SCERT Class 8 Social Science Chapter 21 Answer 2026 | ১৮৫৭ চনৰ বিদ্ৰোহ | Chapter 21 | Class 8 Social Science Answer SCERT | Assam government School | Class 8 Social Science Question And Answe Assam Government Bidyalay | Class 8 Suggestion Assam Government School | Class 8 Notes Assam Government School | Download Book PDF অসম গৰমেণ্ট বিদ্যালয় অধ্যায় ১৬ | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ১৮৫৭ চনৰ বিদ্ৰোহ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

১। উত্তৰ লিখা

(ক) কেতিয়াৰপৰা ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে বৃটিছ উপনিৱেশত পৰিণত হ’ল?

উত্তৰঃ অষ্টাদশ শতিকাৰ দ্ধিতীয়াৰ্ধত ভাৰতবৰ্ষখন সম্পূৰ্ণৰূপে ইংৰাজ উপনিৱেশত পৰিণত হয়।

(খ) কোন গৱৰ্ণৰ জেনেৰেলৰ শাসন কালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মর্যাদা, উপাধি, পেন্সন আদি কাঢ়িলোৱা হৈছিল?

উত্তৰঃ ডেলহাউচিৰ শাসন কালত।

(গ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম ছহিদ কোন আছিল?

উত্তৰঃ মংগল পাণ্ডে।

(ঘ) মণিৰাম দেৱানৰ সৈতে কোনজন নেতাক ফাঁচি দিয়া হৈছিল?

উত্তৰঃ  পিয়লি বৰুৱা ।

(ঙ) অসমৰ কৃষক বিদ্ৰোহসমূহ কোনে পৰিচালনা কৰিছিল?

উত্তৰঃ ৰাইজ মেলসমূহে ।

২। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা

‘ক’ অংশ‘খ’ অংশ
 ক) ১৮৫৬ চনৰ আইন খ) ১৮৫৭ চনৰ ২৯ মাৰ্চ গ) ১৮৫৮ চন ঘ) ১৮২৮ চন ঙ) ১৮৬১ চন মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্ৰমণ গোমধৰ কোঁৱৰৰ বিদ্ৰোহ ফুলগুৰি ধেৱা সাগৰ যাত্ৰা বাধ্য়তামূলক কৰা ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন

উত্তৰঃ ক) ১৮৫৬ চনৰ আইন – সাগৰ যাত্ৰা বাধ্যতামূলক কৰা

            খ) ১৮৫৭ চনৰ ২৯ মার্চ – মংগল পাণ্ডেৰ সামৰিক বিষয়াক আক্রমণ

           গ) ১৮৫৮ চন – ভাৰতৰ শাসনভাৰ ৰাণী ভিক্টোৰিয়াৰ অধীন                             

          ঘ) ১৮২৮ চন – গোমধৰ কোঁৱৰৰ বিদ্রোহ

           ঙ) ১৮৬১ চন – ফুলগুৰি ধেৱা

৩। শুদ্ধ/অশুদ্ধ নিৰ্ণয় কৰা—

(ক) অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, সামৰিক, ধৰ্মীয় আদি নানা কাৰণত চিপাহী বিদ্ৰোহৰ সূত্ৰপাত হৈছিল।

উত্তৰঃ শুদ্ধ।

(খ) ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণটো আছিল মংগল পাণ্ডেৰ ফাঁচী।

উত্তৰঃ  অশুদ্ধ। 

(গ) ১৮৫৭ চনৰ বিদ্ৰোহত বাহাদুৰ ছাহ দ্বিতীয়ক ভাৰতবৰ্ষৰ সম্রাট বুলি ঘোষণা কৰিছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) মণিৰাম দেৱানে পুৰন্দৰ সিংহক আহোমৰ শাসনভাৰ দিবলৈ বৃটিছক আবেদন জনাইছিল।

