোবাই ছাল ফালি দিব বুলি ধমক দিলে। কৃষ্ণই মাটি খোৱা নাই বুলি কোৱাত যশোদাই মুখ মেলি দেখুৱাবলৈ ক’লে। কৃষ্ণই মুখ মেলোঁতেই যশোদাই তেওঁৰ মুখৰ ভিতৰত সমগ্ৰ জগতখন দেখি বিস্মিত হ’ল।

(ছ) ‘বলাই’ বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি?
উত্তৰঃ ‘বলাই’ বুলি বলোৰামক কোৱা হৈছে। বলোৰাম কৃষ্ণৰ জ্যেষ্ঠ ভাতৃ অৰ্থাৎ ককায়েক।

২। কোনে, কাক, কিয় কৈছিল লিখা।
(ক) “কেনে মাটি খাইলি অৰে গোপাল।

কোবাই আজি তোৰ ফাৰিবো ছাল।।”

উত্তৰঃ উক্ত কথাফাঁকি মাতৃ যশোদাই শিশু কৃষ্ণক কৈছিল। গোপবালকসকলে কৃষ্ণই মাটি খোৱা বুলি যশোদাৰ ওচৰত অভিযোগ দিয়াত যশোদাই কৃষ্ণৰ ওচৰলৈ আহি খঙেৰে এই কথাষাৰ কৈছিল।

(খ) “মাতন্ত কৃষ্ণে যশোদাক চাই।

মিছা মাতে সৱে শুনিয়ো আই।।”

উত্তৰঃ উক্ত কথাফাঁকি শিশু কৃষ্ণই মাতৃ যশোদাক কৈছিল। যশোদাই কৃষ্ণক মাটি খোৱাৰ বাবে ধমক দিয়াত কৃষ্ণই লগৰীয়া গোপবালকসকলে মিছাকৈ অভিযোগ কৰা বুলি কৈ এই কথাষাৰ কৈছিল।

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা।
“যশোদা সুন্দৰী দেখন্ত পাছে।

সমস্ত জগত গৰ্ভতে আছে।।”

উত্তৰঃ উদ্ধৃত পদফাকি আমাৰ পাঠ্যপুথি ‘অংকুৰণ’ৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ‘শিশু-লীলা’ পাঠটোৰ পৰা লোৱা হৈছে।

শিশু কৃষ্ণই মাটি খোৱা প্ৰসংগত এই পদফাকিৰ অৱতাৰণা কৰা হৈছে।

কৃষ্ণই সমনীয়া গোপবালকসকলৰ লগত খেলি থাকোঁতে মাটি খাইছিল। গোপবালকসকলে এই কথা যশোদাৰ আগত গোচৰ দিলে। যশোদাই কৃষ্ণক কিয় মাটি খালে বুলি ধমক দিয়াত কৃষ্ণই মাটি খোৱা নাই বুলি ক’লে আৰু লগৰীয়াসকলক মিছলীয়া বুলি অভিহিত কৰিলে। তেতিয়া যশোদাই মুখ মেলি দেখুৱাবলৈ ক’লে। কৃষ্ণই মুখ মেলোঁতেই যশোদাই তেওঁৰ মুখগহ্বৰৰ ভিতৰত সমস্ত জগত দেখিবলৈ পালে। এই অলৌকিক দৃশ্য দেখি যশোদা বিস্মিত হ’ল। এই ঘটনাৰ জৰিয়তে কৃষ্ণৰ ঐশ্বৰিক স্বৰূপ প্ৰকাশ পাইছে।

৪। খালী অংশত শব্দ ভৰোৱা।
(ক)

যত গোপ শিশু বলাই আদি।
সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।
যশোদাৰ আগে দিলেক খল।
খাইলন্ত কৃষ্ণে মাটি একদল।।

(খ)

শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাৱক চান্ত।।
ভয়তে যেন কাম্পৈ হাত-ভৰি।
যশোদা দেখে পুত্ৰ গৈল ডৰি।।

৫। ‘শিশু-লীলা’ৰ কথাখিনি গদ্যৰূপত লিখা।

উত্তৰঃ শিশু কৃষ্ণই ব্ৰজধামত ককায়েক বলোৰাম আৰু সমনীয়া গোপবালকসকলৰ লগত খেলি আছিল। খেলি থাকোঁতে কৃষ্ণই মাটি খালে। এই কথা গোপবালকসকলে মাতৃ যশোদাৰ আগত গোচৰ দিলে।

গোপবালকসকলৰ কথা শুনি যশোদাই কৃষ্ণৰ ওচৰলৈ আহি তেওঁৰ হাতত ধৰিলে আৰু কিয় মাটি খালে বুলি ধমক দিলে। তেওঁ কৃষ্ণক কোবাই ছাল ফালি দিব বুলিও ক’লে। মাকৰ ধমক শুনি কৃষ্ণ ভয় খাই হাত-ভৰি কঁপিবলৈ ধৰিলে আৰু মাকৰ ফালে কেৰাহিকৈ চালে।

কৃষ্ণই যশোদাক ক’লে যে তেওঁ মাটি খোৱা নাই; বলোৰাম আৰু লগৰীয়াসকলে মিছা কথা কৈছে। তেতিয়া যশোদাই কৃষ্ণক মুখ মেলি দেখুৱাবলৈ ক’লে। কৃষ্ণই মুখ মেলোঁতেই যশোদাই তেওঁৰ মুখৰ ভিতৰত সমগ্ৰ জগত দেখিবলৈ পালে আৰু বিস্ময়ত হতবাক হৈ ৰ’ল। এই ঘটনাই শিশু কৃষ্ণৰ অলৌকিক আৰু ঐশ্বৰিক স্বৰূপ প্ৰকাশ কৰে।

