AHSEC Class 11 Geography Chapter 13 জলভাগ (মহাসাগৰবোৰ) Question Answer

জলভাগ (মহাসাগৰবোৰ)

অনুশীলন

১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions)

(ক) তলৰ কোনটো জলচক্ৰৰ অংশ নহয়

(১) বাষ্পীভৱন (Evaporation)

(২) পানীকৰণ (Hydration)

(৩) অধঃক্ষেপণ (Precipitation)

(৪) ঘণীভূত হোৱা (Condensation)

উত্তৰঃ (২) পানীকৰণ (Hydration)

(খ) মহীঢালৰ গড় গভীৰত কিমান?

(১) ২-২০ মিটাৰ।

(২) ২০০ ২,০০০ মিটাৰ।

(৩) ২০-২০০ মিটাৰ।

(৪) ২,০০০ ২০,০০০ মিটাৰ।

উত্তৰঃ (২) ২০০ ২,০০০ মিটাৰ।

(গ) তলৰ কোনটো সাগৰৰ তলিৰ ক্ষুদ্র ভূ-অৱয়ব নহয়

(১) জলমগ্ন পাহাৰ শৃঙ্গ (Seamount)

(২) এটল (Atoll)

(৩) সাগৰীয় খাত (Oceanic Deep)

(৪) নিমগ্ন দ্বীপ (Guyot)

উত্তৰঃ (২) এটল (Atoll)

(ঘ) লৱণতা মানে হ’ল লোণৰ পৰিমাণ প্রতি সাগৰৰ পানীত দ্রৱীভূত থকা

(১) ১০ গ্রাম।

(২) ১০০ গ্রাম।

(৩) ১,০০০ গ্রাম।

(৪) ১০,০০০ গ্রাম।

উত্তৰঃ (৩) ১,০০০ গ্রাম।

(৬) তলৰ কোনখন আটাইতকৈ সৰু মহাসাগৰ ?

(১) ভাৰত মহাসাগৰ।

(২) আর্কটিক মহাসাগৰ।

(৩) আটলান্টিক মহাসাগৰ।

(৪) প্রশান্ত মহাসাগৰ।

উত্তৰঃ (২) আর্কটিক মহাসাগৰ।

২. তলৰ প্রশ্নবোৰৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(ক) পৃথিৱীক কিয় নীলা গ্রহ কোৱা হয়।

উত্তৰঃ পৃথিৱী হৈছে সৌৰজগতৰ একমাত্র গ্ৰহ য’ত প্ৰচুৰ পৰিমাণে পানী আছে। পৃথিৱীৰ মুঠ পৃষ্ঠৰ প্ৰায় ৭১% অংশ পানীয়ে ঢকা আৰু বাকী ২৯% অংশ মাটি। পানী থকা বাবে পৃথিৱীত জীৱন ধাৰণ কৰিব পৰা যায়। আন সৌৰজগতৰ গ্ৰহসমূহত যথেষ্ট পানী নথাকাৰ বাবে জীৱনধাৰন সম্ভৱ নহয়।

মহাকাশৰ পৰা পৃথিৱীক পৰ্যবেক্ষণ কৰিলে ইয়াৰ ওপৰিভাগ নীল ৰঙৰ প্ৰাধান্য দেখায়, কাৰণ সাগৰৰ পানীয়ে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰে। সেই বাবে পৃথিৱীক নীলাগ্ৰহ বুলি জনা যায়। পানীৰ অভাৱৰ বাবে সৌৰজগতৰ অন্য গ্ৰহসমূহত এনে নীল বৰণ দেখা নাযায়।

(খ) মহাদেশীয় কার্য (margin) কি?

উত্তৰঃ পৃথিৱীৰ উপৰিভাগৰ স্থলভাগত পাহাৰ, সমভূমি, মালভূমি আদি বিভিন্ন অবয়ব দেখা যায়। একে ধৰণে মহাসাগৰৰ তলিও অৱয়বৰে ভৰপূৰ্ণ। স্থলভাগত পৰা ক্ৰমে মহাসাগৰলৈ গৈ প্ৰথমে যি অঞ্চল পোৱা যায়, সেই অঞ্চলক মহাদেশীয় কাষ (continental margin) বা মহীসোপান বোলা হয়। ই মহাদেশৰ অংশৰ অব্যাহতিপ্রাপ্তি, যি সাগৰৰ তলিফালে আগবাঢ়ি যায়, তাক সাগৰৰ দিশে মহাদেশীয় কাষ বোলা হয়।

মহাদেশীয় কাষৰ প্ৰস্থ আৰু বৈশিষ্ট্য অঞ্চল অনুসৰি বেলেগ–বেলেগ। উদাহৰণস্বৰূপে আৰ্কটিক মহাসাগৰৰ চাইবেৰিয়ান উপকূলত মহাদেশীয় কাষ যথেষ্ট বহল, আনহাতে চিলি দেশৰ উপকূলে ই অত্যন্ত সৰু আৰু সৰু প্ৰান্তবিশিষ্ট। এই বৈচিত্র্য সমুদ্রৰ তলিবিভাগ আৰু উপকূলৰ ভৌগোলিক গঠনত নিৰ্ভৰ কৰে।

(গ) মহাসাগৰবোৰৰ গভীৰ খাতবোৰ তালিকাভুক্ত কৰা।

উত্তৰঃ মহাসাগৰৰ তলিদেশত এতিয়ালৈকে ৫৭ টা খাত বিচাৰি পোৱা গৈছে। তাৰ ভিতৰত ৩২ টা প্ৰশান্ত মহাসাগৰত, ১৯ টা আটলাণ্টিক মহাসাগৰত আৰু ৬ ট ভাৰত মহাসাগৰত। কেইটামান উল্লেখযোগ্য গভীৰ খাতৰ নাম তলত উল্লেখ কৰা হল-

প্ৰশান্ত মহাসাগৰঃ

(i) মেৰিয়ান খাত (১১.০২২ মিটাৰ)

(ii) ফিলিপাইন বা মিণ্ডানাও খাত (১০,৪৭৫ মিটাৰ)

(iii) জাপান খাত (১০,৫৫৮ মিটাৰ)

(iv) কিউৰাইল খাত (১০,৪৯৮ মিটাৰ)

(v) এলুচিয়ান খাত (৭,৬৮২ মিটাৰ)

(vii) আটাকামা খাত (৭,৬৩৫ মিটাৰ)

(i) টাংগা খাত (১০,৮৮২ মিটাৰ)

আটলাণ্টিক মহাসাগৰঃ

(i) ৰোমাঞ্চ খাত (৭,৬৩১ মিটাৰ)

(ii) পুৰ্টৰিকো খাত (৮,৩৮৫ মিটাৰ)

ভাৰত মহাসাগৰঃ

(i) জাভা খাত (৭,৪৫৪ মিটাৰ)

(ঘ) থার্মোক্রাইন বা উত্তাপৰেখা (thermocline) কি?

উত্তৰঃ মহাসাগৰৰ পানীৰ গভীৰতা অনুসৰি পানীৰ তাপমাত্রা বেলেগ হয়। সাধাৰণতে, পানীৰ ওপৰিভাগত সূৰ্যৰ তাপৰ প্ৰভাৱৰ বাবে পানী গৰম থাকে, কিন্তু গভীৰ পানীভাগ শীতল থাকে। যদি এই তাপ-গভীৰতাৰ পৰিৱর্তনক পাৰ্শ্বচিত্ৰত দৰ্শোৱা হয়, তেন্তে দেখা যায় গভীৰতা বৃদ্ধি হোৱাত তাপমান ক্ৰমে হ্ৰাস হয়।

এই পৰিৱর্তনৰ মাজত থকা সীমান্ত অঞ্চলক থাৰ্মোক্লাইন বা উত্তাপৰেখা বোলা হয়। ইয়াত পানীৰ তাপমান তীব্ৰ হাৰত হ্ৰাস পায় আৰু এই স্তৰৰ ওপৰত ওপৰিভাগত গৰম পানী আৰু তলৰ শীতল পানী পৃথক হৈ থাকে। থাৰ্মোক্লাইন মহাসাগৰৰ উষ্ণ আৰু ঠাণ্ডা স্তৰৰ মাজত শক্তিশালী তাপীয় স্তৰ হিচাপে কাম কৰে।

(ঙ) সাগৰৰ ফালে গ’লে তুমি কি কি উত্তাপৰ স্তৰ পাবা? গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য হয় কিয়?

