Might Learn Logo Might Learn Shop Might Learn

Class 7 Science Chapter 2 প্ৰাণীৰ পৰিপুষ্টি

প্ৰাণীৰ পৰিপুষ্টি

১) খালী ঠাই পূৰ কৰা ।

(ক) মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ’ল – আহাৰ গ্ৰহণ , পাচন , শোষণ , পৰিমিশ্ৰণ আৰু মলত্য়াগ ।

(খ) মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থটো হ’ল যকৃৎ ।

(গ) পাকস্থলীয়ে হাইড্ৰক্লৰিক এছিড আৰু পাচক ৰস উলিয়ায়, যিয়ে খাদ্য়ৰ ওপৰত ক্ৰিয়া কৰে।

ঘ) ক্ষুদ্ৰান্ত্ৰৰ ভিতৰৰ বেৰখনত বহুত আঙুলিৰ নিচিনা প্ৰৱধ থাকে যাক ভিলাই বোলে ।

ঙ) এমিবাৰ খাদ্য় খাদ্য়ৰিক্তিকা ত হজম হয় ।

২) যদি বাক্য়বোৰ সঁচা হয় শু চিন দিবা আৰু মিছা হ’লে অ চিন দিবা ।

ক) শ্ৱেতসাৰ পাচন পাকস্থলীত আৰম্ভ হয় ।

উত্তৰঃ- অশুদ্ধ।

খ) জিভাই লালটিৰ লগত খাদ্য় মিহলোৱাত সহায় কৰে ।

উত্তৰঃ- শুদ্ধ ।

গ) পিত্তাসয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে ।

উত্তৰঃ- শুদ্ধ ।

ঘ) ৰোমন্থকে গিলি খোৱা ঘাঁহ বোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে ।

উত্তৰঃ- শুদ্ধ ।

৩) নিম্নলিখিত শুদ্ধ উত্তৰত চিন দিয়া ।

ক) স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় ।

১) পাকস্থলী

২) মুখত

৩) ক্ষুদ্ৰান্ত্ৰত

৪) বৃহদন্ত্ৰত ।

উত্তৰঃ- ৩) ক্ষুদ্ৰান্ত্ৰত ।

খ)পাচন নোহোৱা আহাৰৰ পানীৰ প্ৰধানকৈ শোষণ হয় ।

১) পাকস্থলীত

২) খাদ্য়নলী

৩) ক্ষুদ্ৰান্ত্ৰত

৪) বৃহদন্ত্ৰত

উত্তৰঃ- ৪) বৃহদন্ত্ৰত ।

৪) স্তম্ভ ১ত দিয়াবোৰ স্তম্ভ ২ৰ লগত মিলোৱা ।

খাদ্য়ৰ উপাদান পাচনৰ ফলাফল————–কাৰ্ব’হাইড্ৰেট চেনি।

প্ৰটিন এমিন’এছিড।————————–স্নেহ পদাৰ্থ ফেটি এছিড বা গ্লিছাৰল ।

৫) ভিলাই কি ? সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি ?

উত্তৰঃ- ভিলাই হৈছে ক্ষুদ্ৰান্ত্ৰৰ বেৰত থকা হাজাৰ হাজাৰ আঙুলি সদৃশ গঠন

সেইবোৰৰ অৱস্থিতি-ঃ ভিলাইবোৰক ক্ষুদ্ৰান্ত্ৰৰ বেৰত পোৱা যায় ।

কাৰ্য-ঃ ভিলাই পাচন হোৱা খাদ্য় বস্তুবোৰ শোষণ কৰি খাদ্য়বস্তুৰ পৃস্থকালি বৃদ্ধি কৰে ।

৬) পিত্তৰস ক’ত উৎপন্ন হয় । খাদ্য়ৰ কোনটো উপাদানক ই হজম কৰায় ।

উত্তৰঃ- পিত্তৰস যকত বা লিভাৰত উৎপন্ন হয় । ই খাদ্য়ৰ চৰ্বী বা স্নেহপদাৰ্থ হজম কৰায় ।

৭) ৰোমন্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্ব- হাইড্ৰেটটোৰ নাম লিখা। ইয়াৰ কাৰণ কি লিখা।

উত্তৰঃ-কাৰ্বহাইড্ৰেটৰ এটা বিশেষ ধৰণ হ’ল ছেলুলজ। ৰোমন্থক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদন্ত্ৰৰ মাজত অৱস্থিত ছিকাম বা অন্ধ্ৰান্ত্ৰ নামেৰে জনাজাত এটি ডাঙৰ মোনা সদৃশ অংগ থাকে। এই অংগত অৱস্থিত বিশেষ বেক্টেৰিয়াৰ সহায়ত খাদ্যৰ ছেলুলজ হজম হয়। এই বিশেষ বেক্টেৰিয়াসমূহ মানুহৰ দেহত নথকাৰ বাবে, মানুহে ছেলুলজ হজম কৰিব নোৱাৰে।

৮) আমি কিয় গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ ?

উত্তৰঃ- কোষবোৰত গ্লুকজ অক্সিজেনৰ সহায়ত কাৰ্বন – ডাই – অক্সাইড আৰু পানীলৈ ভাঙি যায়, আৰু শক্তি উৎপন্ন হয় । সেয়েহে আমি গ্লুকজৰ পৰা ততালিকে শক্তি পাওঁ ।

৯) তলত দিয়াবোৰ খাদ্য়নলীৰ কোনটো অংশৰ লগত জড়িত ঃ

ক) খাদ্য়ৰ শোষণত ক্ষুদ্ৰান্ত্ৰ ।
খ) খাদ্য চোবোৱাত মুখ গহ্বৰ ।
গ) বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী ।
ঘ) খাদ্য় সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত্ৰ ।
ঙ) মল সৃষ্টি হোৱাত বৃহদ্ৰন্ত্ৰ ।

১০) এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য় আৰু পাৰ্থক্য় লিখা।

উত্তৰঃ-
সাদৃশ্য় –
দুয়োটাই অন্তঃ গ্ৰহণ প্ৰক্ৰিয়াৰে খাদ্য় গ্ৰহণ কৰে।
পাৰ্থক্য় – এমিবাই খাদ্য় ৰিক্তিকাত হজম কৰে আৰু মানুহে পাকস্থলীত ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
Scroll to Top
🎓 My Class

My Subjects