পাঠ ২১
শ্ৰমৰ সমমৰ্যদা আৰু সমমূল্য
১। উত্তৰ লিখা-
(ক) শ্ৰমৰ সমমৰ্যাদা মানে কি?
উত্তৰঃ পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামক স্বীকৃতি দিয়াকে শ্ৰমৰ সমমৰ্যাদা বোলে।
(খ) শ্ৰমৰ সমমূল্য কি সূচায়?
উত্তৰঃ পুৰুষ মহিলা নিৰ্বিশেষে ব্যক্তিয়ে কৰা কামৰ উচিত মূল্য প্ৰদান কৰাকে শ্ৰমৰ সমমূল্য বোলে।
(গ) প্রতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰঃ এগৰাকী উকিল হিচাপে প্ৰতিভা দেৱী সিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হৈছিল।
(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰ পৰা সাহিত্য সাধনাত ব্ৰতী হয়?
উত্তৰঃ ১৩ বছৰ বয়সৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে সাহিত্য় সাধনাত ব্ৰতী হয়।
(ঙ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ কল্পনা চাওলাই বৈমানিক অভিযন্ত্ৰা বিষয়ত ডিগ্ৰী লাভ কৰিছিল।
(চ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্ৰীয়ে প্রথম পুৰস্কাৰ লাভ কৰিছিল ?
উত্তৰঃ কলেজীয়া জীৱনত বাচেন্দ্ৰীয়ে ৰাইফল শ্বুটিঙত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
২। উত্তৰ লিখা-
(ক) পুৰুষ মহিলাৰ পাৰস্পৰিক সমমৰ্যদা আৰু সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ সমতা গণতন্ত্রৰ এক অন্যতম বৈশিষ্ট্য। ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। এই সমতা শব্দটোৱে আমাৰ দেশত জাতি, ধর্ম, বৰ্ণ আৰু লিংগভেদে সকলো মানুহৰ সকলো বিষয়তে সমান অধিকাৰৰ কথা সূচায়।
যদিও বাস্তৱত, আমাৰ দেশত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ বিষয়টোৱে বেছি গুৰুত্ব পোৱা নাই। লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কিন্তু সমাজ বা দেশখন প্ৰগতিৰ পথত আগুৱাই যাবলৈ, এনে বৈষম্যৰ অৱসান ঘটিবই লাগিব। যদি সমাজৰ আটাইবোৰ ছোৱালী আৰু মহিলাই পুৰুষৰ সমানে নিজৰ দক্ষতা প্ৰকাশ কৰাৰ সুযোগ পায়, তেতিয়াহ’লে সমাজ তথা দেশৰ উন্নতি হ’ব।
আজিৰ দিনত মহিলাসকলে দেশক ৰাজনৈতিক, সামৰিক, বিজ্ঞান, কলা, শিক্ষা, সংস্কৃতি আৰু খেলধূলা সকলো দিশতে নেতৃত্ব দি নিজৰ যোগ্যতা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিক আওকাণ কৰি কোনো সমাজব্যৱস্থা স্বাৱলম্বী হৈ উঠিব নোৱাৰে। পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে উন্নতিৰ পথ মসৃণ কৰে।
দেশৰ কল্যাণৰ বাবে পুৰুষ আৰু মহিলাই নির্বিশেষে আটাইতে সমানে দায়বদ্ধ। সেয়েহে মহিলাক পুৰুষতকৈ দুর্বল বুলি ভাবাৰ কোনো কাৰণ নাই।
(খ) লিংগ বৈষ্যমৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কেনেকৈ?
উত্তৰঃ লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কথাষাৰ সত্য। ঘৰ এখনত কন্যা শিশুৰ পঢ়া-শুনা আৰু খেলা-ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধ্য-বাধকতা আৰোপ কৰা হয়, সেই ক্ষেত্ৰত ল’ৰা শিশুৰ সৈতে বেছি শিথিলতা দেখা যায়।
বহু সময়ত সমাজত মহিলাসকলৰ কৰা কামৰ স্বীকৃতি নাপায়, আৰু তেওঁলোকৰ কামৰ সঠিক মূল্য দিয়া নহয়। ঘৰুৱা কামত মহিলাসকল পুৰুষতকৈ অধিক জড়িত থাকিব লাগে বুলি এটা পৰম্পৰা আমাৰ সমাজত এতিয়াও প্ৰচলিত। আনহাতে, ঘৰৰ বাহিৰৰ কামবোৰ অধিক কষ্টসাধ্য বুলি ধৰা হয়, আৰু সেইবোৰৰ বাবে মহিলাসকলক উপযোগী বুলি ধৰা হোৱা নাই।
তাৰোপৰি, মহিলাসকলৰ কৰা কামৰ ভট্টা বা মজুৰি পুৰুষৰ তুলনাত কম। এই বৈষম্যৰ অৱসান ঘটাবলৈ সমাজে সজাগ হ’ব লাগিব।
(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?
উত্তৰঃ সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য। পৰম্পৰাগত ধাৰণা অনুসৰি মহিলাসকলক ঘৰুৱা কাম-কাজৰ মাজতে আৱদ্ধ কৰি ৰখাৰ ব্যৱস্থা আছিল। কিন্তু কালক্ৰমত শিক্ষা ব্যৱস্থাৰ উন্নতিৰ ফলত মহিলাসকলৰ লগত জড়িত সমাজৰ বহুতো পৰম্পৰা সলনি হৈছে।
আজিৰ দিনত, পুৰুষসকলৰ দৰে মহিলাসকলো কৃষি, উদ্যোগ, আৰু সেৱা সকলো ক্ষেত্ৰত যথেষ্ট পাৰদৰ্শী ভূমিকা পালন কৰিছে। মহিলাসকল সাধাৰণতে মেধাসম্পন্ন আৰু কষ্টসহিষ্ণু। নিজৰ আত্মবল আৰু আত্মবিশ্বাসৰ সহায়ত তেওঁলোকে সকলো বাধা নেঙাৰি নিজৰ প্রতিভা বিকশিত কৰিব পাৰে আৰু সমাজৰ প্ৰগতিত নিজৰ অৱদান আগবঢ়াব পাৰে।
৩। খালী ঠাই পূৰ কৰাঃ
(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
উত্তৰঃ নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
(খ) সমাজৰ ত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
উত্তৰঃ সমাজৰ উন্নতি ত পুৰুষৰ সমানেই মহিলাৰ অৱদান অনস্বীকাৰ্য।
(গ) গণতন্ত্র এক অন্যতম বৈশিষ্ট্য।
উত্তৰঃ সমতা গণতন্ত্ৰ এক অন্য়তম বৈশিষ্ট্য়।
(ঘ) মহিলা সকলো পুৰুষৰ সমানে আৰু দায়িত্বশীল।
উত্তৰঃ মহিলা সকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল।
(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু ।
উত্তৰঃ আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।