SVN Class 4 Social Science Text Book Solution 2026 Chapter 2| Sankardev Class 4 School Social Science Chapter 2 অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন Solution

অসমৰ বিভিন্ন জনগোষ্ঠী আৰু সাংস্কৃতিক জীৱন

১। অসমত বাস কৰা পাঁচটা জনজাতিৰ নাম লিখা।

উত্তৰঃ অসমত বাস কৰা পাঁচটা প্ৰধান জনজাতি হৈছে — গাৰো, মিচিং, তিৱা, ডিমাচা আৰু ৰাভা।

২। অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ কিদৰে ভাগ কৰিব পাৰি?

উত্তৰঃ অসমৰ জনগোষ্ঠীসমূহৰ উৎসৱসমূহ মূলতঃ তিনি ভাগত বিভক্ত কৰিব পাৰি —
১) ধৰ্মীয় উৎসৱ
২) কৃষিভিত্তিক (কৃষিমূলক) উৎসৱ
৩) সামাজিক উৎসৱ

৩। অসমৰ জনগোষ্ঠীৰ প্ৰধান উৎসৱসমূহ লিখা।

উত্তৰঃ অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰধান উৎসৱসমূহ হৈছে —

হিন্দুসকলৰ ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত দুৰ্গা পূজা, ফাকুৱা (হোলী), দীপাৱলী, ধৰ্মগুৰুসকলৰ জন্মোৎসৱ আৰু তিথি আদি উল্লেখযোগ্য।

মুছলমানসকলৰ প্ৰধান উৎসৱ হৈছে ঈদ-উল-ফিতৰ, ঈদ-উজ-জোহা আৰু ফাতেহা-ই-দোৱাজ দাহাম।

খ্ৰীষ্টানসকলৰ প্ৰধান উৎসৱ হৈছে বৰদিন আৰু গুড ফ্ৰাইডে।

আহোমসকলৰ ধৰ্মীয় উৎসৱ হৈছে মে-ডাম-মে-ফি।

চাহ বাগিচাৰ বনুৱা সম্প্ৰদায়ৰ উৎসৱ হৈছে কৰম আৰু টুচু পূজা।

বড়োসকলৰ ধৰ্মীয় উৎসৱ হৈছে বাথৌ পূজা আৰু খেৰাই পূজা।

অসমৰ জাতীয় উৎসৱ হৈছে বিহু।
মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ হৈছে আলি-আয়ে-লিগাং।

৪। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা一

‘ক’ অংশ‘খ’ অংশ
১) মিৰিদখনা
২) কাৰ্বিএগেঃ গাছৰ
৩) দেউৰীৰিগু ৰিজাম্ফাই
৪) ৰাভাপিনিকামফ্লাক জাৰেক
৫) বড়োৰিফান কান্দুং
৬) ডিমাচামেখেলা-চাদৰ

উত্তৰঃ 

১) মিচিং – এগেঃ গাছৰ।

২) কাৰ্বি – পিনিকামফ্লাক জাৰেক।

৩) দেউৰী – মেখেলা- চাদৰ।

৪) ৰাভা – ৰিফান কান্দুং।

৫) বড়ো – দখনা।

৬) ডিমাচা – ৰিগু ৰিজাম্ফাই।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top