চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ
অতি চমু উত্তৰৰ প্ৰশ্নঃ
১। চৰকাৰৰ শ্ৰেণী বিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক কোন?
উঃ চৰকাৰৰ শ্ৰেণীবিভাজন কৰা প্ৰথমগৰাকী ৰাজনৈতিক দার্শনিক আছিল প্লেটো।
২। বর্তমান বিশ্বৰ আটাইতকৈ জনপ্রিয় চৰকাৰ কোনবিধ?
উঃ বর্তমান বিশ্বত আটাইতকৈ জনপ্রিয় চৰকাৰ হৈছে সংসদীয় গণতান্ত্ৰিক চৰকাৰ।
৩। সংসদীয় পদ্ধতিৰ চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উঃ সংসদীয় পদ্ধতিৰ চৰকাৰ থকা এখন ৰাষ্ট্ৰ হৈছে ভাৰত।
৪। সংসদীয় পদ্ধতিৰ চৰকাৰৰ চৰকাৰপ্ৰধান আৰু ৰাষ্ট্ৰপ্ৰধান কোন?
উঃ সংসদীয় পদ্ধতিৰ চৰকাৰত চৰকাৰপ্ৰধান হৈছে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপ্ৰধান হৈছে ৰাষ্ট্ৰপতি।
৫। ক্ষমতাৰ পৃথকীকৰণ নীতি কোন প্ৰকাৰৰ চৰকাৰত দেখা যায়?
উঃ ক্ষমতাৰ পৃথকীকৰণ নীতি ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰত দেখা যায়।
৬। ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰৰ নাম লিখা।
উঃ ৰাষ্ট্ৰপতীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ।
৭। এককেন্দ্ৰীয় চৰকাৰ থকা ৰাষ্ট্ৰ এখনৰ নাম লিখা।
উঃ এককেন্দ্ৰীয় চৰকাৰ থকা এখন ৰাষ্ট্ৰ হৈছে ইটালী।
৮। যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত থকা দুবিধ চৰকাৰ কি কি?
উঃ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰত দুবিধ চৰকাৰ থাকে—কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্যিক চৰকাৰ।
৯। চুইজাৰলেণ্ডত কোন পদ্ধতিৰ চৰকাৰ আছে?
উঃ চুইজাৰলেণ্ডত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ চৰকাৰ আছে।
১০। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে নে?
উঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।
চমু উত্তৰৰ প্ৰশ্নঃ
১। বর্তমান সময়ত প্রচলিত বিশ্বৰ বিভিন্ন প্ৰকাৰৰ চৰকাৰ কি কি?
উঃ বর্তমান বিশ্বত প্রচলিত বিভিন্ন ধৰণৰ চৰকাৰসমূহ হ’লঃ
(ক) সংসদীয় চৰকাৰ
(খ) যুক্তৰাষ্ট্ৰীয় চৰকাৰ
(গ) ৰাষ্ট্ৰপতীয় চৰকাৰ
(ঘ) এককেন্দ্ৰীয় চৰকাৰ।
২। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা প্রধান বৈশিষ্ট্য হ’লঃ
(ক) এই পদ্ধতিত দুজন মুৰব্বীৰ ব্যবস্থা থাকে—এজন প্রকৃত কার্যপালিকা আৰু আনজন নামমাত্র কার্যপালিকা। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত থকা মন্ত্ৰী পৰিষদখন প্রকৃত কার্যপালিকা আৰু ৰাষ্ট্ৰপতিজন নামমাত্র কার্যপালিকা।
(খ) সংসদীয় পদ্ধতিত মন্ত্ৰী পৰিষদখন সামূহিকভাবে বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ থাকে।
৩। সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ আৰু দুটা গুণ চমুকৈ লিখা।
উঃ সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা দোষ হ’লঃ
(ক) যদি কোনো দলে বিধানমণ্ডলত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেন্তে মৰ্চা চৰকাৰ গঠন হয়। এনে চৰকাৰ স্থায়ী নহয় আৰু ৰাজনৈতিক অস্থিৰতা সৃষ্টি হ’ব পাৰে।
(খ) মন্ত্ৰীসকল বহু সময়ত বিভাগীয় কাম-কাজত অভিজ্ঞ নহয়, ফলত আমোলাসকলৰ ওপৰত অধিক নিৰ্ভৰ কৰিব লগা হয় আৰু আমোলাতান্ত্রিক প্রভাৱ বৃদ্ধি পায়।
সংসদীয় পদ্ধতিৰ চৰকাৰৰ দুটা গুণ হ’লঃ
(ক) এই চৰকাৰ বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ হোৱা বাবে জনস্বাৰ্থৰ বিপৰীতে কাম কৰিব নোৱাৰে, ফলত জনকল্যাণ বৃদ্ধি পায়।
(খ) কার্যপালিকা আৰু বিধানমণ্ডলৰ মাজত সুসম্পর্ক থাকি সমস্যাবোৰ সহজে সমাধান কৰিব পৰা যায়।
৪। ক্ষমতাৰ পৃথকীকৰণ নীতি মানে কি?
উঃ চৰকাৰৰ তিনিটা অংগ—কার্যপালিকা, বিধানমণ্ডল আৰু ন্যায়পালিকা—প্ৰত্যেকেই নিজৰ নিজৰ ক্ষেত্ৰত স্বাধীনভাৱে কাম কৰে আৰু একে-অপৰ অংগৰ ওপৰত নিৰ্ভৰশীল নহয়। প্ৰতিটো অংগৰ নিজস্ব ক্ষমতা আৰু দায়িত্ব থাকে। এই ব্যৱস্থাকেই ক্ষমতাৰ পৃথকীকৰণ নীতি বুলি কোৱা হয়।
৫। ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।
উঃ ৰাষ্ট্ৰপতীয় চৰকাৰৰ দুটা মুখ্য বৈশিষ্ট্য হ’লঃ
(ক) ৰাষ্ট্ৰপতিজনেই ৰাষ্ট্ৰপ্ৰধান আৰু চৰকাৰপ্ৰধান দুয়োটা দায়িত্ব একেলগে পালন কৰে।
(খ) এই পদ্ধতিত কার্যপালিকা বিধানমণ্ডলৰ ওচৰত দায়বদ্ধ নহয় আৰু দুয়োৰে ক্ষমতা স্পষ্টভাৱে পৃথক। বিধানমণ্ডলৰ সদস্য কাৰ্যপালিকাৰ সদস্য হ’ব নোৱাৰে।
৬। এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ চমুকৈ লিখা।
উঃ এককেন্দ্ৰীয় চৰকাৰৰ দুটা গুণ হ’লঃ
(ক) সমগ্ৰ দেশত একেধৰণৰ আইন আৰু প্রশাসনিক ব্যৱস্থা সহজে প্ৰৱৰ্তন কৰিব পৰা যায়।
(খ) জৰুৰী অৱস্থাত চৰকাৰে দ্রুত সিদ্ধান্ত লৈ সমস্যা সমাধান কৰিব পাৰে।
এককেন্দ্ৰীয় চৰকাৰৰ দুটা দোষ হ’লঃ
(ক) বৃহৎ দেশত সকলো অঞ্চলৰ সমস্যাৰ সমাধান একে ধৰণে কৰিব নোৱাৰা বাবে সুশাসন ব্যাহত হ’ব পাৰে।
(খ) এই ব্যৱস্থাত আমোলাতান্ত্রিক প্রভাৱ বেছি হয়, ফলত শোষণ বা স্বেচ্ছাচাৰিতা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে।
অতিৰিক্ত প্রশ্নোত্তৰঃ
১। প্লেটোৰ মতে জনসাধাৰণৰ কল্যাণৰ বাবে এজনৰ শাসনক কি বুলি কৈছিল?
উঃ প্লেটোৰ মতে জনসাধাৰণৰ কল্যাণৰ বাবে এজনৰ শাসনক ৰাজতন্ত্র বুলি কোৱা হৈছিল।
২। শাসকৰ স্বাৰ্থৰ বাবে চলা এজনৰ শাসনক প্লেটোৱে কি চৰকাৰ বুলি কৈছিল?
উঃ শাসকৰ নিজা স্বাৰ্থৰ বাবে চলা এজনৰ শাসনক প্লেটোৱে স্বৈৰতন্ত্র বুলি আখ্যা দিছিল।
৩। বহুজনৰ শাসনক প্লেটোৱে কি বুলি নামাকৰণ কৰিছিল?
উঃ বহুজনৰ শাসন ব্যৱস্থাক প্লেটোৱে গণতন্ত্র বুলি নামাকৰণ কৰিছিল।
৪। লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতে কেইটা ভাগত ভাগ কৰিছে?
উঃ লীককে আধুনিক যুগৰ চৰকাৰসমূহক মূলতে দুটা ভাগত বিভক্ত কৰিছে।
৫। আধুনিক গণতন্ত্রক কোনে সীমিত ৰাজতন্ত্র বুলি কৈছে?
উঃ আধুনিক গণতন্ত্রক লীককে সীমিত ৰাজতন্ত্র বুলি উল্লেখ কৰিছে।
৬। কোন চৰকাৰক ‘বেষ্ট মিনিষ্টাৰ মডেল’ বুলি কোৱা হয়?
উঃ সংসদীয় পদ্ধতিৰ চৰকাৰক ‘বেষ্ট মিনিষ্টাৰ মডেল’ বুলি কোৱা হয়।
৭। এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান অলিখিত হ’ব পাৰেনে?
উঃ হয়, এককেন্দ্ৰীয় চৰকাৰৰ সংবিধান অলিখিতো হ’ব পাৰে।
৮। ভাৰতবৰ্ষত কোন ধৰণৰ শাসন ব্যৱস্থা প্রচলিত হৈ আছে?
উঃ ভাৰতবৰ্ষত সংসদীয় পদ্ধতিৰ শাসন ব্যৱস্থা প্রচলিত হৈ আছে।
৯। ‘অৱৰোধন আৰু সণ্ডলন’ কোনবিধ চৰকাৰৰ এটা বিশেষ গুণ?
উঃ ‘অৱৰোধন আৰু সণ্ডলন’ ৰাষ্ট্ৰপতীয় চৰকাৰৰ এটা বিশেষ গুণ।