AHSEC Class 11 Sociology Chapter 2 Solution 2026 Assamese Medium | সমাজতাত্ত্বিক পৰিভাষা, ধাৰণা আৰু ইয়াৰ ব্যৱহাৰ

সমাজতত্ত্ব আৰু সমাজ

অতি চমু প্ৰশ্নোত্তৰ

১। জন্মৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক কি বোলা হয়?

উত্তৰঃ জন্ম প্ৰদত্ত প্ৰস্থিতি।

২। ব্যক্তিগত প্ৰচেষ্টাৰ জৰিয়তে লাভ কৰা প্ৰস্থিতিক কি বোলা হয়?

উত্তৰঃ স্বলব্ধ প্ৰস্থিতি।

৩। ইমাইল দুৰখেইমে আগবঢ়োৱা অৱধাৰণা দুটা কি?

উত্তৰঃ ইমাইল দুৰখেইমে আগবঢ়োৱা অৱধাৰণা দুটা হ’ল–

(ক) সামাজিক সংগতি। আৰু

(খ) সামাজিক বিবেক।

৪। সংস্থা মানে কি?

উত্তৰঃ সংস্থা মানে হ’ল মানৱ সমাজত প্ৰচলিত হৈ থকা কিছুমান ক্ৰিয়াবিধি, য’ত কিছুমান জনৰীতি আৰু লোকাচাৰ সংমিশ্ৰত হৈ থাকে।

৫। সামাজিক সমূহ কি?

উত্তৰঃ সামাজিকসমূহে এনে এটা জনসমষ্টিৰ ব্যক্তিসকলে পৰস্পৰৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ প্ৰতি সচেতন হৈ তেওঁলোকৰ মাজতে কিছুমান অৰ্থপূৰ্ণ কাৰ্যকলাপ সম্পন্ন কৈ থাকে।

৬। সামাজিক নিয়ন্ত্ৰণ মানে কি ?

উত্তৰঃ সামাজিক নিয়ন্ত্ৰণ মানে নিয়ম নমনা বা বিৰূপ প্ৰভাৱ পেলোৱা ব্যক্তিসকলৰ বিভিন্ন উপায় আৰু অভিকৰ্তাসহ নিয়ন্ত্ৰণলৈ অনা সামাজিক প্ৰচেষ্টা।

৭। সমাজ মানে কি ?

উত্তৰঃ সমাজ হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ মাজত সামাজিক সম্বন্ধ আৰু আন্তঃক্ৰিয়াৰ ভিত্তিও পাৰস্পৰিকভাৱে বান্ধ খাই মিলিজুলি বসবাস কৰা ব্যক্তিৰ সমষ্টিকেই বুজোৱা হয়।

৮। সমিতি মানে কি ?

উত্তৰঃ সিমিত মানে সাধাৰণ অৰ্থত কলে বিশেষ উদ্দেশ্য বা সীমিত সংখ্যক উদ্দেশ্য পূৰণৰ বাবে সংগঠিত হোৱা ব্যক্তিৰ সমষ্টিকেই সিমিত।

৯। জাতি ব্যৱস্থা মানে কি ?

উত্তৰঃ জাতি ব্যৱস্থা ভাৰতীয় সমাজ সংৰচনাৰ অন্যতম আধাৰ। জাতিৰ ইংৰাজী প্ৰতিশব্দ caste, এই শব্দটো পৰ্টুগীজ ‘কাষ্টা’ শব্দৰ পৰা আহিছে। জন্মৰ ভিত্তিত বিভক্ত পৰিয়াল বা গোত্ৰ বা বংশৰ সমষ্টিয়েই হৈছে জাতি। প্ৰয়োজনীয়তাসমূহ পূৰ কৰি স্থানীভাৱে বসবাস কৰে।

১১। ভূমিকা কাক বোলে ?

উত্তৰঃ ব্যক্তি এজনে এক বিশেষ স্থানত থাকি সেই স্থানৰ লগত জড়িত দায়িত্ব আৰু কৰ্তব্যসমূহ সমাজে আশা কৰা ধৰণে পালন কৰা কাৰ্য ব্যৱস্থাই হৈছে ভূমিকা।

১২। প্ৰসংগসমূহ কাক বোলে ?

উত্তৰঃ কোনো এজন ব্যক্তিয়ে এটা সমূহৰ সদস্য নোহোৱাকৈ যেতিয়া সেই সমূহৰ আদৰ্শ। ৰীতি-নীতি ইত্যাদিৰ প্ৰতি আনুগত্য প্ৰকাশ কৰে বা সেইবোৰ অনুকৰণ কৰে তেতিয়া তেনে সমূহক প্ৰসংগসমূহ বোলা হয়।

১৩। সামাজিক স্তৰীকৰণৰ এটা সংজ্ঞা দিয়া

উত্তৰঃ কিংছৰ ডেভিছৰ মতে , “স্তৰীকৰণ হ’ল সমাজ পদ্ধতিত সামাজিক স্থানবোৰত অসমানভাৱে সামাজিক অধিকাৰ আৰু সুবিধাবোৰ বিতৰণ কৰা পদ্ধতি।

১। সমাজতত্ত্বত কিয় কিছুমান বিশেষ পৰিভাষা আৰু অৱধাৰণা ব্যৱহাৰ কৰা হয়?

উত্তৰঃ
অৱধাৰণা মানে হৈছে কোনো বিষয়ৰ বিশেষ ধাৰণা বা বোধ। সমাজতত্ত্বত সমাজক বৈজ্ঞানিকভাৱে বুজিবলৈ কিছুমান বিশেষ পৰিভাষা আৰু অৱধাৰণা ব্যৱহাৰ কৰা হয়। এইবোৰৰ সহায়ত সমাজৰ বিভিন্ন দিশ স্পষ্টভাৱে ব্যাখ্যা কৰিব পাৰি।

সমাজতত্ত্বৰ অধ্যয়নত সমাজ, সমূহ, সম্প্ৰদায়, সমিতি, সংস্থা, প্ৰতিমান আৰু মূল্যবোধ আদি গুৰুত্বপূৰ্ণ অৱধাৰণা ব্যৱহাৰ কৰা হয়। এই বিশেষ শব্দসমূহ ব্যৱহাৰ কৰাৰ ফলত সমাজৰ ঘটনাসমূহ অধিক স্পষ্ট আৰু বৈজ্ঞানিকভাৱে ব্যাখ্যা কৰিব পৰা যায়।

২। সমাজৰ একোজন সদস্য হিচাপে তুমি ভিন্ন সমূহৰ লগত আন্তঃক্ৰিয়া কৰিব লাগে। এই সমূহবোৰে কেনেকৈ এটা সমাজতাত্ত্বিক পৰিপ্ৰেক্ষ গঠন কৰে, আলোচনা কৰা।

উত্তৰঃ
মানুহ সমাজৰ একোজন সদস্য হিচাপে বিভিন্ন সমূহৰ সৈতে সংযোগ স্থাপন কৰি থাকে। উদাহৰণস্বৰূপে পৰিয়াল, বিদ্যালয়, বন্ধু-বান্ধৱী, কৰ্মস্থল আৰু সমাজৰ অন্যান্য সংগঠনৰ সৈতে মানুহে আন্তঃক্ৰিয়া কৰে।

এই সমূহসমূহে ব্যক্তিৰ চিন্তা-চৰিত্ৰ, আচৰণ আৰু মূল্যবোধ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সমূহৰ মাজত হোৱা এই আন্তঃক্ৰিয়াৰ ফলত সমাজৰ নিয়ম-নীতি, সংস্কৃতি আৰু সামাজিক সম্পৰ্ক গঢ় লৈ উঠে।

সেইবাবে ক’ব পাৰি যে ব্যক্তিসকলৰ মাজত হোৱা এই সমূহভিত্তিক আন্তঃক্ৰিয়াই এক সম্পূৰ্ণ সমাজতাত্ত্বিক পৰিপ্ৰেক্ষ গঠন কৰে।

৩। সামাজিক নিয়ন্ত্ৰণ মানে কি? ভিন্ন সমাজত সামাজিক নিয়ন্ত্ৰণৰ ধৰণ ভিন্ন হয় নেকি?