৬। তলৰ পদকেইফাকি আধুনিক অসমীয়া গদ্য ৰূপত লিখা।
(ক) “যত গোপ শিশু বলাই আদি।

সৱে ভৈল গৈয়া কৃষ্ণৰ বাদী।।”

উত্তৰঃ বলোৰামকে আদি কৰি যিমান গোপশিশু আছিল, সকলোৱে গৈ কৃষ্ণৰ বিৰুদ্ধে অভিযোগকাৰী হ’ল।

(খ) “শুনিয়া কৃষ্ণৰ হৰিল মাত।

চক্ষু টেৰ কৰি মাৱক চান্ত।।
ভয়তে যেন কাম্পৈ হাত-ভৰি।
যশোদা দেখে পুত্ৰ গৈল ডৰি।।”

উত্তৰঃ যশোদাৰ কথা শুনি কৃষ্ণৰ মুখৰ মাত হৰিল। তেওঁ কেৰাহিকৈ মাকৰ ফালে চালে। ভয়তে তেওঁৰ হাত-ভৰি কঁপিবলৈ ধৰিলে। যশোদাই দেখিলে যে পুতেক ভয় খাইছে।

ব্যৱহাৰিক ব্যাকৰণ
৭। তলৰ শব্দবোৰৰ আধুনিক অসমীয়া ৰূপ লিখা।

হাসি — হাঁহি।
চক্ষু — চকু।
মাতন্ত — মাতে / মাতিলে।
মাৱক — মাকক।
প্ৰকাশিয়া — প্ৰকাশ কৰি।
ফাৰিবো — ফালিম / ফালি দিম।
শুনিয়া — শুনি।
টেৰ — কেৰাহি / বেঁকা।
সমস্ত — গোটেই / সমগ্ৰ।
সোধন্ত — সোধে / সুধিলে।
কাম্পৈ — কঁপে।

৮। বিপৰীত অৰ্থ বা বিপৰীত লিংগ বুজোৱা শব্দ লিখা।

সুন্দৰী — কুৎসিত / অসুন্দৰী।
পুত্ৰ — পুত্ৰী / কন্যা।
ভাই — ভনী।
আই — বোপাই।
দাদা — বাইদেউ।
নাৰী — পুৰুষ।

৯। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা।

হৰি — ধৰি।
আদি — বাদী।
খল — একদল।
হাসি — আসি।
ভৰি — ডৰি।
চাই — ভাই।
মাটি — ঘাটি।
মাতি — আতি।
পাছে — আছে।
বেথা — কথা।

১০। তলৰ বাক্যবোৰ প্ৰশ্নবোধক বাক্যলৈ নিয়া।

উদাহৰণঃ নিজৰাই ভাত ৰান্ধিছে।
প্ৰশ্নঃ কোনে ভাত ৰান্ধিছে?

(ক) তেওঁলোক বাছেৰে স্কুললৈ যায়।

উত্তৰঃ তেওঁলোক কিহেৰে স্কুললৈ যায়?

(খ) আমি বল খেলি আছোঁ।

উত্তৰঃ কোনে বল খেলি আছে?

(গ) জ্বৰ উঠা বাবে বিমল স্কুললৈ যোৱা নাই।

উত্তৰঃ বিমল স্কুললৈ কিয় যোৱা নাই?

(ঘ) ৰতন দিল্লীলৈ গৈছিল।

উত্তৰঃ ৰতন ক’লৈ গৈছিল?

(ঙ) মই চাৰি বজাত ঘৰ পামহি।

উত্তৰঃ তুমি কেই বজাত ঘৰ পাবাহি?

(চ) সি গান গাই আছে।

উত্তৰঃ সি কি কৰি আছে?

১১। পাঠৰ পৰা ক্ৰিয়াপদবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ কৰন্ত, খাইলন্ত, শুনিয়া, খাইলি, ফাৰিবো, হৰিল, কাম্পৈ, সোধন্ত, চাহন্তে, চান্ত, গৈল, মাতন্ত, ধৰিলা, দিলেক, দেখন্ত আদি।

১২। একেটা শব্দৰ ভিন্ ভিন্ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য সাজা।
দল

দল — লদা বা দলি: শিশুটোৱে মাটিৰ এদল হাতত তুলি ল’লে।

দল — সমূহ বা জাক: আমাৰ বিদ্যালয়ৰ ফুটবল দলটোৱে প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিলে।

বাদী

বাদী — অভিযোগকাৰী: গোপবালকসকল কৃষ্ণৰ বিৰুদ্ধে বাদী হৈ যশোদাৰ ওচৰলৈ গ’ল।

বাদী — মোকৰ্দমা কৰা পক্ষ: আদালতত বাদীয়ে নিজৰ বক্তব্য দাঙি ধৰিলে।

ঘাটি

ঘাটি — দায়, জগৰ বা অপৰাধ: কোনো ঘাটি নথকা সত্ত্বেও মানুহজনক দোষাৰোপ কৰা হৈছিল।

ঘাটি — পহৰাৰ ঠাই বা আড্ডা: সৈন্যসকলে পাহাৰৰ ওপৰৰ ঘাটিত পহৰা দি আছিল।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects