Might Learn Logo Might Learn Might Learn Shop

AJB Class 4 Social Science Chapter 11 Answer কুটীৰ – শিল্প

Chapter 9

কুটীৰ – শিল্প

প্ৰশ্নাৱলীঃ
১। উত্তৰ লিখা।
ক) কুটীৰ শিল্প মানে কি ?
উত্তৰঃ কুটীৰ শিল্প মানে হৈছে ঘৰতে কোনো নতুন ৰূপত সৃষ্টি কৰা শিল্প কৰ্ম।
খ) কেঁচামাল কাক বোলে ?
উত্তৰঃ কোনো এটা বস্তু নতুন ৰূপত সৃষ্টি কৰিবলৈ হ’লে তাৰবাবে কিছুমান বস্তু লাগিব। এইবোৰক কেঁচামাল বোলে।
গ) মৃৎ শিল্পৰ কেঁচামাল কি ?
উত্তৰঃ মৃৎ শিল্পৰ কেঁচামাল হ’ল মাটি।
ঘ) উৎপাদিত বস্তু কাক বােলে ?
উত্তৰঃ যিবোৰ বস্তু নতুনকৈ সৃষ্টি কৰা হয় সেইবোৰক উৎপাদিত বস্তু বোলে।
ঙ) অসমৰ কোনটো অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্যাত ?
উত্তৰঃ অসমৰ নলবাৰী অঞ্চল বাঁহ শিল্পৰ বাবে বিখ্য়াত।
চ) অসমত কাঁহ আৰু পিতল শিল্পৰ বাবে বিখ্যাত ঠাই দুখনৰ নাম লিখা ।
উত্তৰঃ বৰপেটা জিলাৰ সৰ্থেবাৰী কাঁহ শিল্প আৰু কামৰূপ জিলাৰ হাজো পিতলৰ শিল্প।

২। খালী ঠাই পূৰণ কৰা ।
ক) অসমৰ পাট – মুগাৰ কাপােৰৰ বাবে সমগ্ৰ ভাৰতত বিখ্যাত ।
উত্তৰঃ শুৱালকুছিৰ।
খ) ধুবুৰী জিলাৰ আশাৰীকান্দি
শিল্পৰ বাবে বিখ্যাত ।উত্তৰঃ মৃৎশিলপৰ।
গ) অসমৰ মুখা শিল্পৰ বাবে বিখ্যাত ।
উত্তৰঃ মাজুলী
ঘ) ডলা, কুলা, চালনী আদি
শিল্পৰ উৎপাদিত বস্তু ।
উত্তৰঃ বাঁহ-বেতৰ।
ঙ) কুটীৰ শিল্পই প্রাকৃতিক পৰিৱেশ নষ্ট _
উত্তৰঃ নকৰে।
৩। চাৰিবিধ অসমীয়া গহনাৰ নাম লিখা ।
উত্তৰঃ জোনবিৰি, ঢোলবিৰি, মাদুলী, গামখাৰু।
৪। অসমৰ যিকোনাে দুবিধ কুটীৰ শিল্পৰ বিষয়ে লিখা ।
উত্তৰঃ মৃৎশিল্পঃ মৃৎশিল্পৰ মাটিৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰা হয়। অসমৰ বহুতো ঠাইত এই শিল্প আছে যদিও ধুবুৰী জিলাৰ আশাৰীকান্দি মৃৎশিল্পৰ বাবে বিখ্য়াত। গোৱালপাৰা পৰা মাজুলীও এই শিল্পৰ ক্ষেত্ৰত আগবঢ়া।
কমাৰ-শিল্পঃ কমাৰ-শিল্প অসমৰ প্ৰায় সকলো ঠাইতে আছে। কমাৰ-শিল্পত তৈয়াৰী দা, কটাৰী, কাচি, কোৰ, কুঠাৰ, খন্তি আদি ঘৰৰ বিভিন্ন কামত ব্য়ৱহাৰ কৰা হয়।

৫। কুটীৰ শিল্পৰ পাঁচোটা সুবিধা লিখা ।
উত্তৰঃ ১। কুটীৰ শিল্প নিজৰ ঘৰতে গঢ়ি তুলিব পাৰি।
২। এই শিল্পৰ বাবে প্ৰয়োজন হোৱা কেঁচামাল ওচৰে-পাঁজৰে সহজতে পাব পাৰি।
৩। কম সংখ্য়ক শ্ৰমিকৰ প্ৰয়োজন হয়।
৪। অতি কম মূলধনেৰে এনে শিল্প গঢ়ি তুলিব পাৰি।
৫। কুটীৰ-শিল্পই প্ৰাকৃতিক পৰিৱেশ নষ্ট নকৰে।

৬। কুটীৰ শিল্পই সন্মুখীন হােৱা সমস্যাবােৰৰ বিষয়ে চিন্তা কৰি চমুকৈ লিখা ।
উত্তৰঃ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects