SVN Class 3 Assamese Text Book Solution 2026 Chapter 15| Sankardev School Assamese Chapter 15 অসমৰ দুগৰাকী সাহসী নাৰী Solution

অসমৰ দুগৰাকী সাহসী নাৰী

অনুশীলনীঃ

১। প্ৰশ্নৰ উত্তৰ লিখাঃ

(ক) পাঠটোত থকা সাহসী ছোৱালীজনীৰ নাম কি?

উত্তৰঃ পাঠটোত থকা সাহসী ছোৱালীজনীৰ নাম কনকলতা বৰুৱা।

(খ) শোভাযাত্ৰাৰ দলটোৱে কোনখন থানাত পতাকা উৰুৱাবলৈ গৈছিল?

উত্তৰঃ শোভাযাত্ৰাৰ দলটোৱে গহপুৰ থানাত পতাকা উৰুৱাবলৈ গৈছিল।

(গ) তেওঁলোকক কোনে বাধা দিছিল?

উত্তৰঃ তেওঁলোকক পুলিচে বাধা দিছিল।

(ঘ) তেওঁলোকে কি বুলি ধ্বনি দিছিল?

উত্তৰঃ তেওঁলোকে ‘বন্দে মাতৰম্’ বুলি ধ্বনি দিছিল।

(ঙ) ভোগেশ্বৰী ফুকননীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?

উত্তৰঃ ভোগেশ্বৰী ফুকননীৰ পিতৃ আছিল আত্মাৰাম বুঢ়াগোঁহাই আৰু মাতৃ নীলেশ্বৰী বুঢ়াগোঁহাই আছিল।

২। তলৰ শব্দবোৰেৰে বাক্য সাজাঃ

সংশয় – ৰহিমৰ মনত অনবৰতে সংশয় থাকে।

আন্দোলন – কনকলতাই দেশ স্বাধীনৰ বাবে আন্দোলন কৰিছিল।

জন্ম – অহাকালি মোৰ ভাইটি জন্ম হোৱাৰ প্ৰায় ১ মাহ হ’ব।

আহুতি – কনকলতাই দেশৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল।

৩। বিপৰীত অৰ্থবোৰ মিলোৱাঃ

ভাল পৰাধীন

ভয় আছে

স্বাধীন নিৰ্ভয়

আগবঢ়া নকৰা

নাই পিছপৰা

কৰা বেয়া

উত্তৰঃ

ভাল বেয়া

ভয় নিৰ্ভয়

স্বাধীন পৰাধীন

আগবঢ়া পিছপৰা

নাই আছে

কৰা নকৰা

৪। বাক্যবোৰ সম্পূৰ্ণ কৰাঃ

(ক) কনকতলতাৰ দেউতাকৰ নাম কি আছিল কৃষ্ণকান্ত বৰুৱা

(খ) কনকলতাৰ মাকৰ নাম আছিল কনকেশ্বৰী বৰুৱা

(গ) কনকলতাৰ জন্ম গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত

(ঘ) তেওঁলোকে পতাকা উৰুৱাবলৈ গৈছিল গহপুৰ থানাৰ অভিমুখে

৫। কনকলতা বৰুৱা আৰু ভোগেশ্বৰী ফুকননীৰ চমু পৰিচয় দিয়া।

উত্তৰঃ কনকলতা বৰুৱাৰ জন্ম হয় ১৯২৮ চনত গহপুৰৰ ওচৰৰ বৰঙাবাৰী গাঁৱত। কনকলতাৰ দেউতাকৰ নাম কি আছিল কৃষ্ণকান্ত বৰুৱা আৰু মাকৰ নাম আছিল কনকেশ্বৰী বৰুৱা। তেখেত এগৰাকী দেশপ্ৰেমী মহিলা আছিল। তেখেতে ১৯৮২ চনত দেশ ৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল।

ভোগেশ্বৰী ফুকননীৰ জন্ম হৈছিল ১৮৮৫ চনত। তেখেতৰ স্বামীৰ নাম আছিল ভোগেশ্বৰ ফুকন। তেখেত এগৰাকী সাহসী আৰু দেশপ্ৰেমী মহিলা আছিল। বৃটিছ সাম্ৰাজ্যৰ বিৰোধীতা কৰি কেপ্তেইন ফিনিচৰ ৰিভলভাৰৰ গুলিত ১৯৪২ চনৰ ২০ চেপ্টেম্বৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top