দেউৰীসকল | Chapter 2 | Class বৈচিত্ৰ্য়ময় অসম Question Answer | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer Solution For Assam | সকলো ধৰণৰ প্ৰশ্ন আৰু উত্তৰ |

দেউৰী সকল

প্ৰশ্নাৱলীঃ

১। দেউৰীসকলৰ আদিম বাসস্থান ক’ত আছিল?

উত্তৰঃ দেউৰীসকলে উত্তৰ-পূব দিশেৰে অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ উজনি অঞ্চলত অৰ্থাৎ বৰ্তমান অৰুণাচল প্ৰদেশৰ লোহিত জিলাৰ জৈদাম পাহাৰৰ আশে-পাশে বসতি স্থাপন কৰিছিল। সেয়েহে, এই অঞ্চলটোকে তেওঁলোকৰ আদিম বাসস্থান হিচাপে গণ্য কৰিব পাৰি।

২। দেউৰীসকলে সামাজিকভাৱে কেইটা আৰু কি কি খেলত বিভক্ত উল্লেখ কৰা।

উত্তৰঃ দেউৰীসকল সামাজিকভাৱে ৪টা খেলত বিভক্ত। সেইকেইটা হ’ল ডিবঙীয়া, টেঙাপনীয়া, বৰগঞা আৰু পাটৰগঞা।

৩। শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে অসমৰ কোনকেইখন জিলাত বাস কৰিবলৈ লৈছিল? বৰ্তনমান অসমৰ কেইখন জিলাত তেওঁলোক বসবাস কৰি আছে?

উত্তৰঃ শদিয়াৰ পৰা প্ৰব্ৰজন হৈ আহি দেউৰীসকল প্ৰথমতে শিৱসাগৰ জিলাৰ মাজুলী আৰু লখীমপুৰ জিলাৰ ডিক্ৰং নদীৰ পাৰত প্ৰথমে বাস কৰিছিল।

            বৰ্তমান তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, মাজুলী, ধেমাজী, লক্ষিমপুৰ আৰু বিশ্বনাথ জিলাত।

৪। দেউৰী সকলে নিজকে কি বুলি চিনাকি দিয়ে?

উত্তৰঃ দেউৰীসকলে নিজকে জিমচঁণায়া বুলি চিনাকি দিয়ে।

৫। দেউৰী ভাষাত তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ কোনটো ভাষা-পৰিয়ালত অন্তভূক্ত? কোন চনত দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰে?

উত্তৰঃ দেউৰী ভাষাত তিব্বতবৰ্মী ভাষাগোষ্ঠীৰ চীন-তিব্বতীয় ভাষাগেষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা পৰিয়ালৰ অন্তৰ্ভূক্ত। ২০০৫ চনৰ ২৮ জানুৱাৰী তাৰিখে দেউৰী ভাষাক অসম চৰকাৰে চৰকাৰী ভাৱে স্বীকৃতি প্ৰদান কৰে।  

৬। দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম উল্লেখ কৰা?

