Class 7 Social Science Chapter 7 অসমৰ সম্পদ

অধ্য়ায়-৭
অসমৰ সম্পদ

অনুশীলনী :

১। উত্তৰ লিখা

(ক) কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰি অসমত গঢ়ি উঠা দুবিধ উদ্যোগৰ নাম কি?

উত্তৰঃ কাগজকল আৰু জুইশালা উদ্য়োগবোৰ কাঠ-বাঁহৰ ওপৰত ভিত্তি কৰে।

(খ) অসমত থকা ব্যঘ্ৰ প্ৰকল্প দুটাৰ নাম।

উত্তৰঃ অসমত থকা ব্য়ঘ্ৰ প্ৰকল্প দুটা হ’ল নামেৰি আৰু মানাহ।

(গ) অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ অসমৰ অধিকাংশ লোকৰ প্ৰধান জীৱিকা হ’ল- কৃষি ।

(ঘ) অসমৰ কোন ঠাইত গেছ ক্ৰেকাৰ উদ্যোগ অৱস্থিত?

উত্তৰঃ ডিব্ৰুগড়ৰ লেপেটকটাত গেছ ক্ৰেকাৰ উদ্য়োগ অৱস্থিত।

(ঙ) ইংৰাজসকলে অসমৰ কোন ঠাইত প্ৰথমতে খাৰুৱা তেলৰ সম্ভেদ পাইছিল?

উত্তৰঃ ১৮৮৯ চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথম ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়।

২। সঁচা-মিছা লিখা

(ক) অসমৰ ২০০ ছেণ্টিমিটাৰকতকৈ অধিক বৰষুণ হোৱা অঞ্চলৰ উদ্ভিদ সাধাৰণতে চিৰসেউজীয়া ।

উত্তৰঃ সঁচা।

(খ) শিমলু গছ পর্ণপাতী উদ্ভিদ শ্ৰেণীৰ অন্তর্গত।

উত্তৰঃ সঁচা।

(গ) অসমৰ জিলাসমূহত খাল, বিল আদি বহুতো জলাশয় আছে।

উত্তৰঃ সঁচা।

(ঘ) কপিলী বৰাক নৈৰ এখন উপ-নৈ।

উত্তৰঃ মিছা।

(ঙ) কুঁহিয়াৰ অসমৰ প্ৰধান কৃষিজাত দ্রব্য।

উত্তৰঃ মিছা।

(চ) চাহ এবিধ ৰোপণ কৃষি।

উত্তৰঃ সঁচা

৩। উদ্ভিদৰপৰা আমি কি কি পাওঁ? এখন তালিকা কৰা।

উত্তৰঃ আমি উদ্ভিদৰপৰা বহুটো বস্তু পাওঁ।
যেনে-

৪। বন্য প্রাণীসমূহৰ বাবে অভয়াৰণ্যৰ কিয় প্রয়োজন? (৫০টা মান শব্দৰ ভিতৰত লিখা।)

উত্তৰঃঅসমত বিভিন্ন প্ৰজাতিৰ বনৰীয়া প্ৰাণী দেখা যায়, যাৰ ভিতৰত গড়, হাতী, বাঘ, বনৰীয়া ম’হ, ভালুক, গাহৰি, আৰু বিভিন্ন প্ৰজাতিৰ বান্দৰ উল্লেখযোগ্য। এইবোৰৰ বাসস্থান এতিয়া কেবল সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্য়ানসমূহত সীমাবদ্ধ হৈ পৰিছে। অসমৰ বিৰল প্ৰজাতিৰ প্ৰাণীৰ ভিতৰত তকা হলক, গিবন, নল গাহৰি, সোণালী বান্দৰ, আৰু দেওহাঁহ অন্যতম। অসমৰ ৰাষ্ট্ৰীয় উদ্য়ান, বন্য়প্ৰাণী আৰু পক্ষী অভয়াৰণ্যসমূহত এই প্ৰাণীসমূহ সুৰক্ষিত হৈ থাকে, যাৰ ফলত ইহঁতে বংশবৃদ্ধিৰ সুবিধাও পায়।

৫। অসমৰ খাৰুৱা তেলৰ পুং আৰু কয়লাখনি থকা ঠাইসমূহৰ নাম লিখা।

উত্তৰঃ অসমত খাৰুৱা তেলৰ উৎপাদন বিশেষকৈ নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, বৰহোলা, লাকুৱা, আৰু দিহিং উপত্য়কাত হয়।

আনহাতে, কয়লাখনিৰ ক্ষেত্ৰত উজনি অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰ, নাফুক, আৰু নাগিনিমৰা অঞ্চলসমূহত কয়লা পোৱা যায়।

৬। ভূগর্ভজলৰ ব্যৱহাৰ সম্পৰ্কে প্ৰায় ৫০টা শব্দৰ ভিতৰত লিখা।

উত্তৰঃ অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপৰিও কিছুসংখ্যক জলাশয়ৰ পৰা পানী বিশুদ্ধ কৰি জনসাধাৰণৰ বাবে খোৱা পানীৰ যোগান প্ৰদান কৰা হয়। অসমৰ বিলসমূহৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু তাত থকা অৰ্হতা পৰিভ্ৰমী পক্ষীক কেন্দ্ৰ কৰি পৰিৱেশ পৰ্যটন উদ্য়োগ গঢ়িবলৈ যথেষ্ট সম্ভাৱনা আছে।

অসমৰ জলাশয় যেনে দীপৰ বিল, চানডুবি বিল, পানী দিহিং, আৰু মাগুৰী বিল বৰ্তমান সময়ত পৰ্যটনৰ বিশেষ কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছে। এই জলাশয়বোৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰ বিচৰণভূমি হিচাপে জনাজাত।

ভূগৰ্ভ জলৰ ক্ষেত্ৰতো অসম সমৃদ্ধ। অসমৰ ভূগৰ্ভত সঞ্চিত পানী খোৱাপানী, জলসিঞ্চন, আৰু ঔদ্য়োগিক কাম-কাজত ব্য়ৱহাৰ কৰা হয়, লগতে কৃষি কাৰ্ষৰ বাবে আৰু ব্যৱহাৰ কৰা হয়।

৭। অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়াবোৰ বহুওৱা।

(ক) ৩টা খাৰুৱা তেলৰ পুং

উত্তৰঃ মৰাণ, লাকুৱা, দিহিং।

(খ) ৩টা কয়লাখনি

উত্তৰঃ লিডু, জয়পুৰ, নাফুক।

(গ) ২টা তেল শোধনাগাৰ

উত্তৰঃ বঙাইগাঁও, নুমলিগড়।

(ঘ) চূণ শিল পোৱা এখন ঠাই

উত্তৰঃ ডিমা হাচাও জিলাৰ উমৰাংচু।

(চ) এটি নদী বন্দৰ

উত্তৰঃ ধুবুৰী।

(ছ) সোৱণশিৰি, পাগলাদিয়া, দিখৌ, ধনশিৰি, জাতিঙ্গা, ধলেশ্বৰী উপনৈ৷

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰপাৰৰ প্ৰধান উপনৈসমূহ।

Leave a Reply

Your email address will not be published. Required fields are marked *