উত্তৰঃ সাগৰৰ পানীৰ গভীৰতা বাঢ়ি যোৱাৰ লগে লগে তাপমান কমি যায়। এই বাবে মহাসাগৰত তিনিটা স্পষ্ট উত্তাপৰ স্তৰ দেখা যায়। প্ৰথম স্তৰ হৈছে পৃষ্ঠ তৰপ (surface layer), প্ৰায় ৫০০ মিটাৰ ডাঠ আৰু ২০–২৫° ছেলছিয়াছৰ উত্তাপ থাকে। ই প্ৰধানকৈ সূৰ্যৰ তাপৰ প্ৰভাৱত গৰম থাকে। দ্বিতীয় স্তৰ হৈছে থাৰ্মোক্লাইন (thermocline), য’ত তাপমান তীব্ৰ হাৰত হ্ৰাস পায় আৰু ৫০০–১০০০ মিটাৰ ডাঠ।

তৃতীয় স্তৰ হৈছে গভীৰ স্তৰ (deep layer), য’ত পানী বৰশীতল আৰু প্ৰায় ০° ছেলছিয়াছৰ কাছাকাছি থাকে। গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য সূৰ্যৰ ৰশ্মি কম প্ৰৱেশ, ওপৰৰ পানীৰ তাপ প্ৰবাহ আৰু পানীৰ ঘনত্বৰ পৰিৱর্তনৰ বাবে হয়। এই স্তৰৰ প্ৰভাৱ সমুদ্ৰজীৱন আৰু সাগৰৰ বৈশিষ্ট্যৰ ওপৰত গুৰুত্বপূৰ্ণ।

(চ) সাগৰৰ পানীৰ লৱণতা কি?

উত্তৰঃ সাগৰৰ পানীত থকা লোণৰ পৰিমাণক লৱণতা (salinity) বোলা হয়। প্ৰাকৃতিক পানী সকলো ধৰণৰ লোণৰ সামান্য পৰিমাণে সমৃদ্ধ থাকে, কিন্তু সাগৰৰ পানীত ইয়াৰ পৰিমাণ বেছি। লৱণতা হৈছে প্ৰতি ১০০০ গ্ৰাম পানীত থকা লোণৰ গ্ৰামৰ পৰিমাণ।

সাগৰৰ পানীৰ লৱণতা প্ৰায় ৩৫‰ (প্ৰতি হাজাৰ ভাগ ৩৫ অংশ) থাকে। যদি কোনো পানীত প্ৰায় ২৪.৭‰ লোণ থাকে, তাক লুণীয়া (brackish) পানী বুলি জনা হয়। লৱণতা মহাসাগৰৰ পানীৰ এক বিশেষ বৈশিষ্ট্য, যি পানীৰ ঘনত্ব, তাপমান আৰু সমুদ্ৰজীৱনক প্ৰভাৱিত কৰে। অঞ্চল অনুসৰি বৰষুণ, বাষ্পীভৱন আৰু নদীৰ প্ৰবাহৰ বাবে লৱণতাৰ পৰিমাণ সৰু–বৃহৎ হ’ব পাৰে।

৩. তলৰ প্রশ্নবোৰ ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া।

(ক) জলচক্ৰৰ বিভিন্ন উপাদানবোৰ কেনেকৈ পৰস্পৰ সম্পর্কিত?

উত্তৰঃ জলচক্ৰ বুলিলে পৃথিৱীৰ ওপৰত পানীৰ চক্ৰাকাৰ গতিক বুজোৱা হয়। পানী বায়ুমণ্ডলত বাষ্প, গেছ আৰু ঘনীভূত অৱস্থাত থাকে। সূৰ্যৰ তাপৰ প্ৰভাৱত মহাসাগৰ, সাগৰ আৰু নদীৰ পানী বাষ্পীভৱন হৈ বায়ুমণ্ডললৈ উঠে। বায়ুমণ্ডলত বাষ্পৰ ঘনত্ব বৃদ্ধি পালে বা ঠাণ্ডা হাওঁৰৰ সংস্পর্শত আহিলে বাষ্প কণিকা একেলগে মিলি বড় পানী কণিকাত পৰিণত হয়। এই প্ৰক্ৰিয়াক ঘনীভৱন বুলি কোৱা হয়।

ঘনীভৱনৰ ফলত হোৱা পানী কণিকাবোৰ তললৈ পৰে, যাক অধঃক্ষেপন বুলি কোৱা হয়। অধঃক্ষেপন বৰষুণ, তুষাৰপাত বা শিলা বৰ্ষণৰ ৰূপত হ’ব পাৰে। এইদৰে বাষ্পীভৱন, ঘনীভৱন আৰু অধঃক্ষেপন পৰস্পৰ সম্পৰ্কিত হৈ পানীৰ বায়ুমণ্ডল, স্থলমণ্ডল আৰু জলমণ্ডলৰ মাজত জলচক্ৰৰ অবিচ্ছিন্ন গতি সৃষ্টি কৰে।

(খ) সাগৰীয় পানীৰ উত্তাপ বিতৰণত কোনবোৰ কাৰকে প্রভার পেলায়।

উত্তৰঃ

Scroll to Top