ASSEB Class 9 বৈচিত্ৰময় অসম Chapter 4 কাৰৰ্বিসকল Question Answer 2026 | Class 9 বৈচিত্ৰময় অসম Chapter 4 solution

কাৰৰ্বিসকল

১। কাৰ্বিসকলক ‘অসমৰ কলম্বাচ’ বুলি কোনে কৈছিল?
উত্তৰ: কাৰ্বি জনগোষ্ঠীৰ লোকসকলক ‘অসমৰ কলম্বাচ’ বুলি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অভিহিত কৰিছিল।

২। কাৰ্বিসকলৰ পৰম্পৰাগত সাজ-পাৰৰ বিষয়ে লিখা।
উত্তৰ: কাৰ্বি পুৰুষসকলে সাধাৰণতে আঁঠুমূৰীয়া ‘পে ছেলেং’, ‘চই হংথৰ’, ‘চই ইক্’, ‘চই লক্’ আৰু ‘পহ’ আদি পৰম্পৰাগত পোছাক পৰিধান কৰে। ইয়াৰ উপৰি কাৰ্বি ডেকাসকলে ‘চেপান আবু’ নামৰ প্ৰায় ৩ ইঞ্চি বহল আৰু ৬ ফুট দীঘল, দুয়োমূৰে কড়িৰে অলংকৃত এবিধ বিশেষ ক’লা কাপোৰ ব্যৱহাৰ কৰে।
আনহাতে, কাৰ্বি নাৰীসকলৰ পৰম্পৰাগত সাজপাৰবোৰ হ’ল— ‘পিনি’, ‘পেকক’ আৰু ‘ৱানকক’। ইয়াৰ উপৰি তেওঁলোকে ‘পে ছেলেং’, ‘পে খনজাৰি’, ‘পে ছাৰপি’ আদি কাপোৰো পৰিধান কৰা দেখা যায়।

৩। কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণ সম্পৰ্কে লিখা।
উত্তৰ: কাৰ্বিসকলৰ উৎসৱ-পাৰ্বণসমূহৰ ভিতৰত ‘পেং হেমফু’, ‘ৰংকেৰ’ আৰু ‘চজুন’ আদিয়েই প্ৰধান। ‘পেং হেমফু’ হ’ল এক ঘৰুৱা উৎসৱ। এই উৎসৱত বছৰটোত যাতে কোনো ধৰণৰ অপায়-অমংগল নহয়, তাৰ বাবে বছৰৰ আৰম্ভণিতে ‘ৰিৎ আংলং’, ‘বুইচম’ আৰু ‘পেং’ নামৰ তিনিটা পূজা কৰা হয়। ‘চজুন’ উৎসৱটো প্ৰতিবছৰে অনুষ্ঠিত নহয়; ই ৪, ৫ বা ৯ বছৰৰ অন্তৰে অন্তৰে পালন কৰা হয়। ‘ৰংকেৰ’ হ’ল সমগ্ৰ গাঁওবাসীৰ উৎসৱ। বছৰৰ আৰম্ভণিতে উপাস্য দেৱতাক সন্তুষ্ট কৰিবলৈ পূজাৰ বেদীত জীৱ-জন্তু উছৰ্গা কৰি এই উৎসৱ পালন কৰা হয়।

৪। কাৰ্বিসকলৰ মূল ফৈদ কেইটা কি কি?
উত্তৰ: কাৰ্বিসকলৰ মূল ফৈদ পাঁচটা। সেইকেইটা হ’ল— টিমুং, টেৰন, তেৰাং, ইংহি আৰু ইংতি।

৫। কাৰ্বিসমাজৰ নাৰীসকলে পৰিধান কৰা কেইবিধমান সাজপাৰ তথা আ-অলংকাৰৰ নাম লিখা।
উত্তৰ: কাৰ্বি সমাজৰ নাৰীসকলে পৰিধান কৰা প্ৰধান সাজপাৰবোৰ হ’ল— পিনি, পেকক আৰু বানকক। ইয়াৰ উপৰি তেওঁলোকে পে ছেলেং, পে খনজাৰি, পে ছাৰপি আদিও পৰিধান কৰে। কেঁচুৱাক বোকোচাত ল’বলৈ তেওঁলোকে ‘পিবা’ নামৰ এবিধ বিশেষ কাপোৰ ব্যৱহাৰ কৰে।
কাৰ্বি নাৰীসকলে পৰিধান কৰা আ-অলংকাৰবোৰ হ’ল— লেক হিকি, নথেংপী, ন’লাংপং, ন’জাংচাই, লেক ৰূৱে, লেক পাংখাৰা, লাং আৱ’, ৰই পাংখাৰা, ৰই পাহু ইত্যাদি।

৬। চমুটোকা লিখা:

