SCERT Class 8 Social Science Chapter 25 Answer 2026 | আমাৰ মৌলিক কৰ্তব্য| Chapter 25 | Class 8 Social Science Answer SCERT | Assam government School | Class 8 Social Science Question And Ans Assam Government Bidyalay | Class 8 Suggestion Assam Government School | Class 8 Notes Assam Government School | Download Book PDF অসম গৰমেণ্ট বিদ্যালয় অধ্যায় ২৫ | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ উত্তৰ | অসম গৰমেণ্ট স্কুল | অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ আমাৰ মৌলিক কৰ্তব্য পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |


১। উত্তৰ লিখা-

(ক) নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা ?

উত্তৰঃ ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱনধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে, সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে, নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বোলে।

(খ) ২০০২ চনত নাগৰিকৰ বাবে সংযোজন কৰা কর্তব্যটো কি ?

উত্তৰঃ ২০০২ চনৰ ৮৬ তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ’ল “ছয়ৰ পৰা চৈধ্য বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব।” এইটো হ’ল পিতৃ-মাতৃ বা অভিভাৱকৰ মৌলিক কৰ্তব্য।

(গ) জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে ?

উত্তৰঃ জাতীয় পতাকা খন দেশৰ সন্মানৰ ধ্বজা । সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে ।

(ঘ) বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কর্তব্য কি ?

উত্তৰঃ বিদ্যালয়ৰ নিয়ম শৃংখলাবোৰ মানি চলিব লাগিব। বিদ্যালয়ৰ স্বাৱৰ বা অস্থাৱৰসা-সামগ্ৰী, সম্পত্তিৰ আদি প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে পৰস্পৰে পৰস্পৰৰ মাজত মৰম, চেনেহ, ভাতৃত্ববোধ, দয়া, সহানুভূতি আদি গুণৰ বিকাশ সাধন কৰিব লাগিব।

২। সংবিধানত উল্লেখিত যিকোনো পাঁচটা কর্তব্যৰ বিষয়ে লিখা।

উত্তৰঃ  ১) সংবিধান মানি চলা আৰু জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা প্ৰদান কৰা,

২) স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা, মহান আদৰ্শসমূহ পোষণ আৰু অনুসৰণ কৰা,

৩) ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ঐক্য আৰু সংহতি ৰক্ষা কৰা,

৪) দেশখন ৰক্ষা কৰা আৰু যেতিয়াই আহ্বান কৰা হয় তেতিয়াই দেশৰ প্ৰতি সেৱা আগবঢ়োৱা,

৫) ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বাস কৰা বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষী মানুহৰ মাজত ভ্ৰাতৃভাৱৰ সৃষ্টি কৰা আৰু মহিলা সকলৰ প্ৰতি মৰ্যাদা হানিকৰ আচৰণ ত্যাগ কৰা ।

৩। এন চি চি আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ’ব পাৰে লিখা ।

উত্তৰঃ  ক) সমাজসেৱা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা ।

    খ) শৃংখলাবদ্ধ জীৱনযাপন কৰিবলৈ শিকা ।

৪। প্রাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত?

উত্তৰঃ ক) জীৱিত প্ৰাণীৰ প্ৰতিপালন কৰা আৰু সেইবোৰক                                     ৰক্ষণাবেক্ষণ দিয়া,

খ)প্ৰাকৃতিক সম্পদ উন্নয়নৰ ব্যৱস্থা কৰা,

গ) যিকোনো ধৰণৰ প্ৰদূষণ সৃষ্টি কৰাৰ পৰা বিৰত থকা,

ঘ) গোলকীয় উষ্ণতা বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱা,

ঙ) পাৰিপাশ্বিক ভাৰসাম্যতা ৰক্ষাৰ ব্যৱস্থা কৰা ।

৫। খালী ঠাই পূৰ কৰা-

(ক) আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত ৫২ ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে ।

(খ) ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে ।

(গ) ৬-১৪ বছৰৰ সকলো শিশুক প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে।

(ঘ) ভাৰতীয় সংবিধানত মুঠ ১১ টা কৰ্তব্যৰ  কথা উল্লেখ আছে।

৬। শুদ্ধটো বাছি উলিওৱা—

(ক) ৰাষ্ট্ৰীয় প্রতীকৰ প্রতি সন্মান জনাব নালাগে/ লাগে ।

উত্তৰঃ লাগে ।

(খ) নলা-নর্দমাত প্লাষ্টিকৰ বেগ, জাঁবৰ-জোথৰ পেলাব লাগে /নালাগে ।

উত্তৰঃ নালাগে ।

(গ) বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে/নালাগে ।

উত্তৰঃ লাগে ।

(ঘ) শান্তি স্থাপনৰ বাবে হিংসাত্মক কার্য পৰিহাৰ কৰিব লাগে/নালাগে ।

উত্তৰঃ লাগে।

(ঙ) দেশৰ প্ৰতি সেৱা আগবঢ়াব লাগে /নালাগে ।

উত্তৰঃ লাগে ।

৭) জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা ।

উত্তৰঃ ক) মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা । শিক্ষাৰ জৰিয়তে সমাজৰ অন্ধবিশ্বাস আৰু মনৰ কুসংস্কাৰবোৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন কৰিব পাৰি ।

খ) শৃংখলাবদ্ধ জীৱনশৈলী জৰিয়তে মানুহে নিজৰ নৈতিক আৰু মানবীয় মূল্যবোধবোৰ জগাই তুলিব পাৰে। মানসিকভাৱে সুস্থ আৰু সবল ব্যক্তিৰহে বৈজ্ঞানিক দৃষ্টিভংগী আৰু চেতনা জাগ্ৰত হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top