📖 Might Learn

SVN Class 3 Niti Mallika Chapter 1 ডাক্তৰ মামাৰ কথা Question Answer 2026 |

ডাক্তৰ মামাৰ কথা

আৰ্হি প্ৰশ্নঃ

(ক) গৰমৰ বন্ধৰ দিনা সপোনটিহঁতে পুৱাতে কি বিচাৰি ওলাই গৈছিল ?

উত্তৰঃ গৰমৰ বন্ধৰ দিনা সপোনটিহঁতে পুৱাতে ফুল বিচাৰি ওলাই গৈছিল।

(খ) গৰমৰ বন্ধৰ দিনা সপোনটিহঁতৰ বিদ্যালয়লৈ কোন আহিছিল ?

উত্তৰঃ গৰমৰ বন্ধৰ দিনা সপোনটিহঁতৰ বিদ্যালয়লৈ ডাক্তৰ মামা আহিছিল।

(গ) ডাক্তৰ মামাই সপোমটিহঁতক কিহৰ বিষয়ে ক’বলৈ আহিছিল ?

উত্তৰঃ ডাক্তৰ মামাই সপোমটিহঁতক অসুখ-বিসুখৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি,তাৰে কিছু প্ৰাথমিক কথা ক’বলৈ আহিছিল।

(ঘ) শৰীৰ সুস্থ ৰাখিবলৈ গৰমৰ দিনত কি খোৱা উচিত ?

উত্তৰঃ শৰীৰ সুস্থ ৰাখিবলৈ গৰমৰ দিনত যথেষ্ট বিশুদ্ধ পানী খোৱা উচিত।

(ঙ) স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক কথাখিনি চমুকৈ লিখা |

উত্তৰঃ স্বাস্থ্য ৰক্ষা কৰিবলৈ আমি দৈনন্দিন জীৱনত কিছুমান প্ৰাথমিক নিয়ম মানি চলিব লাগে। আমাৰ শৰীৰৰ অংগসমূহ যেনে চকু, কাণ, দাঁত, নখ, চুলি, ছাল আদি সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে।

চকুঃ চকুৰ সহায়ত আমি দেখা পাওঁ। সেয়ে চকু সদায় পৰিষ্কাৰ পানীৰে ধুব লাগে। সেউজীয়া শাক-পাচলি আৰু পুষ্টিকৰ আহাৰ খাব লাগে। চকুৰ অসুবিধা হ’লে ডাক্তৰৰ পৰামৰ্শ ল’ব লাগে।

কাণঃ কাণেৰে আমি শুনো। কাণত মলি জমা হ’বলৈ দিব নালাগে আৰু নিয়মিতভাৱে পৰিষ্কাৰ কৰিব লাগে। কাণত বিষ বা অন্য সমস্যা হ’লে ডাক্তৰ দেখুৱাব লাগে।

দাঁতঃ দাঁতৰ সহায়ত আহাৰ চোবাই খাওঁ। সেয়ে পুৱা আৰু ৰাতি দাঁত ব্রাছ কৰিব লাগে। বেছি মিঠাই খাব নালাগে আৰু দাঁত সুস্থ ৰাখিবলৈ গাখীৰ আদি পুষ্টিকৰ খাদ্য খাব লাগে।

নখঃ নখ সদায় চুটি কৰি পৰিষ্কাৰ ৰাখিব লাগে। ডাঙৰ নখত মলি জমা হৈ অসুখ হ’ব পাৰে।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top