Class 7 Social Science Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ

পাঠ ২
পৃথিৱীৰ অভ্যন্তৰ ভাগ

১। শুদ্ধ উত্তৰটি বাছি উলিওৱা一

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৪/৩/২ টা স্তৰেৰে গঠিত।

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈ ৩ টা স্তৰেৰে গঠিত।

(খ) ভূত্বক গড়ে প্রায় ২০/৩০/২৫ কিল’মিটাৰ ডাঠ।

উত্তৰঃ ভৃত্বক গড়ে প্ৰায় ২০ কিল’মিটাৰ ডাঠ।

(গ) পৃথিৱীৰ গৰ্ভ মানে হ’ল— ভূত্বক/ গুৰুমণ্ডল/কেন্দ্ৰমণ্ডল।

উত্তৰঃ পৃথিৱীৰ গৰ্ভ মানে হ’ল- কেন্দ্ৰমণ্ডল।

(ঘ) জীৱাষ্ম সাধাৰণতে গেদীয় শিল/আগ্নেয়শিল/ৰূপান্তৰিত শিলত পোৱা যায়।

উত্তৰঃ জীৱাষ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়।

(ঙ) আটাইতকৈ টান মণিক বিধ হ’ল সোণ/হীৰা/দস্তা।

উত্তৰঃ আটাইতকৈ টান মণিক বিধ হ’ল হীৰা।

২। খালী ঠাই পূৰ কৰা।

(ক) ভূ-পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ক্রমান্বয়ে উত্তাপ বাঢ়ি গৈ থাকে।

(খ) ভূত্বক স্তৰক ছিয়াল বুলিও জনা যায়।

(গ) মাটি জৈৱিক আৰু অজৈৱিক পদার্থৰে গঠিত।

(ঘ) মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে।

(ঙ) মণিকবোৰ সাধাৰণতে কঠিন পদার্থ।

৩। চমু উত্তৰ লিখা। (৩০টা মান শব্দৰ ভিতৰত)

(ক) ভূত্বক মানে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণক ভূত্বক বুলি জনা যায়। পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, সাগৰ আৰু মহাসাগৰ আদি সকলো ভূত্বকতেই অৱস্থিত। ভূত্বকৰ গড় পলম ২০ কিলোমিটাৰ। প্ৰাৰম্ভতে পৃথিবীৰ উপাদানসমূহ তৰল আৰু গেছীয় অৱস্থাত আছিল, আৰু তাৰ পাছত ই চেঁচা হৈ সংকুচিত হয়। এই সংকোচন প্রক্রিয়াৰ ফলত ভূত্বক ওখোৰা-মোখোৰা আৰু অসমান হৈ পৰে বুলি বিজ্ঞানীরা অনুমান কৰে।

(খ) আগ্নেয় শিল কাক বোলে?

উত্তৰঃ প্ৰাকৃতিক কাৰণৰ ফলত পৃথিৱীৰ খোলাত ফাঁট মেলিলে সেই ফাঁটৰ ফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূপৃষ্ঠত জমা হয়। বায়ুৰ সংস্পৰ্শত আহি লাভাই তাপ বিকিৰণ কৰি ঠাণ্ডা হৈ গোট মাৰে আৰু টান হৈ পৰে, তাৰ ফলত যি শিলৰ সৃষ্টি হয়, তাক আগ্নেয় শিল বুলি জনা যায়। কেতিয়াবা মেগমা বাহিৰলৈ ওলাই আহিব নোৱাৰি ভূ-পৃষ্ঠৰ ভিতৰতেই শীতল হৈ এই ধৰণৰ শিলৰ সৃষ্টি কৰে।

(গ) মাটি বুলিলে কি বুজা?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগ অংশক মাটি বা ভূ-পৃষ্ঠ বোলে। শীত, তাপ, বতাহ, বৰষুণ আদি প্ৰাকৃতিক কাৰকৰ প্ৰভাৱৰ ফলত শিলৰ চূৰ্ণ-বিচূৰ্ণ অংশসমূহ বিভিন্ন ঠাইত জমা হৈ যি কোমল অংশৰ সৃষ্টি কৰে তাক মাটি বোলে।

(ঘ) মণিক কি?

উত্তৰঃ পৃথিৱীত প্ৰাকৃতিকভাৱে সৃষ্টি হোৱা অজৈৱিক গোটা পদাৰ্থসমূহক মণিক বুলি কোৱা হয়। মণিক সাধাৰণতে কঠিন পদাৰ্থ হয় আৰু ইয়াৰ কিছুমান নিৰ্দিষ্ট গুণ থাকে, যেনেঃ বৰ্ণ, বৰ্ণৰেখা, ৰূপ, স্বচ্ছতা আদি। এইবোৰ মণিকৰ মুখ্য ধৰ্ম। মণিকসমূহক দুটা শ্ৰেণীত বিভাজন কৰা যায়— শিল গঠনকাৰী মণিক আৰু আকৰ গঠনকাৰী মণিক। শিল গঠনকাৰী মণিকৰ উদাহৰণবোৰ হৈছে: কোৱাৰ্টজ, ছিলিকেট, কাৰ্বনেট, অক্সাইড, আৰু ফেল্ডস্পাৰ। আনহাতে, আকৰ গঠনকাৰী মণিকৰ উদাহৰণবোৰ হৈছে: অৰ্পিমেন্ট, মেলাকাইট, গেলেনা আদিৰ পৰা।

(ঙ) ”হিউমাছ” কাক বোলে?

উত্তৰঃ মাটিত মিহলি হৈ থকা গছ-গছনিৰ, ডাল-পাতৰ অংশ, বিভিন্ন সৰু বৰ জীৱ-জন্তু, পোক-পৰুৱাৰ মৃতদেহ, বিষ্ঠা আদি ৰ’দত শুকাই, পানীত পচি আৰু অণুজীৱৰ প্ৰভাৱত ”হিউমাছ” ৰ সৃষ্টি হয়।

৪। উত্তৰ লিখা- (১০০ টা মান শব্দৰ ভিতৰত)

(ক) পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ প্ৰধান স্তৰ কেইটা আৰু কি কি ? চিত্ৰ আঁকি বুজাই লিখা।

উত্তৰঃ-পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰীণ ভাগলৈ মূলতঃ তিনিটা ভাগত ভাগ কৰা হৈছে।
সেই কেইটা হৈছে- ক) ভূত্বক, খ) গুৰুমণ্ডল আৰু গ) কেন্দ্ৰমণ্ডল

(ক) ভূত্বক- পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণক ভূত্বক বুলি জনা যায়। পাহাৰ, পৰ্বত, সমভূমি, মালভূমি, সাগৰ আৰু মহাসাগৰ সকলো ভূত্বকৰ ওপৰতে অৱস্থিত। ভূত্বকৰ গড় পলম ২০ কিলোমিটাৰ। বিজ্ঞানৰ ধাৰণা অনুসাৰে, পৃথিৱীৰ আদিম সময়ত তৰল আৰু গেছীয় পদাৰ্থবোৰ সংকুচিত আৰু চেঁচা হোৱাৰ ফলত ভূত্বক ওখোৰা-মোখোৰা আৰু অসমান হৈ পৰে। ভূত্বকৰ এই স্তৰটো প্ৰধানকৈ গ্ৰেনাইট জাতীয় শিলেৰে গঠিত। ভূত্বকৰ শিলবোৰত ছিলিকন আৰু এলুমিনিয়ামৰ অধিক উপস্থিতি থাকিবলৈ, এই স্তৰক “ছিয়াল স্তৰ” বুলি কোৱা হয়।

(খ) গুৰুমণ্ডল- ভূত্বকৰ তলৰ স্তৰৰ পদাৰ্থবোৰৰ ঘনত্ব অধিক। সমগ্ৰ গুৰুমণ্ডলক পুনৰ উৰ্ধ্ব গুৰুমণ্ডল আৰু নিম্ন গুৰুমণ্ডল হিচাপে দুটা স্তৰত বিভাজন কৰা হৈছে, যি কিলোমিটাৰৰ গভীৰতাত ভাগ হয়। এই স্তৰত সাধাৰণতে ছিলিকন আৰু মেগনেছিয়ামৰ পৰিমাণ বেছি থকাৰ বাবে, ইয়াক “ছিমা” (Sima) স্তৰ বুলিও জনা যায়। “Sima” শব্দত ‘Si’য়ে ছিলিকনক (Silicon) আৰু ‘Ma’ য়ে মেগনেছিয়ামক (Magnesium) বুজায়।

(গ) কেন্দ্ৰমণ্ডল- গুৰুমণ্ডলৰ ঠিক তলত অৱস্থিত কেন্দ্রমণ্ডল হৈছে পৃথিৱীৰ গৰ্ভ, যি কেন্দ্ৰক আৱৰি ৰাখে। এই স্তৰটো প্ৰায় ৩,৪৮৬ কিলোমিটাৰ ডাঠ আৰু ইয়াৰ পদাৰ্থসমূহ অতি উত্তপ্ত অৱস্থাত থাকে। কেন্দ্রমণ্ডলটো মূলত লো, নিকেল আৰু কোবাল্টেৰে গঠিত। লো আৰু নিকেলৰ বেছি পৰিমাণৰ বাবে এই স্তৰটোক “নিফ” (Nife) স্তৰ বুলিও জনা যায়। “Nife” শব্দটো ইংৰাজী শব্দ “Nickel” (নিকেল)ৰ ‘Ni’ আৰু “Ferrium” (লো)ৰ ‘Fe’ যোগেৰে নিৰ্মাণ কৰা হৈছে।

কেন্দ্ৰমণ্ডলৰ বহিঃভাগ এটা তৰল আৱৰণেৰে গঠিত, যাক বহিঃকেন্দ্রমণ্ডল বুলি কোৱা হয়। এই অংশটোৰ পলম প্ৰায় ২,২৫০ কিলোমিটাৰ। বহিঃকেন্দ্রমণ্ডলৰ তলত অৱস্থিত অংশটো পৃথিৱীৰ কেন্দ্ৰক আগুৰি ৰাখে আৰু ইয়াক আন্তঃকেন্দ্রমণ্ডল বুলি জনা যায়। আন্তঃকেন্দ্ৰমণ্ডলৰ পলম প্ৰায় ১,২২৮ কিলোমিটাৰ।

(খ) শিল কেইপ্ৰকাৰৰ আৰু কি কি বুজাই লিখা ।

উত্তৰঃ উৎপত্তি অনুযায়ী শিল তিনি প্ৰকাৰৰ-
১) আগ্নেয় শিল ২) গেদীয় শিল ৩) ৰূপান্তৰিত শিল

শিলৰ এই শ্ৰেণীবিভাজন তালিকাৰ মাধ্যমেৰে তলত দেখুওৱা হৈছে-

১) আগ্নেয় শিল- আগ্নেয়গিৰী উদগীৰণৰ ফলত সৃষ্টি হোৱা শিলক আগ্নেয় শিল বুলি জনা যায়। পৃথিৱীৰ অন্তভাগত থকা গলিত আৰু উত্তপ্ত পদাৰ্থসমূহক মেগমা বোলা হয়। কেতিয়াবা এই মেগমা ভূ-পৃষ্ঠলৈ ওলাই আহিব নোৱাৰি কালক্ৰমত তাপ বিকিৰণৰ দ্বাৰা শীতল হৈ শিলত পৰিণত হয়। এনে ধৰণে গঠিত শিলক অন্তর্ভেদী আগ্নেয়শিল বুলি কোৱা হয়। আনহাতে, কিছুমান প্রাকৃতিক কাৰণত পৃথিৱীৰ খোলাত ফাঁট মেলিলে সেই ফাঁটৰ ফালেদি মেগমা বাহিৰলৈ ওলাই আহি লাভা হিচাপে ভূ-পৃষ্ঠত জমা হয়। বায়ুৰ সংস্পৰ্শত আহি লাভাই তাপ বিকিৰণ কৰি শীতল হৈ টান শিলত পৰিণত হয়, যাক বহির্ভেদী আগ্নেয়শিল বুলি জনা যায়। বেছল্ট, গ্ৰেনাইট, গেব্ৰ’, আৰু বেথলিথ আদি আগ্নেয় শিলৰ উদাহৰণ।

২) গেদীয় শিল- পৃথিৱীৰ উপৰিভাগত থকা আগ্নেয়শিল কালক্ৰমত শীত, তাপ, বতাহ, বৰষুণ আদিৰ ভৌতিক, ৰাসায়নিক ক্রিয়া আৰু উদ্ভিদৰ জৈৱিক ক্ৰিয়াৰ ফলত দুৰ্বল হৈ ভাগিবলৈ ধৰে। পিছত এই ভগা অংশবিলাক বতাহ, নৈ, হিমবাহ আদিয়ে কঢ়িয়াই নি হ্ৰদ, সাগৰ বা আন নিম্ন অংশত তৰপে তৰপে জমা কৰে। এইদৰে যেতিয়া গেদবোৰ বছৰ বছৰ ধৰি উদ্ভিদৰ বিভিন্ন অংশ বা জমা হয়, তেতিয়া এহাতে ওপৰৰ গেদৰ প্রচণ্ড চাপ, তাপ আৰু পানীত মিহলি হৈ জীৱ-জন্তুৰ হাড়-মূৰ থকা লো, চূণ আদিৰ ক্ৰিয়াৰ ফলত গেদবোৰ কঠিন হ’বলৈ ধৰে। এইদৰে কঠিন হৈ খোলা আদি চেপা খাই যি শিলৰ সৃষ্টি হয় তাক গেদীয় শিল বোলে। কয়লা, চূণশিল, কংলোমাৰেট আদি গেদীয় শিলৰ উদাহৰণ।

৩) ৰূপান্তৰিত শিল- আগ্নেয় আৰু গেদীয় শিল যদি বহুদিন ধৰি অধিক চাপ আৰু তাপৰ প্ৰভাৱত থাকে তেন্তে তাৰ ভৌতিক আৰু ৰাসায়নিক পৰিবৰ্তন হৈ এক নতুন শিলৰ সৃষ্টি হয়। এনে শিলক ৰূপান্তৰিত শিল বোলে।

(গ) শিল আৰু মাটিৰ মাজত পাৰ্থক্য বিচাৰ কৰা।

উত্তৰঃ শিলৰ পৰা মাটিৰ সৃষ্টি হয়। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূর্ণ-বিচূর্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়। তাৰোপৰি শিল বোৰ সাধাৰণতে কঠিন আনহাতে মাটি কঠিন বা কোমল হ’ব পাৰে।

(ঘ) ‘‘মাটি অবিহনে গছ-গছনি, জীৱ-জন্তু জীয়াই থাকিব নোৱাৰে’’ –কথাষাৰ বুজাই লিখা।

উত্তৰঃ মাটিৰ সৈতে জীৱজগতৰ এক গভীৰ সম্পর্ক আছে। সকলো প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদৰ মূল আবাসস্থলী হৈছে মাটি বা ভূত্বক। মানুহৰ জীৱনযাপন, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্ৰতিষ্ঠান, যাতায়াত আৰু উদ্যোগ আদিসব মাটিৰ ওপৰত নিৰ্ভৰশীল। মাটিৰ অংশ হিচাপে পৰ্বত-পাহাৰ, মালভূমি আৰু সমভূমি আদি স্থানবোৰ জীৱজগতৰ আবাসস্থলী হ’লেও জলমণ্ডলতকৈ জীৱজগতৰ বিস্তাৰ বহুদূৰলৈ আছে। মৰুপ্রধান আৰু শীতপ্ৰধান অঞ্চলতো কিছুমান কম বা বেছি পৰিমাণে জীৱজগতৰ উপস্থিতি দেখা যায়।

(ঙ)‘‘মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহাৰ্য’’-কথাষাৰ বুজাই লিখা।

উত্তৰঃ মাটি গঠনত জলবায়ুৰ প্ৰভাৱ অপৰিহার্য। শিলবিলাক সময়ৰ সোঁতত শীত, তাপ, বতাহ, বৰষুণ আদি প্রাকৃতিক কাৰকৰ প্ৰভাৱত জহি-খহি চূর্ণ-বিচূর্ণ হয়। এনে অংশসমূহ আকৌ বতাহ, নদী, হিমবাহ আদিয়ে কঢ়িয়াই নি বিভিন্ন ঠাইত জমা কৰে। এইদৰে মাটিৰ সৃষ্টি হয়।

(চ) ভূত্বকত পোৱা শিল, মণিক আৰু মাটিৰ মাজত সম্পৰ্ক বিচাৰ কৰা।

উত্তৰঃ ভূত্বকৰ মাটিৰ বিভিন্ন ধৰণৰ শিল, মণিক আৰু মাটিৰ গুণাগুণে জীৱজগতৰ ওপৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। উল্লেখযোগ্যভাৱে, এই সকলো উপাদানৰ মাজত এক গভীৰ আন্তঃসম্পর্ক আছে। মাটিত পোৱা বিভিন্ন খনিজ পদাৰ্থ যেনেঃ নাইট্ৰ’জেন, পটাছিয়াম, মেগনেছিয়াম, ছালফাৰ, ফচফৰাছ, কেলছিয়াম, লো, তাম, সীহ আদিয়ে উদ্ভিদ আৰু প্ৰাণীৰ বৃদ্ধি আৰু বিকাশত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

মানুহৰ জীৱনধাৰণৰ বাবে খাদ্য, বিভিন্ন সামগ্রী আৰু বাসস্থান সকলো ভূত্বকৰ মাটিতেই নিৰ্ভৰশীল। মাটিত পোৱা শিলবোৰক আমি প্ৰয়োজন অনুসৰি বিভিন্ন কামত ব্যৱহাৰ কৰি জীৱনৰ প্ৰয়োজন পূৰণ কৰোঁ। শক্তিৰ উৎস যেনে কয়লা, খনিজ তেল আৰু প্ৰাকৃতিক গেছ আমি স্তৰীভূত শিলৰ মাজৰ পৰা সংগ্ৰহ কৰোঁ। সোণ, ৰূপ, তাম, দস্তা আদি আমি আগ্নেয় আৰু ৰূপান্তৰিত শিলৰ পৰা পাইছোঁ।

গ্ৰেণাইট, বেছল্ট, বালিশিল, শ্লেট আৰু মাৰ্বল আদি শিল আমি ঘৰ-বাৰী, ৰাস্তা-ঘাট নির্মাণ কাৰ্যত বহুলভাৱে ব্যৱহাৰ কৰোঁ। কৃত্ৰিম সাৰ, চিমেন্ট আৰু চূণ প্ৰস্তুত কৰিবলৈ চূণশিলৰ ব্যৱহাৰ হয়। ঘৰৰ ইটা সাধাৰণতে বোকা বা আলতীয়া মাটিৰ পৰা তৈয়াৰ কৰা হয়।

৬। দলত আলোচনা কৰি লিখা—

(ক) মাটিৰ লগত উদ্ভিদ আৰু প্রাণীজগতৰ সম্বন্ধ কি?

উত্তৰঃ মাটিৰ সৈতে জীৱজগতৰ এক গভীৰ ওতঃপ্রোত সম্পর্ক আছে। মাটিহে সকলো প্ৰকাৰৰ প্রাণী আৰু উদ্ভিদৰ প্ৰধান আবাসস্থলী। মানুহৰ জীৱনযাপন, আচাৰ-ব্যৱহাৰ, খেতি-বাতি, অনুষ্ঠান-প্ৰতিষ্ঠান, যাতায়াত, উদ্যোগ আদি সকলো মাটিৰ ওপৰত নিৰ্ভৰশীল। মাটিৰ অংশ ৰূপে পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আদিত জীৱজগতৰ আবাসস্থলী থাকিলেও জলমণ্ডলতো জীৱজগতৰ বিস্তাৰ আছে। তদুপৰি, মৰুপ্ৰধান আৰু শীতপ্ৰধান অঞ্চলসমূহতো কম বেছি পৰিমাণে জীৱজগত বিদ্যমান।

(খ) যদিহে পৃথিৱীৰ উপৰিভাগৰ পৰা সাৰুৱা মাটি নোহোৱা হৈ যায়, তেতিয়া কি হ’ব?

উত্তৰঃ সাৰুৱা মাটি গছ-বন বা অৰণ্যৰে ভৰপূৰ থাকে, যিয়ে জীৱ-জন্তু আৰু পক্ষীকূলক আশ্ৰয় প্ৰদান কৰে। এই ধৰণৰ মাটি কৃষিকাৰ্যৰ বাবে অত্যন্ত উপযোগী। কৃষিৰ মাধ্যমে খাদ্যবস্তু উৎপাদন কৰি, মানুহে তাক উপভোগ কৰিহে আজি সমাজখন বাচি আছে। সাৰুৱা মাটি থকা অঞ্চলৰ আশে পাশে জনবসতি ঘন হয় আৰু উদ্যোগ আৰু অন্যান্য উৎপাদনমূলক কামকাজ চলি থাকে।

অতিৰিক্ত প্ৰশ্নঃ-

১। পৃথিৱীৰ আনুমানিক বয়স কিমান?

উত্তৰঃ পৃথিৱীৰ আনুমানিক বয়স ৪৫০ কোটি বছৰ।

২। পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান?

উত্তৰঃ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ ৬০০০॰ চেলছিয়াতকৈ বেছি।

৩। পৃথিৱীখনৰ ব্যাসাৰ্ধ কিমান?

উত্তৰঃ পৃথিৱীখনৰ ব্যাসাৰ্ধ হৈছে- ৬,৩৭৮ কিল ‘মিটাৰ।

৪। পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ৩ টা ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটা নাম লিখা।

উত্তৰঃ পৃথিৱীৰ পৃষ্ঠৰ পৰা অভ্যন্তৰ ভাগলৈ ৩ টা ভাগত ভাগ কৰা হৈছে। এই ভাগকেইটা নাম হৈছে- ভূত্বক, গুৰুমণ্ডল আৰু কেন্দ্ৰ মণ্ডল।

৫। ভূত্বক বুলি কাক কোৱা হয়?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়।

৬। ভূত্বক স্তৰটো প্ৰায় কিমান কিলোমিটাৰ ডাঠ?

উত্তৰঃ ভূত্বক স্তৰটো প্ৰায় ২০ কিল’মিটাৰ ডাঠ। অৱশ্যে মহাদেশীয় অংশত ই ১৬ কিল’মিটাৰৰ পৰা ৬০ কিল’মিটাৰ ডাঠ আৰু মহাসাগৰ তলিত ই মাত্ৰ ৫ কিল’মিটাৰ পৰা ১০ কি’ল মিটাৰ পৰ্যন্তহে ডাঠ।

৭। ভূত্বক স্তৰটো সাধৰণতে কি জাতীয় শিলেৰে গঠিত?

উত্তৰঃ ভূত্বক স্তৰটো সাধাৰণতে গ্ৰেণাইট জাতীয় শিলেৰে গঠিত।

৮। ভূত্বকৰ সমুদ্ৰ তলিৰ অংশটো মূলত কি জাতীয় শিলেৰে গঠিত?

উত্তৰঃ ভূত্বকৰ সমুদ্ৰ তলিৰ অংশটো মূলত বেছল্ট জাতীয় শিলেৰে গঠিত।

৯। ছিয়াল স্তৰ কাক কোৱা হয়?

উত্তৰঃ ভূত্বকৰ শিলবোৰত সাধাৰণতে ছিলিকন আৰু এলুমিনিয়াম পদাৰ্থৰ পৰিমাণ অধিক বাবে এই স্তৰটোক ছিয়াল স্তৰ বোলা হয়।

১০। গুৰুমণ্ডল স্তৰটো প্ৰায় কিমান কিল’মিটাৰ ডাঠ?

উত্তৰঃ গুৰুমণ্ডল স্তৰটো প্ৰায় ২,৯০০ কিল’মিটাৰ ডাঠ।

১১। কেন্দ্ৰমণ্ডলটো কিমান কিল’মিটাৰ ডাঠ?

উত্তৰঃ কেন্দ্ৰমণ্ডলটো ৩,৪৮৬ কিল’মিটাৰ ডাঠ।

১২। পৃথিৱীৰ গৰ্ভ মানে কি?

উত্তৰঃ পৃথিৱীৰ গৰ্ভ মানে হ’ল – কেন্দ্ৰমণ্ডল।

১৩। নিফ স্তৰ বুলি কাক কোৱা হয়?

উত্তৰঃ লো আৰু নিকেলৰ পৰিমাণ অধিক হোৱা বাবে এই স্তৰটোক নিফ স্তৰ বুলি জনা। যায়।

১৪। বহিঃ কেন্দ্ৰমণ্ডল কাক বোলা হয়?

উত্তৰঃ কেন্দ্ৰমণ্ডলৰ বহিঃভাগ এটা তৰল আৱৰণৰ দ্বাৰা গঠিত। ইয়াক বহিঃকেন্দ্ৰমণ্ডল বোলা হয়।

১৫। আন্তকেন্দ্ৰমণ্ডল স্তৰ কিমান কিল’মিটাৰ ডাঠ?

উত্তৰঃ আন্তকেন্দ্ৰমণ্ডল স্তৰটো ১,২২৮ কিল’মিটাৰ ডাঠ।

১৬। পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান কি?

উত্তৰঃ পৃথিৱীৰ খোলাটোৰ এক প্ৰধান উপাদান হৈছে- শিল।

১৭। শিলামণ্ডল কাক বোলা হয়?

উত্তৰঃ শিলেৰে গঠিত বাবে স্তৰটোক শিলামণ্ডল বোলা হয়।

১৮। শিল কাক বোলে?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ গোটা আৰু আপেক্ষিকভাৱে টান পদাৰ্থবোৰক শিল বোলে।

১৯। উৎপত্তি অনুযায়ী শিলক কেইপ্ৰকাৰে ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা লিখা।

উত্তৰঃ উৎপত্তি অনুযায়ী শিলক ৩ প্ৰকাৰে ভাগ কৰা হৈছে আৰু সেই ভাগকেইটা হৈছে- আগ্নেয় শিল, গেদীয় শিল আৰু ৰূপান্তৰিত শিল।

Leave a Reply

Your email address will not be published. Required fields are marked *