(ক) ছেমছনছিং ইংতি: ছেমছনছিং ইংতি হ’ল আধুনিক কাৰ্বি আংলঙৰ স্বপ্নদ্ৰষ্টা আৰু ৰূপকাৰ। ১৯১০ চনৰ ৮ ফেব্ৰুৱাৰীত পশ্চিম কাৰ্বি আংলঙৰ টিকা পাহাৰত তেওঁৰ জন্ম হৈছিল। ১৯১৬ চনত গোলাঘাট মিছন স্কুলত শিক্ষা জীৱন আৰম্ভ কৰি ১৯২৮ চনত গোলাঘাট বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰথম বিভাগত মেট্ৰিকত উত্তীৰ্ণ হয়। ১৯৩৩ চনত ছিলেটৰ মুৰাৰী চাঁন্দ কলেজৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ কাৰ্বি জাতিৰ প্ৰথম স্নাতক হোৱাৰ গৌৰৱ অৰ্জন কৰে। স্নাতক ডিগ্ৰী গ্ৰহণৰ পাছত তেওঁ প্ৰথমে শিক্ষকতা কৰিছিল আৰু ১৯৩৪ চনত ইংৰাজ চৰকাৰে তেওঁক নগাঁও জিলাৰ শিক্ষা বিভাগৰ উপ-পৰিদৰ্শক পদত নিযুক্তি দিয়ে। তেওঁ নিজে কেইবাখনো কাৰ্বি পাঠ্যপুথি লিখি অসমীয়া মাধ্যমৰ বিদ্যালয়ত অতিৰিক্ত পাঠ্য হিচাপে প্ৰৱৰ্তন কৰিছিল। তেওঁৰ উল্লেখযোগ্য পুথিবোৰ হ’ল— ‘বিতুছ আকিতাপ’, ‘কালাখা আকিতাপ’, ‘তেমপুক আৰু ৱপী’।

(খ) ছামছিং হাঞ্চে: ছামছিং হাঞ্চে এজন বহুমুখী প্ৰতিভাধৰ ব্যক্তি আছিল। তেওঁ একেধাৰে লেখক, কবি, গীতিকাৰ, ঔপন্যাসিক, কথাছবি প্ৰযোজক আৰু এজন কুশলী ৰাজনীতিবিদ আছিল। ১৯৪৮ চনৰ ১৮ এপ্ৰিলত নগাঁও জিলাৰ পণ্ডিতঘাট বা আৰ্হিকেলক গাঁৱত তেওঁৰ জন্ম হয়। কাৰ্বি ভাষা-সাহিত্যৰ বিকাশৰ বাবে তেওঁ কাৰ্বি আৰু অসমীয়া ভাষাত বহুকেইখন পুথি ৰচনা কৰিছিল। সেইবোৰৰ ভিতৰত ‘নাম তাই হাঈমু’, ‘কাৰ্বি প্ৰণয়ী গীত’, ‘ছাবিন আলুন’, ‘কুমলীন’, ‘বোমীৰ এমুঠি কাৰ্বি কবিতা’ আৰু ‘ছেৰ্‌ হনজেং’ উল্লেখযোগ্য। তেওঁ কাৰ্বি লামেত আমেইৰ (কাৰ্বি সাহিত্য সভা) সম্পাদক আৰু সভাপতিৰ আসন অলংকৃত কৰিছিল। ১৯৮৫ চনত বিধান সভাৰ সদস্য নিৰ্বাচিত হৈ তেওঁ অসম মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰিত্ব লাভ কৰিছিল। ১৯৯৮ চনৰ ১৩ জানুৱাৰীত এইজনা মহান সাহিত্যিকৰ মৃত্যু হয়।

(গ) বংলং তেৰাং: কাৰ্বি সাহিত্যৰ পুৰোধা ব্যক্তি বংলং তেৰাঙৰ জন্ম ১৯০৯ চনৰ ১০ অক্টোবৰত নিহাংলাংছত হৈছিল। তেওঁক কাৰ্বি সাহিত্যৰ প্ৰথম লিখিত ৰূপ প্ৰদানকাৰী বুলি গণ্য কৰা হয়। মাত্ৰ ১৩ বছৰ বয়সৰ পৰাই সাহিত্য চৰ্চা আৰম্ভ কৰা তেওঁৰ উল্লেখযোগ্য কিতাপবোৰ হ’ল— ‘Word Book’, ‘আদাম আছাৰ’, ‘ৰূকাছেন’, ‘হাঈমু’, ‘ছেৰ হংথম’, ‘কাৰ্বি কপুছন’, ‘কাৰ্বি চ ৰংজে’, ‘আৰণ আতেং’, ‘বংলিন’, ‘ছাব আলুন’ আৰু ‘ছাৰ লামছাম’। ১৯৭৩ চনত কাৰ্বি সাহিত্য সভাই তেওঁক ‘পুৰোধা ব্যক্তি’ পুৰস্কাৰ প্ৰদান কৰে। অসম চৰকাৰেও তেওঁক সাহিত্যিক পেঞ্চন আৰু এককালীন মাননীৰে সন্মানিত কৰিছিল। ২০০১ চনৰ ১৭ জুলাইত তেওঁৰ মৃত্যু হয়।

(ঘ) লংকাম তেৰণ: ১৯৩২ চনত জন্মগ্ৰহণ কৰা লংকাম তেৰণ কাৰ্বি সাহিত্য জগতৰ এজন সু-সাহিত্যিক আছিল। ১৯৬৪ চনত তেওঁ মিকিৰ পাহাৰ জিলা পৰিষদৰ জনসংযোগ বিষয়া হিচাপে মনোনীত হৈছিল। তেওঁ কাৰ্বি আদৰবাৰৰ সম্পাদক আৰু সভাপতি হোৱাৰ লগতে কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতিও আছিল। তেওঁ ১৯৮৬ চনৰ কামপুৰ অধিবেশনত অসম সাহিত্য সভাৰ উপ-সভাপতি পদটো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত, সংকলিত আৰু অনূদিত গ্ৰন্থৰ সংখ্যা মুঠ ৪১ খন। উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত ‘বং কেছেং’, ‘টামাহিদি’, ‘কিতাপ কিমি’, ‘কাৰ্বি লামকুৰু’, ‘কাৰ্বি জনগোষ্ঠী’, ‘কাৰ্বি লামকুৰু-লামছেং’, ‘কাৰ্বি ভাষা পৰিচয়’ আৰু ‘কাৰ্বি লামতাছাম’ প্ৰধান।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top