SVN Class 3 Assamese Text Book Solution 2026 Chapter 7| Sankardev School Assamese Chapter 7 মহাপুৰুষ (কবিতা) Solution

মহাপুৰুষ (কবিতা)

অনুশীলনীঃ

১। মহাপুৰুষ দুজনাৰ নাম কি কি লিখা।

উত্তৰঃ মহাপুৰুষ দুজনাৰ নাম শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।

২। এজন সূৰ্য, এজন চন্দ্ৰই কাক কাক বুজাইছে?

উত্তৰঃ সূৰ্য শংকৰদেৱ আৰু চন্দ্ৰ মাধৱদেৱক বুজাইছে।

৩। আচাৰ্য- আচাৰ্যাৰ পৰা শব্দাৰ্থ জানি লোৱা ―

উত্তৰঃ উজ্জ্বল – জিলিকি থকা।

প্ৰভাত – পুৱা।

আন্ধাৰ – অন্ধকাৰ।

বিদূৰ – দূৰ।

ভক্তি – ভকতি।

হৃদয় – হিয়া।

অমৃত – অমৰত্ত।

৪। বাক্য সাজা ―

সূৰ্য – সূৰ্য পুৱা পূব দিশত উদয় হয়।

চন্দ্ৰ – ৰাতি আকাশত চন্দ্ৰ উলায়।

মাণিক – শংকৰদেৱে অসমৰ বাবে বহুতো মাণিক সম্পদ আগবঢ়াই থৈ গৈছে।

প্ৰভাত – প্ৰভাতে আমি সূৰ্য নমস্কাৰ কৰিব লাগে।

৫। বিপৰীত শব্দ লিখা 一

আন্ধাৰ – পোহৰ।

প্ৰভাত – ৰাতি।

অমৃত – বৃষ।

৬। শংকৰদেৱৰ বিষয়ে যিয়ে জানা কোৱা আৰু লিখা।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয় ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ আলিপুখুৰীত। তেওঁৰ পিতৃৰ আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ আছিল সত্য়সন্ধ্য়া। শংকৰদেৱৰ সৰুতে মাক-দেউতাকৰ বিয়োগ হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক যত্ন লৈ লালন-পালন কৰি ডাঙৰ-দীঘল কৰে। খেৰসুতীৰ যত্নতেই মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে পঢ়িছিল। শংকৰদেৱ আছিল একাধাৰে সাহিত্য়িক, সমাজ-সংগঠক আৰু ধৰ্ম-প্ৰচাৰক। সেই সময়তে গোটেই অসম জুৰি ধৰ্মৰ নামত নানা অনাচাৰ-ব্য়ভিচাৰবোৰ দূৰ কৰিবৰ বাবে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিছিল। শংকৰদেৱে মাত্ৰ ছ’কুৰি বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে। ১৫৬৮ চনত তেওঁৰ কোচবিহাৰৰ ভোলা-ডোঙা সত্ৰত মৃত্য়ু হয়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top