📖 Might Learn

SVN Class 4 Social Science Text Book Solution 2026 Chapter 6| Sankardev Class 4 School Social Science Chapter 6 প্ৰাকৃতিক দুৰ্যোগ আৰু অসম Solution

প্ৰাকৃতিক দুৰ্যোগ আৰু অসম

(১) প্ৰাকৃতিক দুৰ্যোগ কাক বোলে? কেইটামান প্ৰাকৃতিক দুৰ্যোগৰ নাম লিখা।

উত্তৰঃ প্ৰকৃতিৰ স্বাভাৱিক পৰিঘটনাৰ ফলত যেতিয়া মানুহ, জীৱ-জন্তু, গছ-গছনি আৰু সম্পত্তিৰ ব্যাপক ক্ষতি হয়, তেনে ঘটনাক প্ৰাকৃতিক দুৰ্যোগ বুলি কোৱা হয়।

কেইটামান প্ৰাকৃতিক দুৰ্যোগ হ’ল —
ধুমুহা, বানপানী, ভূমিকম্প, ভূমিস্খলন, আগ্নেয়গিৰিৰ উদ্গীৰণ, ছুনামি আদি।

(২) খালী ঠাই পূৰ কৰা

(ক) বতৰৰ আগলি বতৰা দিয়া কেন্দ্ৰটোৰ নাম বতৰ বিজ্ঞান কেন্দ্ৰ।

(খ) ভূমিকম্পৰ প্ৰাবল্য জোখা যন্ত্ৰটোৰ নাম ভূকম্পলেখ (Seismograph)।

(গ) বানপানী প্ৰতিৰোধ কৰিবলৈ থকা চৰকাৰী বিভাগটোৰ নাম জলসম্পদ বিভাগ।

(ঘ) ২০০১ চনত গুজৰাটত এটা বৰভূঁইকঁপ হৈছিল।

(ঙ) ভাৰতবৰ্ষৰ উত্তৰ-পূৱ ৰাজ্য়সমূহত সঘনে ভূমিকম্প হোৱা দেখা যায়।

(৩) তলত উল্লেখ কৰা কামকেইটা কি কি প্ৰাকৃতিক দুৰ্যোগৰ লগত জড়িত —

(ক) ওখ ওখ মথাউৰি বন্ধা — বানপানী।

(খ) নদী উপত্যকা অঞ্চলত গছ-গছনি ৰোৱা — গৰাখহনীয়া।

(গ) জধে-মধে গছ-গছনি কটা — বানপানী।

(ঘ) নলা-নৰ্দমা খান্দি পানী বৈ যাবলৈ দিয়া — বানপানী।

(ঙ) ডাঙৰ গছ-গছনিৰ তলত ৰৈ নাথাকি মুকলি ঠাইত ৰোৱা — ধুমুহা।

(চ) মাটিৰ বহন ক্ষমতা অনুযায়ী ঘৰ সজা — ভূমিকম্প।

(ছ) বতৰৰ আগজাননী অনুসৰি নিৰাপদ ঠাইলৈ যোৱা — ধুমুহা।

৪। তলত দিয়া প্ৰাকৃতিক দুৰ্যোগবোৰ হ’লে কি কি ক্ষতি হয় এখন তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ

বানপানী আহিলেভূমিকম্প হ’লেধুমুহা আহিলে
১।নদ-নদী, ঘৰ-দুৱাৰ পানীৰে বুৰাই পেলায়।ঘৰ-দুৱাৰ, গছ-গছনি ভাগি পৰে।ঘৰ-দুৱাৰ উৰুৱাই লৈ যায়।
২।গৰু-মহ আদি উটুৱাই লৈ যায়।মাটি তল পৰি নদীৰ সৃষ্টি হয়।বিজুলীৰ তাঁৰ ছিগি যায়।
৩।খেতি-পথাৰৰ অনিষ্ট সাধন হয়।কেতিয়াবা ভূ-খণ্ড ওপৰলৈ উঠি পাহাৰৰ সৃষ্টি হয়।ৰাস্তাত গছ-গছনি পৰি পথ যোগাযোগ বিচ্ছিন্ন হয়।
৪।আলি পদূলি আদি ভাগি-ছিগি যায়।নদীৰ সোঁত সলনি হয় আৰু কেতিয়াবা সাগৰত ছুনামিৰ সৃষ্টি হয়।চৰাই-চিৰিকতি, জীৱ-জন্তুকে ধৰি মানুহৰো কেতিয়াবা মৃত্য়ু হয়।
✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class