উত্তৰঃ অশুদ্ধ।

(ঙ) ১৮৬১ চনৰ জানুৱাৰীত ৰঙিয়া, নলবাৰী আৰু বৰমাতো খাজনা বৃদ্ধিৰ প্ৰতিবাদত কৃষকে বিদ্রোহ কৰিছিল।

উত্তৰঃ শুদ্ধ।

৪। চমু টোকা লিখা—

(ক) মণিৰাম দেৱান

উত্তৰঃ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ যি ভূমিকা আছিল, তাৰ নেতৃত্ব দিছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা, যাক চমুকৈ মণিৰাম দেৱান বুলি জনা যায়। মণিৰাম দেৱান চতুৰ, ৰাজনৈতিক তথা প্রশাসনিক দক্ষতা সম্পন্ন ব্যক্তি আছিল। আৰম্ভণিতে তেওঁ এজন ইংৰাজ অনুৰাগী আছিল, কিন্তু ইংৰাজৰ বৈষম্যমূলক নীতিৰ ফলত নিজেও এজন ভুক্তভোগী হোৱা হেতুকে শেষত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষী হৈ পৰে।

মণিৰাম দেৱানে ইংৰাজৰ অধীনৰ দেৱানৰ চাকৰি ইস্তফা দি যোৰহাটৰ ওচৰৰ চিনামৰা আৰু চেলেঙত নিজেই দুটা চাহ বাগিচা খুলি প্ৰথম অসমীয়া তথা ভাৰতীয় চাহ খেতিয়ক হিচাপে প্রতিষ্ঠা লাভ কৰে। কিন্তু মণিৰামৰ এই ব্যৱসায় সহজভাৱে চলি নাহে; ইংৰাজে তেওঁক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰিবলৈ আৰম্ভ কৰে।

এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অসমৰ জনসাধাৰণৰ স্বার্থৰ ৰক্ষা কৰিবলৈ মণিৰাম দেৱানে পুনৰ কন্দপেশ্বৰ সিংহৰ অধীনত আহোম শাসন বিচাৰিছিল। এই উদ্দেশ্যে তেওঁ ইংৰাজৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে, আৰু অবশেষত ১৮৫৭ চনৰ বিদ্ৰোহৰ সুযোগ গ্ৰহণ কৰি অসমতো সশস্ত্র সংগ্রামৰ প্রস্তুতি আৰম্ভ কৰে।

এই উদ্দেশ্যে তেওঁ কলিকতাৰ পৰা পিয়লি বৰুৱা, কন্দপেশ্বৰ সিংহ আৰু অন্যান্য সহযোগীসকলৰ লগত যোগাযোগ কৰি বিদ্ৰোহৰ প্রস্তুতি চলাবলৈ আহ্বান জনালে। কিন্তু কোনো আত্মপক্ষ সমর্থনৰ সুযোগ নিদিয়াকৈ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাটত ফাঁচি দিয়ে।

(খ) ফুলগুৰি ধেৱা

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ ঘাটি পূৰাবলৈ সাধাৰণ জনতা আৰু কৃষকৰ ওপৰত অন্যায় ভাৱে ন ন কৰ আৰোপ কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পৰিণতিত সাধাৰণ খাটি খোৱা ৰাইজৰ নিৰ্বাঙ কৰাটো দুৰ্বিহঃ হৈ পৰিছিল। এনে এক পৰিস্থিতিতে অসমৰ প্ৰথমটো কৃষক বিদ্ৰোহ ১৮৬১ চনত ফুলগুৰিত সংঘটিত হৈছিল। ইয়াক ফুলগুৰি ধেৱা বুলি জনা যায়। এই কৃষক বিদ্ৰোহটো সমাজৰ মুখিয়াল লোকৰ দ্বাৰা গঠিত ৰাইজমেলৰ দ্বাৰা পৰিচালিত হৈছিল। ইংৰাজৰ প্ৰশাসনৰ বিৰোদ্ধে জাতি–ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকে এই বিদ্ৰোহত অংশ গ্ৰহণ কৰিছিল।

(গ) চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ আছিল এনফিল্ড ৰাইফলৰ গুলিৰ ব্যৱহাৰ। এই গুলিসমূহ বন্দুকত ভৰোৱাৰ আগতে দাঁতেৰে কামুৰি পেকেটটো এৰোৱাটো প্ৰয়োজন আছিল। গুলিসমূহত চর্বি জাতীয় পদার্থ মিহলাই দিয়া হৈছিল, আৰু গুজৱ উঠিছিল যে এই সংমিশ্ৰণ গাহৰি আৰু গৰুৰ চৰ্বিৰে তৈয়াৰী।

গাহৰি মুছলমানসকলৰ বাবে আৰু গৰু হিন্দু লোকৰ বাবে অভক্ষ্য স্বরূপ, সেইবাবেই ভাৰতীয় সৈন্যই ইয়াক ব্যৱহাৰ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰিছিল। সৈন্যসকলৰ বিশ্বাস দৃঢ় হৈছিল যে এই কাৰ্যৰ দ্বাৰা ইংৰাজে দেশীয় চিপাহীসকলৰ ধৰ্ম নষ্ট কৰিবলৈ চেষ্টা কৰিছে।

১৮৫৭ চনৰ ২৩ জানুৱাৰীত বংগৰ দমদম সেনা ছাউনীত চিপাহীসকলে এই গুলিৰ ব্যৱহাৰৰ প্ৰতিবাদ কৰিছিল। পাছত, ২৯ মার্চত বেৰেকপুৰৰ সেনাছাউনীত সেই গুলি ব্যৱহাৰ কৰিবলৈ নির্দেশ দিয়াত মংগল পাণ্ডেই এজন ইংৰাজ সামৰিক বিষয়াক আক্ৰমণ কৰি বিদ্ৰোহৰ সূচনা কৰে।

৫। চিপাহী বিদ্ৰোহৰ কাৰণবোৰক কেইভাগে বিভক্ত কৰিব পাৰি? যিকোনো এটা কাৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চিপাহী বিদ্ৰোহৰ কাৰণসমূহ হৈছে-

1) অৰ্থনৈতিক নীতি- অতিমাত্ৰা ৰাজহ সংগ্ৰহ, কৃষকৰ ওপৰত অত্যাধিক ঋণৰ বোজা, বৈষম্যমূলক নীতিৰ বাবে সমাজৰ অভিজাত, মধ্যবিত্ত শ্ৰেণী আৰু সামৰিক লোকসকলৰ তীব্ৰ আৰ্থিক সংকট।

2) ৰাজনৈতিক নীতি- লৰ্ড ডেলহাউচিৰ স্বত্ববিলোপ নীতিৰ দ্বাৰা দেশীয়ৰাজ্য অধিগ্ৰহণ, এচাৰ দেশীয় ৰজাৰ ৰাজকীয় মৰ্যদা ,পদবী, পেঞ্চন কৰ্তন ইত্যাদি ।

3) সামৰিক নীতি- দেশীয় চিপাহীসকলৰ প্ৰতি বৈষম্যমূলক আচৰণ, ইউৰোপৰ সৈন্যৰ দৰে একে হাৰত দৰমহা নোপোৱা, অতিৰিক্ত ভাট্টা নিদিয়া, পদোন্নতি নিদিয়া ইত্যাদি ।

4) ধৰ্মীয় নীতি-  খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ দ্ৰুত ধৰ্ম সম্প্ৰসাৰণ, পৰম্পৰাগত প্ৰথাৰ বিলোপ সাধন, ধৰ্মান্তৰিত লোকৰ সম্পত্তি বাজেয়প্ত কৰণ আদি কাৰক বোৰে ভাৰতীয়লোকক ইংৰাজৰ বিৰোধী কৰি তুলিছিল ।

