Class 8 Social Science Chapter 10 Answer

(ক) মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি?

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে-

১) অধিক জনসংখ্যা

২) মূলধন বা পূজিৰ অভাৱ

৩)দৰিদ্ৰতা

৪) নিৰক্ষৰতা

৫) অন্ধবিশ্বাস

 ৬) বিষমতা

(খ) যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা।

উত্তৰঃ যিকোনো তিনিপ্ৰকাৰৰ বিষমতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

           ১) ভাষা ভিত্তিক বিষমতা

           ২) লিংগ বিষমতা

৩) ধৰ্মীয় বিষমতা

(গ) বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্য়ালয় আছে?

উত্তৰঃ বৰ্তমান অসমত ৬ খন চিকিৎসা মহাবিদ্য়ালয় আছে।

(ঘ) অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন ক’ত অৱস্থিত?

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত।

(ঙ) সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন?

উত্তৰঃ সুস্থ শৰীৰৰ বাবে মানুহক পুষ্কৰ খাদ্য়ৰ প্ৰয়োজন।

২। আলোচনা কৰা-

(ক) মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য় পৰামৰ্শ।

উত্তৰঃ আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা-সুবিধা স্বত্বেও বহু শিশুৱে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা লবলৈ আগবাঢ়ি নাযায়। এই ক্ষেত্ৰত অভিভাৱকসকলৰ সজাগতা আৰু সচেতনতাৰ অভাৱ শিশুবোৰৰ বিপথত পৰিচালিত হোৱাৰ কাৰণ। গতিকে, অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো একান্তই দৰকাৰী। ইয়াৰ বাবে প্ৰয়োজনীয় উপায় বা ব্যৱস্থা গ্ৰহণ কৰাৰ পৰীক্ষা কৰাটো অত্যন্ত গুৰুত্বপূর্ণ।

দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ প্ৰকৃত হিতাধিকাৰীয়ে লাভ পাওঁ বুলি নিশ্চিত কৰাৰ বাবে সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সময়ত সমাজৰ আৰ্থিকভাৱে সবল লোকসকল দুখীয়া লোকৰ বাবে আগবঢ়োৱা সাহাৰ্য আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই সমস্যাৰ সমাধানৰ বাবে প্ৰশাসনৰ তৎপৰতাৰ লগতে সামাজিক জাগৰণৰো প্ৰয়োজন।

আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধৰ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত থকা জটিলতাবোৰ কিছু হ্ৰাস পাইছে। তথাপি, আজিৰ দিনতো বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাক অগ্ৰাধিকাৰ দিয়ে, যেনে জণ্ডিছ আৰু যক্ষ্মাৰ দৰে ৰোগ। সাপে খুটা ঘটনাৰ ফলত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নগৈ বেজৰ ওচৰলৈ যাওঁতা বহু লোক দেখা যায়।

এই সমস্যাবোৰৰ বাবে আমি নিজেই দায়ী। জনসচেতনৰ বাবে ৰেডিঅ’, টেলিভিছন বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনবোৰক আমি গুৰুত্ব নিদিও। ইয়াৰ ফলত, আমি শিক্ষিত হৈও অশিক্ষিত হৈ আছো। আমাৰ এনে মনোবৃত্তিবোৰ পৰিত্যাগ কৰা উচিত। তেতিয়াহে, চৰকাৰে প্ৰদত্ত সুবিধাবোৰৰ দ্বাৰা আমি প্ৰকৃতাৰ্থত লাভবান হ’ব পাৰিম।

(খ) মানৱ সম্পদ উন্নয়নত চৰকাৰৰ ভূমিকা।

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ উন্নত শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধাসমূহৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা-সুবিধাসমূহ দূৰ-দূৰণিৰ তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে।

বিভিন্ন চৰকাৰী আঁচনি  (সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ) জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে। ৬ৰ পৰা ১৪ বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া বাধ্যতামূলক শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষ্যমও মনা নহয়। বৃত্তিমুখীক শিক্ষাক আগতকৈ প্ৰধান্য দিয়া দেখা গৈছে ।

স্বাস্থ্যৰ খণ্ডটো আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে। চৰকাৰৰ তৎপৰতাত স্থানীয়, ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্য সেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছনৰ অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছে।

আধুনিক ভ্ৰাম্যমান চিকিৎসালয়ৰ দ্বাৰা যিকোনো মূহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে। এই সকলো পদক্ষেপৰ উদ্দেশ্য হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত জনসাধাৰণৰ সহজ পৰিচয় আৰু সৰ্বজনীন স্বাস্থ্য সেৱা নিশ্চিত কৰা।

পৌৰ সুবিধাসমূহৰ ভিতৰত- চৰকাৰৰ পৃষ্ঠপোষকতাত আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ  বাবে লোণ প্ৰদানৰ ব্যৱস্থা, বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান। এই সা- সুবিধাৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্থাপনৰ দিশতো ন ন সুযোগ পায়।

(গ) দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক।

উত্তৰঃ দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজনসংখ্যক লোক শাৰীৰিক আৰু মানসিকভাবে সবল হ’ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশৰ দৰিদ্ৰ লোকসকলক জুৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকে আত্মমর্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকে সেই অৱস্থাৰ পৰা উন্নীত কৰাৰ মানসিকতা হেৰুৱাই পেলাই।

(ঙ) অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়?

উত্তৰঃ নিৰক্ষৰতা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশৰ প্রায় ২৩ শতাংশ লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা আৰু কাৰিকৰী দক্ষতা আদিৰ বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। উদাহৰণস্বৰূপে, আমাৰ অসমৰ চাহ বাগিছাবোৰত কৰ্মৰত অধিকাংশ শ্ৰমিকেই নিৰক্ষৰ।

এই নিৰক্ষৰতাৰ ফলত চাহ বাগিছাৰ অধিবাসী শ্ৰমিকসকল সকলো দিশৰ পৰা পিছপৰা হৈ পৰে। এওঁলোক নিৰক্ষৰ হোৱাৰ বাবে সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত আৰ্থসামাজিক বৈষ্যমৰ সৃষ্টি হয়। এই অৱস্থাই জনসাধাৰণৰ উন্নতি আৰু সমৃদ্ধিত বাধা প্ৰদান কৰে, সেয়া নিৰক্ষৰতা নিৰাময় কৰা অতি প্ৰয়োজনীয়।

৩। খালী ঠাই পূৰ কৰা-

ক) মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে  শিক্ষা , স্বাস্থ্য আৰু পৌৰ সুবিধা।

খ) নিৰক্ষৰ  লোকসকল অতি সহজে বিভিন্ন ধৰণৰ শোষণৰ বলি হয়।

গ) শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম  মৌলিক  অধিকাৰ।

ঘ) ২০০৯ চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে।

ঙ) চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰকতীয়া  কৰে।

চ) উপযুক্ত শৈক্ষিক পৰিৱেশ/বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব।

Leave a Reply

Your email address will not be published. Required fields are marked *