SCERT Class 5 Assamese Chapter 14 (সৰু ছোৱালী আৰু পখী) Question Answer 2026 । Class 5 Chapter 14 (সৰু ছোৱালী আৰু পখী) Question Answer

সৰু ছোৱালী আৰু পখী

১। উত্তৰ দিয়া:
(ক) সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে?

কোঁচ ভৰাই

থাকিবলৈ

খাবলৈ

উত্তৰ: সৰু ছোৱালীজনীয়ে মৰমৰ পখীজনীক নিজৰ ওচৰলৈ মাতি আনিবলৈ বিভিন্ন ধৰণৰ লোভনীয় বস্তু আগবঢ়াইছে। পখীজনীক তাই কোঁচ ভৰাই সুগন্ধি ফুল দিব বুলি কৈছে, শুবৰ বাবে বা নিৰাপদে থাকিবলৈ এটি ধুনীয়া সোণোৱালী বাহ সাজি দিব বুলি কৈছে আৰু পখীটোৰ ভোক গুচাবলৈ বা খাবলৈ নানা ধৰণৰ জুতি লগা পকা ফল দিব বুলি প্ৰতিশ্ৰুতি দিছে।

(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে?
উত্তৰ: সৰু ছোৱালীজনীয়ে পখীৰ সুললিত মাত আৰু ধুনীয়া গীতবোৰ শুনি বৰ ভাল পায়। পখীৰ সেই মিঠা গীত শুনিলে ছোৱালীজনীৰ মনটো আনন্দৰে ভৰি পৰে। সেই সুৱলা গীতৰ আনন্দ সদায় উপভোগ কৰিবৰ বাবে আৰু পখীটোৰ লগত মৰমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ তাই পখীজনীক বাৰে বাৰে নিজৰ ওচৰলৈ আহিবলৈ অনুৰোধ কৰিছে।

(গ) সৰু ছোৱালজনীয়ে কিয় পখীজনীক গীত গাবলৈ মাতিছে?
উত্তৰ: পখীৰ কণ্ঠৰ গীতবোৰ অতি শুৱলা আৰু মনোৰম। সৰু ছোৱালীজনীয়ে এই সুললিত গীত শুনিলে অপাৰ আনন্দ লাভ কৰে। সেইবাবে পখীৰ গানৰ মাজেৰে নিজৰ মনটো হৰষিত কৰিবলৈ আৰু প্ৰকৃতিৰ সুন্দৰতা উপভোগ কৰিবলৈ তাই পখীজনীক বাৰে বাৰে গীত গাবলৈ মাতিছে।

২। পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা:
উত্তৰ: কবি ভৈৰৱ চন্দ্ৰ খটনীয়াৰৰ “সৰু ছোৱালী আৰু পখী” কবিতাটো এটি অতি মৰম লগা কবিতা। ইয়াত এটি সৰল মনৰ কণমানি ছোৱালীয়ে এখন পথাৰৰ পখীৰ সৈতে কেনেকৈ বন্ধুত্ব স্থাপন কৰিব বিচাৰিছে, তাৰ সুন্দৰ চিত্ৰ ফুটি উঠিছে।
ছোৱালীজনীয়ে পখীৰ মিঠা মাতত মুগ্ধ হৈ তাক নিজৰ ওচৰলৈ মাতিছে। তাই পখীটোক প্ৰলোভন দিছে যে যদি পখীটো তাইৰ ওচৰলৈ আহে, তেন্তে তাই তাক কোঁচ ভৰাই ফুল দিব, খাবলৈ পকা ফল দিব আৰু থাকিবলৈ এটি সোণৰ দৰে ধুনীয়া বাহ সাজি দিব। পখীটোৱে যাতে একোৰে অভাৱ অনুভৱ নকৰে আৰু সুখেৰে থাকি তাইক গান শুনাই থাকে, সেয়াই আছিল ছোৱালীজনীৰ একান্ত ইচ্ছা।

৩। তলত দিয়া শব্দৰ অৰ্থ লিখা:

শব্দঅৰ্থ
উদৰপেট
সাউৎকৰেঅতি খৰকৈ বা তীব্ৰ বেগেৰে
একেচিপেএকে জাঁপে বা একে কোবে
সুললিতঅতি শুৱলা বা কাণত মৌ বৰ্ষা মাত
হৰষিতআনন্দিত বা সুখী
ততালিকেলগে লগে বা সেই মুহূৰ্ততে

৪। চৰাইজনীয়ে যাতে কষ্ট নাপায় তাৰ বাবে সৰু ছোৱালীয়ে কি কি কৰিবলৈ গাত লৈছে?
উত্তৰ: চৰাইজনীয়ে যাতে খাদ্য বা আশ্ৰয়ৰ বাবে ক’তো কষ্ট খাব নালাগে, তাৰ বাবে সৰু ছোৱালীজনীয়ে সকলো দায়িত্ব ল’বলৈ সাজু হৈছে। তাই পখীটোৰ উদৰ পূৰাই (পেট ভৰাই) খাবলৈ মিঠা মিঠা পকা ফল যোগান ধৰিব বুলি কৈছে। লগতে, পখীটোৱে যাতে ৰ’দ-বৰষুণৰ পৰা হাত সাৰি নিৰাপদে জিৰণি ল’ব পাৰে, তাৰ বাবে এটি সুন্দৰ সোণোৱালী বাহ সাজি দিব বুলিও তাই প্ৰতিশ্ৰুতি দিছে। মূলতঃ পখীটোক সকলো ধৰণৰ সুখ-সুবিধা দি মৰমেৰে আগুৰি ৰাখিবলৈ তাই গাত লৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top