SCERT Class 8 Social Science Chapter 8 Question Answer | Class 8 Social Science Chapter 8 ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ Question Answer in Assamese Medium | 2026

১। চমু উত্তৰ দিয়া-

(ক) স্কেল বা মাপনী বুলিলে কি বুজা?

উত্তৰঃ- মানচিত্ৰত দুখন ঠাইৰ মাজৰ দূৰত্ব আৰু ভূপৃষ্ঠত সেই একে ঠাই দুখনৰ মাজৰ দূৰত্বৰ অনুপাতকেই স্কেল বা মাপনী বোলে।

(খ) ভৌগোলিক তথ্য ব্যৱস্থা বুলিলে কি বুজা?

উত্তৰঃ- ভূপৃষ্ঠৰ প্ৰাকৃতিক আৰু মানৱ সৃষ্ট পৰিৱেশ সম্পৰ্কীয় বিভিন্ন তথ্য় উপস্থাপন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভৌগোলিক তথ্য ব্যৱস্থা এটা অতি নিৰ্ভৰযোগ্য় কম্পিউটাৰভিত্তিক ব্যৱস্থা। ইয়াক স্থানিক তথ্য় ব্য়ৱস্থা বুলিবও পাৰি। এক কথাত ক’বলৈ হ’লে যিটো ব্য়ৱস্থাই তথ্য় সংগ্ৰহ, প্ৰশিক্ষণ, বিশ্লেষণ, প্ৰদৰ্শন আদি কাৰ্য পৃথিৱীৰ বিভিন্ন স্থানৰ পৰিপ্ৰেক্ষিতত নিয়াৰিকৈ সম্পন্ন কৰে তাকে ভৌগোলিক তথ্য় ব্যৱস্থা বুলিব পাৰি। 

২।     শুদ্ধ উত্তৰটোত ☑ চিন দিয়া—

(ক) দ্রাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্র অংকণ কৰিছিল—— 

    (১) ইৰাট’স্থেনিচে,     (২) ট’লেমিয়ে,     (৩) কার্ল ৰিটাৰে

উত্তৰঃ- (২) ট’লেমিয়ে।

(খ) ১ বা ১০,০০০ এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ’ল – 

    (১) নিৰূপক ভগ্নাংশ,     (২) ৰৈখিক স্কেল,     (৩) ভাষাৰ স্কেল

উত্তৰঃ- (১) ৰৈখিক স্কেল।

(গ) আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছে –

    (১) মিছৰত,     (২) মেছ’প’টেমিয়াত,     (৩) চীনত।

উত্তৰঃ- (২)  মেছ’পটেমিয়াত।

৩। বহলাই লিখা-

    মানচিত্র অংকনৰ ক্ৰমবিকাশৰ সম্বন্ধে এটি টোকা লিখা ?

উত্তৰঃ- এখন অৰ্থপূৰ্ণ মানচিত্ৰ প্ৰস্তুত কৰা সহজ কাম নহয়। এই ক্ষেত্ৰত প্ৰয়োজন হোৱা পদ্ধতি আৰু সামগ্ৰী সম্পৰ্কে উপযুক্ত জ্ঞানৰ প্ৰয়োজন হয়। সভ্যতাৰ আৰম্ভণিৰ পৰা মানুহে মানচিত্ৰ প্ৰস্তুতিৰ চেষ্টা চলাই আহিছে। আটাইতকৈ প্ৰাচীন মানচিত্ৰ মেছ’পটেমিয়াত উদ্ধাৰ কৰা হৈছে, যি টেৰাকোটা ফলকত অংকিত কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব দ্বিতীয় শতিকাত চীন দেশত স্কেলৰ ধাৰণাৰে মানচিত্ৰ অংকন কৰাৰ প্ৰমাণ পোৱা গৈছে। চীনবাসীয়ে পাটৰ কাপোৰত পৰ্বত-পাহাৰ, নদ-নদী, আৰু ৰাস্তা-ঘাটৰ ছবি আঁকিছিল।

প্ৰাচীন যুগৰ পণ্ডিতসকলৰ ভিতৰত ট’লেমিয়ে (খ্ৰীষ্টপূৰ্ব ৯০-১৬৮) মানচিত্ৰ অংকনৰ ক্ষেত্ৰত বিশেষ দক্ষতা দেখুৱাইছিল। তেওঁ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ সহায়ত ঠাইৰ অৱস্থান নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিছিল। তাৰ পাছত কলম্বাচ, ভাস্কো-ডা-গামা আদি অভিযাত্ৰীসকলে পৃথিৱীৰ বিভিন্ন ঠাই আৱিষ্কাৰ কৰি মানুহৰ জ্ঞান বঢ়াই তুলিছিল। ইউৰোপত ছপা যন্ত্ৰৰ আৱিষ্কাৰে মানচিত্ৰ প্ৰস্তুতিৰ ক্ষেত্ৰত ব্যাপক পৰিৱৰ্তন আনিছিল। ইউৰোপত আৰম্ভ হোৱা শিল্পবিপ্লৱে লাহে লাহে গোটেই বিশ্বত বিয়পি পৰিল। যন্ত্ৰপাতিৰ সহায়ত মানুহে বিভিন্ন সম্পদ উদঘাটন কৰাৰ ক্ষমতা লাভ কৰে।

৪। ভূগোল অধ্যয়নত কি কি প্রযুক্তি ব্যৱহাৰ কৰা হয় লিখা।

উত্তৰঃ- দূৰ সংবেদনঃ কোনো এটা বস্তু বা পদাৰ্থক স্পৰ্শ নকৰাকৈ আঁতৰৰপৰাই নিৰীক্ষণ কৰি বা জোখ-মাখ লৈ প্ৰয়োজনীয় তথ্য় আহৰণ কৰিব পৰা প্ৰযুক্তি কৌশলকে দূৰ অবলম্বন বোলা হয়। দূৰ সংবেদন প্ৰক্ৰিয়াত ভূপৃষ্ঠৰ বিষয়ে জানিবৰ বাবে বিভিন্ন প্ৰকাৰৰ সংবেদক ব্যৱহাৰ কৰা হয়। এই সংবেদকবোৰ ভূপৃষ্ঠৰপৰা বহু উচ্চতাৰে চলা আকাশীযান বা কৃত্ৰিম উপগ্ৰহত সংস্থাপন কৰা হয়। এইবোৰে ভূ-পৃষ্ঠৰ বিভিন্ন অৱয়বৰ বিষয়ে আমাক তথ্যপাতি যোগান ধৰে। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top