Might Learn Logo Might Learn Shop Might Learn

AJB Class 4 Science Chapter 13 Answer আহাৰ আৰু সুস্বাস্থ্য

Chapter 13

আহাৰ আৰু সুস্বাস্থ্য

◻️ প্ৰশ্নাৱলী

(১) পুষ্টিকৰ বস্তু কিয় খাব লাগে ?

উত্তৰঃ আমাৰ শৰীৰত বিভিন্ন অংগ-প্ৰতংগ থাকে। এই অংগ-প্ৰতংগ বোৰ গঠন হ’বলৈ আৰু শৰীৰে দৰকাৰী কাম কৰিবলৈ পুষ্টিকৰ বস্তু খাব লাগে। খোৱা বস্তুতে শৰীৰ গঠনৰ বাবে দৰকাৰী পুষ্টিকৰ বস্তুবোৰ থাকে।

(২) সুষম আহাৰ কি ?

উত্তৰঃ শৰীৰৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ বস্তুবোৰ ঠিক হিচাপত থকা আহাৰকে সুষম আহাৰ বোলে।

(৩) কেঁচা শাক-পাচলি আৰু ফল-মূল কিয় খাব লাগে ?

উত্তৰঃ কিছুমান শাক-পাচলি আৰু ফল-মূল কেঁচাকৈ খাব লাগে। এইবোৰ শাক-পাচলি আৰু ফল-মূলত শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, কিছুমান খনিজ পৰ্দাথ আৰু প্ৰ’টিন থাকে। সিজালে বা ৰান্ধিলে, এই পুষ্টিকৰ গুণবেৰ কমি যায়। সেইবাবে এইবোৰ পাচলি কেঁচাই খাব লাগে।

(৪) খোৱাবস্তু কিয় ভালদৰে ধুই পৰিষ্কাৰ কৰি ল’ব লাগে ?

উত্তৰঃ বাৰীৰপৰা চিঙি অনা বা বজাৰৰ পৰা অনা খোৱা বস্তুত ধূলি-মাকতি লাগি থাকে। অপৰিষ্কাৰ ধুলি-মাকতি লাগি থকা বস্তুত বিভন্ন ৰোগৰ বীজাণু থাকে। এইবোৰ ধূই নাখালে এই বীজানুবোৰে শৰীৰত নানান ধৰণৰ ৰোগৰ সৃষ্টি কৰে। সেইবোবে খোৱা বস্তুবোৰ ভালদৰে ধূই খাব লাগে।

(৫) খোৱাবস্তু কিয় ভালকৈ চোবাই খাব লাগে ?

উত্তৰঃ খোৱাবস্তু ভালদৰে চোবাই খাব লাগে চোবাই নাখালে খোৱাবস্তু ঠিকমতে হজম নহয়।

(৬) দাঁত-মুখ ভালদৰে নুধুলে কি হয় ?

উত্তৰঃ দাঁত-মুখ ভালদৰে নুধুলে খোৱাবস্তুবোৰ দাঁতত লাগি থাকে। এইবোৰত ৰোগৰ বীজানুৱে বাহ লয় আৰু দাঁত পোকে খায়।

(৭) আমি কিয় পৰিশ্ৰম কৰিব লাগে ?

উত্তৰঃ আমি নিতৌ পৰিশ্ৰম কৰিব লাগে। পৰিশ্ৰম কৰিলে শৰীৰৰ বিভিন্ন অংগ-পতংগলৈ ঠিকমতে তেজ চলাচল কৰাত সহায় হয়। নিয়মীয়াকৈ ব্য়ায়াম, যোগাসন কৰিলে, খোজ কাঢ়িলে আৰু খেলা-ধূলা কৰিলে এজন সুস্বাস্থ্য়ৰ অধিকৰী হৈ থাকিব পাৰি।

(৮) মন ভালে ৰাখিবলৈ কি কি কৰিব পাৰি ?

উত্তৰঃ ভাল স্বাস্থ্য়ৰ লগতে মনটোও ভাল কৰি ৰাখিব লাগে। মনটো ভাল কৰি ৰাখিবলৈ ভাল কিতাপ পঢ়া, গান শুনা, গান গোৱা, খেলা-ধূলা কৰা, ভাল নাটক, চিনেমা চোৱা আদি কাম বোৰ কৰিব পাৰি।

(৯) খোৱাবস্তু কিয় ঢাকি ৰাখিব লাগে ?

উত্তৰঃ খোৱা বস্তু খোৱাৰ আগতে ভালদৰে ঢাকি থ’ব লাগে। নহ’লে এইবোৰত ধূলি-মাকতি, মাখি, পঁইতাচোৰা, ইত্য়াদি পোক-পৰুৱা পৰিব পাৰে। এইবোৰে ৰোগৰ বীজানু আনি খোৱাবস্তুত পেলায়হি।

(১০) গাজৰ, বিলাহী আদি কিয় সিজাই খাব নালাগে ?

উত্তৰঃ গাজৰ, বিলাহি আদি সিজাই খাব নালাগে। এইবোৰ শাক-পাচলিত শৰীৰৰ বাবে প্ৰয়োজনীয় ভিটামিন, কিছুমান খনিজ পদাৰ্থ আৰু প্ৰ’টিন থাকে। সিজালে বা ৰান্ধিলে এই পুষ্টিকৰ গুণবোৰ কমি যায়।

(১১) খোৱাবস্তু ভালে ৰখাৰ দুটা উপায় উল্লেখ কৰা ।

উত্তৰঃ খোৱা বস্তু ভালে ৰখাৰ দুটা উপায় হ’ল-

১) ৰেফ্ৰিজেৰেটৰ বা ফ্ৰিজত থৈ ফল-মূল, শাক-পাচলি আৰু নানা খোৱা বস্তু ভালেমান দিনলৈ সতেজ কৰি ৰাখিব পাৰি।

২) জাম-জেলি আচাৰ তৈয়াৰ কৰিও খোৱা বস্তু ভালদৰে ৰাখিব পাৰি।

(১২) আমাৰ শৰীৰটো কিয় পৰিষ্কাৰ কৰি ৰাখিব লাগে ?

উত্তৰঃ অপৰিষ্কাৰ হৈ আৰু লেতেৰা মলিয়ন কাপোৰ পিন্ধি থাকিলে আমাৰ শৰীৰত বিভিন্ন ৰোগৰ বীজানুৱে বাহ লয়। সদায় খোৱাৰ আগতে ভালদৰে হাত নুধুলে নখত থকা বিভিন্ন বীজানু শৰীৰত প্ৰবেশ কৰে। ভালদৰে দাঁত নামাজিলে দাঁতত খোৱা বস্তু লাগি থাকে আৰু এইবোৰত ৰোগৰ বীজানুৱে বাহ লয় আৰু দাঁত পোকে খায়। সেয়েহে পুষ্টিকৰ খাদ্য় খোৱাৰ উপৰিও আমি সদায় পৰিষ্কাৰ হৈ থাকিব লাগে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects