আহােমসকল
প্ৰশ্ন : আহোমসকলৰ আদি বাসস্থান ক’ত আছিল?
উত্তৰ : আহোমসকলৰ আদি বাসস্থান আছিল চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত বৰ্তমানৰ ইউনান প্ৰদেশৰ মুংমাও নামৰ ৰাজ্যখনত।
প্ৰশ্ন : আহোমসকল কেতিয়া অসমলৈ আহিছিল?
উত্তৰ : আহোমসকল ত্ৰয়োদশ শতিকাত অৰ্থাৎ ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ আহিছিল।
প্ৰশ্ন : টাইসকল কাৰ নেতৃত্বত অসমলৈ আহিছিল আৰু কেতিয়াৰ পৰা তেওঁলোক আহোম হিচাপে অভিহিত হয়?
উত্তৰ : টাইসকল স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত অসমলৈ আহিছিল। চুকাফাৰ নেতৃত্বত অসমত আহোম সাম্ৰাজ্য স্থাপন কৰাৰ পৰৱৰ্তী সময়ৰ পৰাই তেওঁলোকক আহোম বুলি নামাকৰণ কৰা হয়।
প্ৰশ্ন : আহোমসকলে কিমান বছৰ অসমত ৰাজত্ব কৰিছিল আৰু তেওঁলোকৰ ৰাজ্যৰ পৰিসীমা কিমানলৈকে আছিল?
উত্তৰ : আহোমসকলে অসমত সুদীৰ্ঘ ৬০০ বছৰতকৈও অধিক কাল ৰাজত্ব চলাইছিল। প্ৰথম অৱস্থাত তেওঁলোকৰ ৰাজ্য পূব অসম বা সৌমাৰ খণ্ডতে সীমাবদ্ধ আছিল যদিও পিছলৈ ইয়াৰ পৰিসীমা পশ্চিমে মানহ নদীলৈকে সম্প্ৰসাৰিত হৈছিল।
প্ৰশ্ন : আহোমসকলৰ মূল ভাষা কি আছিল আৰু কেতিয়াৰ পৰা তেওঁলোকে অসমীয়া ভাষা গ্ৰহণ কৰে?
উত্তৰ : আহোমসকলৰ মূল মাতৃভাষা আছিল টাই বা শ্যান ভাষা। ৰাজ্যখনৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগে লগে আৰু জনসংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে লাহে লাহে অসমীয়া ভাষা গ্ৰহণ কৰিছিল। অৱশ্যে আজিও তেওঁলোকে নিজৰ পূজা-পাতল আৰু পৰম্পৰাগত ৰীতি-নীতিসমূহ টাই ভাষাতে পালন কৰে।
প্ৰশ্ন : টাই ভাষা কোৱা মানুহ ক’ত ক’ত দেখা পোৱা যায়?
উত্তৰ : টাই ভাষা কোৱা লোকসকলক উত্তৰ-পূব ভাৰতৰ অসমৰ পৰা আৰম্ভ কৰি ম্যানমাৰ, দক্ষিণ চীন, থাইলেণ্ড, লাওচ, কম্বোডিয়া আৰু ভিয়েটনাম পৰ্যন্ত বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়।
প্ৰশ্ন : বৰ্তমান আহোমসকলৰ জনসংখ্যা কিমান?
উত্তৰ : বৰ্তমান আহোম জনগোষ্ঠীৰ আনুমানিক জনসংখ্যা হ’ল প্ৰায় ২৫ লাখ।
প্ৰশ্ন : অসমৰ কোন কোন ঠাইত মূলতঃ আহোমসকল বসবাস কৰে?
উত্তৰ : অসমৰ চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লক্ষীমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু গুৱাহাটী মহানগৰত প্ৰধানকৈ আহোম জনগোষ্ঠীৰ লোকসকলে বসবাস কৰে।
প্ৰশ্ন : আহোমসকলৰ জীৱিকাৰ বিষয়ে লিখা?
উত্তৰ : আহোমসকলৰ জীৱিকাৰ মূল আধাৰ আছিল কৃষি আৰু পশুপালন। পূৰ্বতে তেওঁলোকে মুখ্যত শালি ধানৰ খেতি কৰিছিল। ইয়াৰ লগতে জীৱিকাৰ বাবে গৰু, গাহৰি, হাঁহ-কুকুৰা আদি পালন কৰাটো তেওঁলোকৰ পৰম্পৰা আছিল। অৰ্থনৈতিক দিশত মুগা আৰু এৰি পলু পালনৰো গুৰুত্ব আছিল; পুৰুষসকলে গছ মুগা আৰু মহিলাসকলে ঘৰতে এৰি মুগা তথা পাট পলু পুহি কাপোৰ বৈছিল। বসতিস্থলত শাকনিবাৰী আৰু তামোল-পানৰ বাৰী পতাটো আহোমসকলৰ জীৱিকাৰ এক বিশেষ বৈশিষ্ট্য। সম্প্ৰতি কৃষিভূমি থকা বহু লোক চাহ খেতিৰ প্ৰতিও বিশেষভাৱে আকৃষ্ট হোৱা দেখা যায়।
প্ৰশ্ন : পূৰ্বতে আহোমসকলে কেনেকুৱা ঘৰত বসবাস কৰিছিল?
উত্তৰ : পূৰ্বতে আহোমসকলে সাধাৰণতে কাঠ, বাঁহ আৰু বেতেৰে নিৰ্মিত বিশেষ ধৰণৰ চাং ঘৰত বসবাস কৰিছিল।
প্ৰশ্ন : আহোমসকলৰ ঘৰৰ বিৱৰণ দিয়া?
উত্তৰ : আহোমসকলৰ বাসস্থানত মূলতঃ দুটা ভাগ থাকে— বৰঘৰ আৰু চৰাঘৰ। বৰঘৰটোৰ একেবাৰে মুধৰ বা ওপৰৰ ফালে থকা কোঠাটোত এটা ৰান্ধনীশাল থাকে। ইয়াৰ ঠিক পিছৰ কোঠাটো খোৱা ঘৰ হিচাপে ব্যৱহাৰ কৰা হয় আৰু বাকী থকা কোঠাবোৰ জীয়ৰীসকলৰ শোৱা কোঠা হিচাপে নিৰ্ধাৰণ কৰা থাকে। চৰা ঘৰটো আলহী-অতিথি বহিবলৈ বা শোৱা কোঠা হিচাপে ব্যৱহৃত হয়। ইয়াৰ উপৰি তেওঁলোকৰ চৌহদত ভঁড়ালঘৰ, গোহালি ঘৰ, কুকুৰা গৰাল, হাঁহ-ছাগলী গৰাল আৰু গাহৰি গৰাল আদি থকাটো এটা সাধাৰণ বৈশিষ্ট্য।
প্ৰশ্ন : আহোমসকলৰ মুখ্য আহাৰ কি?
উত্তৰ : আহোমসকলৰ মুখ্য আহাৰ হৈছে ভাত। তেওঁলোকে ভজা ভাত, সান্দহ আৰু বিভিন্ন ধৰণৰ পৰম্পৰাগত ব্যঞ্জনৰ সৈতে ভাত খাই ভাল পায়।
প্ৰশ্ন : আহোমসকলৰ প্ৰধান পানীয় কি?
উত্তৰ : আহোমসকলৰ প্ৰধান আৰু পৰম্পৰাগত পানীয় হৈছে লাওপানী বা সাজ। চাউলৰ পৰা বিশেষ পদ্ধতিৰে প্ৰস্তুত কৰা এই পানীয়বিধ তেওঁলোকৰ সামাজিক আৰু ধৰ্মীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। কোনো মাংগলিক অনুষ্ঠান, উৎসৱ-পাৰ্বন বা আলহী-অতিথিক আপ্যায়ন কৰাৰ ক্ষেত্ৰত এই সাজ বা লাওপানীৰ ব্যৱহাৰ অপৰিহাৰ্য।