উত্তৰঃ
সামাজিক নিয়ন্ত্ৰণ হৈছে সমাজত ব্যক্তিসকলৰ আচৰণ নিয়ম-নীতি আৰু মূল্যবোধৰ ভিতৰত ৰাখিবলৈ কৰা ব্যৱস্থা। সমাজত শৃংখলা আৰু সামঞ্জস্য ৰক্ষা কৰাৰ বাবে সামাজিক নিয়ন্ত্ৰণ অতি প্ৰয়োজনীয়।

ভিন্ন সমাজ আৰু অঞ্চলত সামাজিক নিয়ন্ত্ৰণৰ ধৰণ ভিন্ন হ’ব পাৰে। কাৰণ প্ৰতিটো সমাজৰ সংস্কৃতি, মূল্যবোধ আৰু পৰম্পৰা একে নহয়।

সামাজিক নিয়ন্ত্ৰণ সাধাৰণতে দুই প্ৰকাৰৰ—

আনুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ – আইন, আদালত, চৰকাৰী ব্যৱস্থা আদি।

অনানুষ্ঠানিক সামাজিক নিয়ন্ত্ৰণ – পৰিয়াল, সমাজৰ ৰীতি-নীতি, ধৰ্ম, সংস্কৃতি আদি।

সামাজিক নিয়ন্ত্ৰণে ব্যক্তিৰ বিপথগামী আচৰণ নিয়ন্ত্ৰণ কৰি সমাজত শৃংখলা আৰু সম্প্ৰীতি বজাই ৰাখে।

৪। তুমি পালন কৰা ভিন্ন সামাজিক ভূমিকা আৰু সেইমতে পোৱা প্ৰস্থিতিসমূহ চিনাক্ত কৰা। এই ভূমিকা আৰু প্ৰস্থিতি পৰিৱৰ্তনীয় নেকি? আলোচনা কৰা।

উত্তৰঃ
সমাজত প্ৰতিজন ব্যক্তিয়ে বিভিন্ন সামাজিক ভূমিকা পালন কৰে। উদাহৰণস্বৰূপে এজন ব্যক্তি পৰিয়ালত সন্তান, বিদ্যালয়ত শিক্ষার্থী, বন্ধুৰ মাজত বন্ধু আৰু সমাজত নাগৰিক হিচাপে বিভিন্ন ভূমিকা পালন কৰে। এই ভূমিকা অনুসৰিয়েই সমাজত তেওঁৰ প্ৰস্থিতি বা স্থান নিৰ্ধাৰিত হয়।

ভূমিকা আৰু প্ৰস্থিতি একে সময়তে পৰিৱৰ্তনীয়। সময়, সমাজ আৰু পৰিস্থিতি অনুসৰি এইবোৰ সলনি হয়। আগতে ভাৰতীয় সমাজত সাধাৰণতে পুৰুষে উপাৰ্জনকাৰীৰ ভূমিকা পালন কৰিছিল আৰু নাৰীয়ে ঘৰ-সংসাৰৰ দায়িত্ব লয়। কিন্তু বৰ্তমান সময়ত মহিলাসকলেও উপাৰ্জনকাৰীৰ ভূমিকা পালন কৰি সমাজত নতুন প্ৰস্থিতি লাভ কৰিছে।

সেইবাবে ক’ব পাৰি যে সমাজৰ পৰিৱৰ্তনৰ লগে লগে সামাজিক ভূমিকা আৰু প্ৰস্থিতিও পৰিৱৰ্তিত হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top