Might Learn Logo Might Learn Might Learn Shop

AJB Class 5 Science Chapter 1 Answer জীৱৰ বৈশিষ্ট্য

জীৱৰ বৈশিষ্ট্য

পাঠ ১

১) প্রট’প্লাজম ক’ত থাকে? প্রট’প্লাজমত কি কি পদার্থ থাকে?

উত্তৰঃ মানুহৰ শৰীৰত প্ৰট’প্লাজম থাকে। প্ৰট’প্লাজমত প্ৰ’টিন, নিউক্লিয়িক, এছিড, লিপিড, কাৰ্বহাইড্ৰেট আদি থাকে।

২) জীৱৰ বৈশিষ্ট্যবােৰ কি?

উত্তৰঃ জীৱৰ বৈশিষ্ট্য়বোৰ হৈছে – 

– জীৱৰ শৰীৰত প্ৰট’প্লাজম থাকে।

– জীৱই জন্ম দিব পাৰে।

– জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়।

– জীৱক জীয়াই থাকিবলৈ খাদ্য়ৰ প্ৰয়োজন।

– জীৱৰ শ্বাস প্ৰক্ৰিয়া আছে।

– জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়।

– জীৱৰ নিৰ্দিষ্ট আয়ুস থাকে।

৩) বৃদ্ধি আৰু বিকাশ কি?

উত্তৰঃ সকলো জীৱ বাঢ়ি গৈ ডাঙৰ-দীঘলহয় অথবা বৃদ্ধি হয়। জন্মৰ পাছৰ পৰা পৈণত অৱস্থা নোপোৱালৈকে জীৱৰ শৰীৰটো বাঢঞি ওখ-ডাঙৰ হোৱা প্ৰক্ৰিয়াটোক বৃদ্ধি বোলা হয়।

    এই সময়ত শৰীৰৰ বিভিন্ন অংগ-পত্য়ংগৰ পৰিবৰ্তন ঘটি বৃদ্ধি হৈ পৈণত অৱস্থা পোৱাকে বিকাশ বোলে।

৪) জীৱই কোনাে উদ্দীপকৰ প্রতি কেনেকৈ সঁহাৰি জনায়? কিতাপত নথকা দুটা উদাহৰণ দিয়া।

উত্তৰঃ হাত বা ভৰিত কোনো তপত বা ঠাণ্ডা বস্তু লাগিলে আমি তৎক্ষণাৎ এনে বস্তুৰ পৰা হাত-ভৰি আঁতৰাই আনো। তেনেকৈ জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়।

উদাহৰণঃ- ১) জীৱৰ দেহৰ কোনো অংশত ম’হ বা মাখিয়ে কামোৰে তেতিয়া আমি হাতখন মাৰি দিয়া যায়।

২) জীৱই টোপনি গ’লে কোনোবাই মাট দি তৎক্ষণাৎ টোপনিৰ পৰা উঠাই দিয়া।

৫) শ্বাস প্রক্রিয়া কি? মানুহৰ দেহত এই প্রক্রিয়াটো কেনেকৈ চলে লিখা।

উত্তৰঃ জীৱই জীয়াই থাকিবলৈ উশাহ-নিশাহ লোৱাকে শ্বাস প্ৰক্ৰিয়া বোলা হয়।

    মানুহে উশাহত অক্সিজেন লয়। এই গেছ শৰীৰৰ ভিতৰত হাঁওফাঁও পায়গৈ। হাঁওফাঁওৰ পৰা অক্সিজেন তেজত মিহলি হয়। তেজে অক্সিজেন কঢ়িয়াই নি শৰীৰৰ সকলো কোষত যোগান ধৰে। কোষত আহাৰ আৰু অক্সিজেনৰ মাজত ক্ৰিয়া হয়। এই ক্ৰিয়াত কাৰ্বন-ডাই-অক্সাইড, পানী আৰু তাপ শক্তি উৎপন্ন হয়।

৬) উদ্ভিদে কোনখিনি কার্বন ডাই-অক্সাইড গ্রহণ কৰে আৰু কোনখিনি এৰি দিয়ে লিখা।

উত্তৰঃ উদ্ভিদৰ খাদ্য় প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় কাৰ্বন-ডাই-অক্সাইড গ্ৰহণ কৰে আৰু খাদ্য় প্ৰস্তুতৰ ফলত উৎপন্ন হোৱা কাৰ্বন-ডাই-অক্সাইড গেছ এৰি দিয়ে।

৭) জীৱ আৰু জড়ৰ মাজৰ পার্থক্যবােৰ লিখা।

উত্তৰঃ জীৱ আৰু জড়ৰ মাজৰ পার্থক্যবােৰ হৈছে – 

    জীৱই উশাহ-নিশাহ লয়। আনহাতে জড়ই উশাহ-নিশাহ নলয়।

    জীৱই বংশ বৃদ্ধি কৰে। আনহাতে জড়ই বংস বৃদ্ধি নকৰে।

    জীৱৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ হয়। আনহাতে জড়ৰ শৰীৰৰ বৃদ্ধি আৰু বিকাশ নহয়।

    জীৱই লৰচৰ কৰে। আনহাতে জড়ই লৰচৰ নকৰে।

৮) একোটা শব্দেৰে খালী ঠাই পূৰণ কৰা।

(ক) প্ৰ’টপ্লাজম থকা গােটবােৰক কোষ বােলে।

(খ) প্ৰ’টপ্লাজমত আটাইতকৈ সৰহ পৰিমাণে থকা পদার্থবিধ হ’ল পানী। 

(গ) বেক্টেৰিয়াৰ শৰীৰত থকা কোষৰ সংখ্যা এক।  

(ঘ) কেঁচুৱে ছালৰ সহায়ত উশাহ লয়।

(ঙ) বৃদ্ধি আৰু বিকাশৰ ফলত জীৱই পৈণত অৱস্থা পায়।

(চ) কেৱল উদ্ভিদে নিজৰ দেহত খাদ্য তৈয়াৰ কৰিব পাৰে।

(ছ) জীৱৰ জন্ম আৰু স্বাভাৱিক মৃত্যুৰ মাজৰ সময়ছােৱাক আয়ুস বােলে।

(জ) এবছৰতে বাঢ়ি নতুন গুটি ওলােৱাৰ পিছত মৰি যােৱা দুবিধ গছ হ’ল ধান আৰু সৰিয়হ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects