পাঠ – ১০
অনুৰাগ আৰু চাৰমেন ক্ৰৰ মানুহবোৰ
১। উত্তৰ লিখা
ক) অনুৰাগক কিহে বৰকৈ আকৰ্ষণ কৰে?
উত্তৰঃ অসমৰ বিভিন্ন জনজাতিৰ পৰম্পৰাগত সংস্কৃতিয়ে অনুৰাগক বৰকৈ আকৰ্ষণ কৰে।
খ) অনুৰাগৰ দেউতাকে ক’ত চাকৰি কৰে?
উত্তৰঃ অনুৰাগৰ দেউতাকে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত চাকৰি কৰে।
গ) অনুৰাগে গাড়ীৰ খিৰিকিৰে কি দেখি আত্মহাৰা হৈছিল?
উত্তৰঃ সোণালী ধাননি পথাৰ, অকোৱা-পকোৱা পাহাৰীয়া বাট, অৰণ্যৰ বিশালতা, দূৰৰ পাহাৰৰ কাষত পুতলাৰ দৰে কাৰ্বি লোকসকলৰ সৰু সৰু ঘৰ আৰু মেঘে কপাহৰ জোলাৰ দৰে ঢাকি ৰখা ঝুম খেতিৰ পথাৰবোৰ গাড়ীৰ খিৰিকিৰে দেখি অনুৰাগ আনন্দত আত্মহাৰা হৈছিল।
ঘ) স্কুটাৰ চলাই অহা অনুৰাগহঁতৰ কাষ চপা ব্যক্তিজন কোন আছিল?
উত্তৰঃ স্কুটাৰ চলাই অনুৰাগহঁতৰ কাষ চপা ব্যক্তিজন আছিল ধনসিং ক্ৰ’। তেওঁ কাৰ্বি জনগোষ্ঠীৰ লোক আৰু অনুৰাগৰ দেউতাকৰ কাৰ্যালয়ৰ কাষৰ আন এটা বিভাগত কাম কৰিছিল।
ঙ) অনুৰাগহঁতে ৰাতি চাৰমেন ক্ৰ’ৰ ঘৰত কিয় থাকিবলগীয়া হৈছিল?
উত্তৰঃ সাজ লাগো লাগো হোৱা সময়ত হাবিতলীয়া পথ এটাৰ মূৰত অনুৰাগহঁত যোৱা গাড়ীখনৰ ষ্টাৰ্ট বন্ধ হৈ গৈছিল। চালকে বহু চেষ্টা কৰিও গাড়ীখন পুনৰ ষ্টাৰ্ট কৰিব নোৱাৰিলে। সেই সময়তে ধনসিং ক্ৰ’ই তেওঁলোকক লগ পাই নিজৰ ঘৰ অৰ্থাৎ চাৰমেন ক্ৰ’ৰ ঘৰলৈ লৈ গৈছিল। গাড়ীখন ভাল নোহোৱাৰ বাবে তেওঁলোকে নিশাটো চাৰমেন ক্ৰ’ৰ ঘৰত থাকিবলগীয়া হৈছিল।
চ) চাৰমেন ক্ৰ’ কোন?
উত্তৰঃ চাৰমেন ক্ৰ’ ধনসিং ক্ৰ’ৰ দেউতাক আৰু সেই গাঁৱৰ ‘ছাবাৰ’ অৰ্থাৎ গাঁওবুঢ়া। তেওঁ এজন বিজ্ঞ, সন্মানীয়, অৱস্থাপন্ন আৰু সুদক্ষ লোকশিল্পী।
ছ) পাঠটিত কাৰ্বি সাজ-পাৰৰ কেনে বৰ্ণনা পাইছা?
উত্তৰঃ পাঠটিত কাৰ্বিসকলৰ পৰম্পৰাগত সাজ-পাৰৰ বিষয়ে বৰ্ণনা পোৱা যায়। পুৰুষৰ সাজ-পাৰ হ’ল— ৰিক, চই আৰু প’হ’ অৰ্থাৎ চুৰীয়া, চোলা আৰু পাগুৰি। মহিলাৰ সাজ-পাৰ হ’ল— পিনী, ৱামকক আৰু পে-চেলেং অৰ্থাৎ মেখেলা-চাদৰ আৰু কঁকালি।
জ) গাঁৱৰ মানুহবোৰে অতিথিৰ বাবে কি আনিছিল আৰু কিয় আনিছিল?
উত্তৰঃ গাঁৱৰ মানুহবোৰে অতিথিৰ বাবে হাতে হাতে শাক-পাচলি, মুৰ্গী, মাছ আৰু ঘৰতে চাউলৰ পৰা প্ৰস্তুত কৰা পানীয় ‘হৰলাং’ৰ চুঙা আনিছিল। কাৰ্বিসকল অতি অতিথিপৰায়ণ। তেওঁলোকে এঘৰৰ অতিথিক গোটেই গাঁওখনৰে অতিথি বুলি গণ্য কৰে। সেইবাবেই তেওঁলোকে অতিথিসকলৰ বাবে এইবোৰ বস্তু আনিছিল।
ঝ) কাৰ্বি সমাজত ৰাজতন্ত্ৰ কিদৰে বৰ্তি আছে?
উত্তৰঃ কাৰ্বি সমাজত আজিও অতীতৰ পৰা চলি অহা ৰাজতন্ত্ৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হয়। তেওঁলোকে ৰজা অৰ্থাৎ ‘লিন্দকপ’ আৰু তেওঁৰ বিষয়াবৰ্গক অতীতৰ দৰেই সন্মান কৰে। সমাজৰ ভিতৰুৱা সমস্যা সমাধান আৰু বিচাৰৰ ক্ষেত্ৰত পৰম্পৰাগত নিয়ম তথা সামাজিক প্ৰথা মানি চলে। এইদৰেই কাৰ্বি সমাজত ৰাজতন্ত্ৰৰ পৰম্পৰা বৰ্তি আছে।
ঞ) চাৰমেন ক্ৰ’ই অনুৰাগক কি গীত গাই শুনাইছিল?
উত্তৰঃ চাৰমেন ক্ৰ’ই অনুৰাগক কাৰ্বিসকলৰ নিজা ৰামায়ণৰ কাহিনী ‘ছাবিন আলুন’ৰ গীত গাই শুনাইছিল।
ট) অনুৰাগে চাৰমেন ক্ৰ’ৰ ঘৰত দেখা বাদ্যযন্ত্ৰৰ বিষয়ে বৰ্ণনা দিয়া।
উত্তৰঃ অনুৰাগে চাৰমেন ক্ৰ’ৰ ঘৰত নানা ধৰণৰ বাদ্যযন্ত্ৰ দেখিছিল। সেইবোৰৰ কিছুমান মুখেৰে ফুঁৱাই বজোৱা, কিছুমান চামৰাৰে চোৱা সৰু-বৰ আকৃতিৰ ঢোল, তাল, বীণাসদৃশ বাদ্য আৰু বাঁহৰ বাদ্য আছিল। বাঁহৰ বাদ্যৰ ভিতৰত চেমকুম্বাং, চেংলাংপাং আৰু পাংচি উল্লেখযোগ্য।
ঠ) ‘বাৰহ’ মানে কি?
উত্তৰঃ ‘বাৰহ’ মানে হ’ল শিল্পীয়ে মনোৰম শিল্পকৰ্ম কৰিবলৈ ব্যৱহাৰ কৰা কাঠ-বাঁহৰ এবিধ সামগ্ৰী।
ড) ‘জাম্বিলী আথন’ মানে কি?
উত্তৰঃ এডাল কাঠ বা বাঁহ চাঁচি তাত নানা ফুলৰ নক্সা খোদাই কৰি কাঠৰ চৰাই কাটি বহুৱাই সুন্দৰকৈ সজোৱা এবিধ শিল্পকৰ্মক ‘জাম্বিলী আথন’ বোলে।
ঢ) কি কথাই অনুৰাগৰ দেউতাকক আচৰিত কৰিছিল?
উত্তৰঃ ধনসিঙৰ দেউতাকে যেতিয়া অনুৰাগৰ দেউতাকক জনাইছিল যে নিশা ধনসিং আৰু গাঁৱৰ আন দুজন ল’ৰা চালকৰ লগত গাড়ীতে থাকি গাড়ীখন মেৰামতি কৰাইছিল, তেতিয়া অনুৰাগৰ দেউতাক আচৰিত হৈছিল। ধনসিঙে ৰাতিপুৱাৰ আগতেই স্কুটাৰেৰে মেকানিক এজনক আনি গাড়ীখন ভাল কৰাই দিছিল।
ণ) কাৰ্বি ৰামায়ণখনৰ নাম কি?
উত্তৰঃ কাৰ্বি ৰামায়ণখনৰ নাম হ’ল ‘ছাবিন আলুন’।
২। চমুটোকা লিখা
(ক) চ’মাংকান
উত্তৰঃ চ’মাংকান কাৰ্বি জনগোষ্ঠীৰ এক পৰম্পৰাগত মৃতকৰ উৎসৱ। মৃতকৰ আত্মাৰ শান্তিৰ কামনাৰে এই উৎসৱ পালন কৰা হয়। সাধাৰণতে তিনিদিনীয়াকৈ এই উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱৰ জৰিয়তে কাৰ্বিসকলৰ ধৰ্মীয় বিশ্বাস, সামাজিক ঐতিহ্য আৰু সংস্কৃতিৰ পৰিচয় পোৱা যায়।
(খ) ৰংবং তেৰাং
উত্তৰঃ ৰংবং তেৰাং আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কাৰ্বি সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ কাৰ্বি সাহিত্যৰ উন্নতিৰ বাবে বিশেষ অৱদান আগবঢ়াইছিল। তেওঁৰ বিখ্যাত উপন্যাস ‘ৰংমিলিৰ হাঁহি’ৰ বাবে ১৯৮২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৮৯ চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। তেওঁ অসম সাহিত্য সভাৰ সভাপতিও হৈছিল।
(গ) ইয়াৰুইঙ্গম
উত্তৰঃ ‘ইয়াৰুইঙ্গম’ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ এখন বিখ্যাত অসমীয়া উপন্যাস। এই উপন্যাসখন ১৯৬০ চনত প্ৰকাশিত হৈছিল। উপন্যাসখনত উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতীয় সমাজৰ জীৱন আৰু সামাজিক পৰিৱেশৰ চিত্ৰ প্ৰকাশ পাইছে। এই উপন্যাসৰ বাবে লেখকে ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
৩। তলৰ উৎসৱকেইটি ক’ত, কেতিয়া উদযাপিত হয় লিখা
(ক) বাৰেচহৰীয়া ভাওনা
উত্তৰঃ বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত অনুষ্ঠিত হয়। সাধাৰণতে পাঁচ বছৰৰ মূৰে মূৰে এই ভাওনা মহোৎসৱ উদযাপন কৰা হয়।
(খ) ফাটবিহু
উত্তৰঃ ফাটবিহু লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ চাৰিকড়ীয়া নদীৰ পাৰৰ ম’হঘূলি চাপৰিত অনুষ্ঠিত হয়। বহাগ মাহৰ শেষৰটো শুক্ৰবাৰ, শনিবাৰ আৰু দেওবাৰে তিনিদিনীয়াকৈ এই উৎসৱ পালন কৰা হয়।
(গ) মহোহো
উত্তৰঃ মহোহো নামনি অসমৰ এক পৰম্পৰাগত লোক-উৎসৱ। আঘোণ মাহৰ পূৰ্ণিমাৰ দিনা এই উৎসৱ পালন কৰা হয়। এই উৎসৱত মানুহে দল বান্ধি ঘৰে ঘৰে গৈ গীত গাই মহ খেদে।
(ঘ) মাছ মৰা উৎসৱ
উত্তৰঃ জোনবিলৰ পাৰত অনুষ্ঠিত জোনবিল মেলাৰ সময়ত মাছ মৰা উৎসৱ পালন কৰা হয়। এই উৎসৱত গোভা ৰজাক আদৰি অনাৰ পিছত ৰাইজে জোনবিলৰ পানীত একেলগে মাছ মাৰে।
(ঙ) বোকা ভাওনা
উত্তৰঃ বোকা ভাওনা নগাঁও জিলাৰ পুৰণিগুদামত অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ পিছৰ একাদশ দিনা এই ভাওনা উদযাপন কৰা হয়।
(চ) জোনবিল মেলা
উত্তৰঃ জোনবিল মেলা মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰত জোনবিলৰ পাৰত অনুষ্ঠিত হয়। মাঘ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে এই মেলা অনুষ্ঠিত হয়। এই মেলাত বিনিময় প্ৰথাৰ জৰিয়তে বস্তুৰ আদান-প্ৰদান কৰা হয়।
(ছ) ভঠেলি
উত্তৰঃ ভঠেলি অসমৰ কামৰূপ জিলাৰ উত্তৰ অঞ্চলত বহাগ বিহুৰ সময়ত উদযাপিত হোৱা এক পৰম্পৰাগত লোক-উৎসৱ। এই উৎসৱত বাঁহৰ খুঁটা স্থাপন কৰি বিভিন্ন ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়।
৪। সন্ধি ভাঙা
|
শব্দ |
সন্ধি বিচ্ছেদ |
|---|---|
|
সংস্কৃতি |
সম্ + কৃতি |
|
কাৰ্যালয় |
কাৰ্য + আলয় |
|
সন্মুখ |
সম্ + মুখ |
|
উৎসৱ |
উৎ + সৱ |
|
মৰমিয়াল |
মৰম + ইয়াল |
|
সম্ভাষণ |
সম্ + ভাষণ |
|
নমস্কাৰ |
নমঃ + কাৰ |
|
মনোৰম |
মনঃ + ৰম |
|
নিষ্কলুষ |
নিঃ + কলুষ |
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post