SVN Class 4 Social Science Text Book Solution 2026 Chapter 15| Sankardev School Class 4 Social Science Chapter 15 আমাৰ সম্পদ Solution

আমাৰ সম্পদ

১। ভাৰতৰ হাবি-বননি আৰু অৰণ্য অঞ্চলত পোৱা পাঁচবিধ মূল্যৱান উদ্ভিদ আৰু পাঁচবিধ প্ৰাণীৰ নাম লিখা।

উত্তৰঃ ভাৰতৰ হাবি-বননি আৰু অৰণ্য অঞ্চলত পোৱা পাঁচবিধ মূল্যৱান উদ্ভিদ হ’ল – শাল, চেগুন, চন্দন, গমাৰী আৰু পাইন।
পাঁচবিধ প্ৰাণী হ’ল – গঁড়, বাঘ, সিংহ, হাতী আৰু সোণালী বান্দৰ।

২। তলত দিয়া খনিজ সম্পদসমূহ ভাৰতৰ কোন কোন ৰাজ্যত পোৱা যায়?

(ক) খাৰুৱা তেল – অসম, গুজৰাট, মহাৰাষ্ট্ৰ।

(খ) কয়লা – ঝাৰখণ্ড, ওড়িশা, পশ্চিমবংগ, ছত্তীশগড়, মধ্যপ্ৰদেশ।

(গ) মেংগানিজ – মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, কৰ্ণাটক।

(ঘ) সোণ – কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ।

(ঙ) লো (লোহা) – ওড়িশা, ঝাৰখণ্ড, ছত্তীশগড়, কৰ্ণাটক, গোৱা।

(চ) তাম – ৰাজস্থান, মধ্যপ্ৰদেশ, ঝাৰখণ্ড।

৩। অসমক কিয় ‘পনীয়া সোণ’ৰ ৰাজ্য বুলি কোৱা হয়?

উত্তৰঃ অসমত প্ৰচুৰ পৰিমাণে খাৰুৱা তেল পোৱা যায়। খাৰুৱা তেলক ‘পনীয়া সোণ’ বুলি কোৱা হয়। সেয়ে অসমক ‘পনীয়া সোণ’ৰ ৰাজ্য বুলি কোৱা হয়।

৪। ভাৰতৰ মাটিক কেইভাগত ভাগ কৰিব পাৰি? ভাগকেইটা লিখা।

উত্তৰঃ ভাৰতৰ মাটিক প্ৰধানকৈ চাৰি ভাগত ভাগ কৰিব পাৰি। সেইবোৰ হ’ল –
১) পলসুৱা মাটি
২) ৰঙা মাটি
৩) ক’লীয়া মাটি
৪) মৰুভূমিৰ মাটি

৫। উদ্ভিদৰ পৰা আমি কি কি সুবিধা পাওঁ?

উত্তৰঃ উদ্ভিদৰ পৰা আমি বহুতো সুবিধা পাওঁ –
১) উদ্ভিদে আমাক অক্সিজেন দিয়ে।
২) ফল-মূল, শাক-পাচলি আৰু খাদ্য সামগ্ৰী দিয়ে।
৩) কাঠ আৰু ইন্ধন দিয়ে।
৪) ছাঁ আৰু পৰিবেশৰ সুৰক্ষা প্ৰদান কৰে।

৬। জলজ সম্পদ কাক বোলে? তিনিবিধ জলজ সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ পানীত থকা আৰু পানীৰ ওপৰত নিৰ্ভৰ কৰা সম্পদসমূহক জলজ সম্পদ বোলে।
উদাহৰণ – মাছ, কাছ আৰু ঘঁৰিয়াল।

৭। খালী ঠাই পূৰ কৰা

(ক) কাৰ্বি আংলং জিলাত অধিক পৰিমাণে চূণশিল পোৱা যায়।

(খ) কপাহ উৎপাদনত ভাৰত পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থানত আছে।

(গ) মাটিৰ বুকুত কয়লা, খনিজ তেল আৰু প্ৰাকৃতিক গেছৰ বিপুল ভাণ্ডাৰ আছে।

(ঘ) মানৱ সম্পদক সকলো সম্পদতকৈ শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয়।

(ঙ) সকলো সম্পদক ব্যৱহাৰৰ উপযোগী কৰি তোলে মানৱ সম্পদে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top