৬। লর্ড ডেলহাউচিৰ নীতিসমূহ চিপাহী বিদ্ৰোহৰ বাবে কিমান জগৰীয়া বুলি ভাবা ? লিখা।

উত্তৰঃ 1) লৰ্ড ডেলহাউচিয়ে ইংৰাজৰ অগ্ৰাসন নীতি কঠোৰ ভাৱে পালন কৰিছিল আৰু ভালেমান দেশীয় ৰাজ্য অধিগ্রহণ কৰাত ভাৰতীয়ৰ মনত ভয়, শংকা, সন্দেহ আৰু অবিশ্বাসৰ সৃষ্টি হৈছিল।

2) এওঁৰ শাসনকালত এচাম দেশীয় ৰজাৰ ৰাজকীয় মর্যাদা, উপাধি, পেন্সন আদিও কাঢ়ি লোৱা হৈছিল।

3) অৰাজকতাৰ দোহাই দি অন্যায়ভাৱে অযোধ্যা ৰাজ্য দখল কৰি বৃটিছে চৰম অদূৰদৰ্শিতাৰ পৰিচয় দিছিল।

4) তাৰোপৰি মোগল সম্রাটৰ অস্তিত্ব নাশ কৰাৰ ষড়যন্ত্রততো ডেলহাউচি লিপ্ত হৈছিল। পিচে কোম্পানীৰ উৰ্ধতম মহলৰ হস্তক্ষেপত সি কার্যকৰীনহ’ল। তথাপিও সম্রাটৰ মৃত্যুৰ পিছত তেওঁৰ পৰিয়ালক লালকিল্লাৰ পৰা উৎঘাটন কৰা হ’ব বুলি ডেলহাউচিয়ে এক তাৎপর্যপূর্ণ ঘোষণা কৰিছিল।

এই সমস্ত ঘটনা-পৰিঘটনাসমূহে ভাৰতীয়ৰ মনত ইংৰাজৰ বিৰুদ্ধে বিদ্বেষ ভাবৰ সূচনা কৰিছিল।

৭। এচাম ইতিহাসবিদৰ মতে চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ স্বাধীনতাৰ প্ৰথম যুদ্ধ বুলি ক’ব পৰা নাযায়? যুক্তি দৰ্শোৱা।

উত্তৰঃ কিছু ইতিহাসবিদসকলৰ মতে  ১৮৫৭ চনৰ বিদ্রোহক ভাৰতৰ স্বাধীনতাৰ প্রথম যুদ্ধ বুলি গ্ৰহণ কৰিব নোৱাৰি । তাৰ কাৰণবোৰ হৈছে-

1) স্বাধীনতা যুদ্ধৰ আগৰ জাতীয়তাবাদৰ ধাৰণা সেই সময়ত জনসাধাৰণৰ মাজত উদ্ভৱ হোৱা নাছিল।

2) সমগ্ৰদেশজুৰি এই বিদ্ৰোহ হোৱা নাছিল। দক্ষিণ ভাৰতৰ লোকসকলে এই বিদ্রোহত অংশ গ্রহণ কৰা নাছিল।

3) তাৰোপৰি গোৰ্খা, শিখ, জমিদাৰ শ্ৰেণী আৰু বুদ্ধিজীৱিসকলো এই বিদ্ৰোহৰ পৰা আঁতৰত আছিল।

৮। চিপাহী বিদ্ৰোহৰ নেতাসকলৰ ফটো সংগ্ৰহ কৰি এটা এলবাম প্ৰস্তুত কৰা।

উত্তৰঃ FOR STUDENTS 

৯। ভাৰতৰ এখন মানচিত্র অংকণ কৰি চিপাহী বিদ্রোহ সংঘটিত হোৱা ঠাইসমূহ যথাস্থানত বহুওৱা।

উত্তৰঃ FOR STUDENTS 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top