উত্তৰঃ দেউৰীসকলে পালন কৰি অহা তেওঁলোকৰ চাৰিটা উৎসৱৰ নাম বিবা-বচু গিবা মেচ্চু, বিহু উৎসৱ- চিগাদাগাৰেবাবিচু, বিচু দাবেবা মেচ্চু,মিদি দেৰুবা মেচ্চু।৭। দেউৰীসকল কি ধৰ্মৰ বিশ্বাসী?উত্তৰঃ দেউৰীসকল বৰ ধৰ্মৰ বিশ্বাসী।
৮। চমুটোকা লিখাঃক) ভীমবৰ দেউৰী      খ)  ৰাধাকান্ত দেউৰীগ) বৰ্গৰাম দেউৰী     ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰী।
ক) ভীমবৰ দেউৰীঃ বৃহত্তৰ অসমৰ ক্ষুদ্ৰ পৰিসৰত এক প্ৰচেষ্টাৰ আবৰ্তত থাকি অসমৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ বাবে যুঁজ দি জীৱন পাত কৰা বিৰল ব্যক্তিত্বৰ চানেকি জননেতা ভীমবৰ দেউৰী। তেখেতক অসমৰ প্ৰথমজনা প্ৰধানমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে জননেতা আখ্যাৰে বিভূষিত কৰিছিল।           ভীমবৰ দেউৰী ১৯০৩ চনৰ মে মাহৰ ১৬ তাৰিখে আৰু অসমীয়া জেঠ মাহৰ ৩ তাৰিখে জন্ম হয়। পিতৃ গদৰাম ( গদৰা) দেউৰী, মাতৃ বাজতী ( বাজং) দেউৰী।১৯০৮ চনত ৫৭ নং বৰগাওঁ প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰি ১৯২৫ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা এন্ট্ৰেন্স পৰীক্ষাত পাঁচোটা বিষয়ত লেটাৰ নম্বৰসহ উত্তীৰ্ণ হয়।১৯২৭ চনত প্ৰথম বিভাগত আই.এ পৰীক্ষাত উত্তীৰ্ণ হয়।১৯২৯ চনত অৰ্থনীতি বিষয়ত বি.এ পাছ কৰে। ১৯৩১ চনত কলিকতাৰ পৰা আইন পৰীক্ষাত উত্তীৰ্ণ হৈ  বি. এল হয়। ১৯৩২ চনত ডিব্ৰুগড় আদালতত ওকালতি আৰম্ভ কৰে। ১৯৩৩ চনত ভীমবৰৰ নেতৃত্বত ট্ৰাইবেল লীগৰ জন্ম দিয়ে।        ১৯৩৩ চনৰ পৰা ১৯৪৬ চনলৈকে ভীমবৰ দেউৰী অকল জনজাতীয় জনগোষ্ঠীৰে নহয় অসম আৰু অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ হকে উন্নয়ণৰ প্ৰক্ৰিয়াত আত্মনিয়োগ কৰিছিল। ১৯৪৭ চনৰ ৩০ নৱেম্বৰত ৪৪ বছৰ বয়সত শেষ নিশ্বাস ত্য়াগ কৰে।

খ) ৰাধাকান্ত দেউৰীঃ দেউৰী তথা অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী সাহিত্যিক হৈছে ৰাধাকান্ত দেউৰী। তেখেত ১৯৩১ চনৰ জুন মাহৰ ১ তাৰিখে লক্ষীমপুৰ জিলাৰ বাঁহগড়া দেউৰী গাঁৱত জন্ম হয়। তেখেতৰ পিতৃ নাম আদিচন দেউৰী আৰু মাতৃ তাইবা দেউৰী।ঘৰৰ আৰ্থিক অৱস্থা সিমান ভাল নোহোৱা বাবে গাঁৱৰ মানুহৰ সহযোগতেই প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। পাছলৈ যোৰহাটৰ জে.বি কলেজৰ স্নাতক দেউৰীয়ে ক্ৰমে শদিয়া আৰু লক্ষীমপুৰত চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ লয়। ছাত্ৰাৱস্থাতে সাহিত্যচৰ্চা আৰম্ভ কৰা দেউৰীৰ বিভিন্ন লেখা ভিন ভিন আলোচনী, কাগজ-পত্ৰ আদিত প্ৰকাশ পাইছে। তেওঁ লিখি থৈ যোৱা অমূল্য গ্ৰন্থসমূহ হল- দেউৰী চ্চু বিবঁ ( দেউৰী অভিধান), চ্চিবাঁ জিমচাঁয়া চ্চু বিবঁ ( আধুনিক দেউৰী শব্দ কোষ) দুখন। ইয়াৰে দ্বিতীয়খন কেৱল দেউৰী ভাষাৰে নহয়, অসমীয়া আৰু ইংৰাজী ভাষাও আছে অৰ্থাৎ ত্ৰি-ভাষিক। এই গ্ৰন্থখন দেউৰী ভাষাৰ পুৰ্ণাংগ অভিধান। তদুপৰি আন এক সংযোজন হৈছে দেউৰী শব্দৰ সম্ভাৰ।ৰাধাকান্ত দেউৰীয়ে সাহিত্য চৰ্চা দেউৰী ভাষাত কৰিলেও অৱদান কিন্তু অসমীয়া ভাষা সাহিত্যলৈকে আছিল।
গ) বৰ্গৰাম দেউৰীঃ লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া মৌজাৰ বাঁহগড়া দেউৰী গাঁৱৰ নিবাসী বৰ্গৰাম দেউৰীয়ে ১৯৩৮ চনৰ ১ আগষ্ট তাৰিখে জন্ম গ্ৰহণ কৰে। ১৯৪৯ চনত খৰা এম. ই. স্কুলত শিক্ষা গ্ৰহণ কৰি ১৯৫৯ চনত লক্ষীমপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তেওঁ এম.এচ. চি আৰু এল.এল. বি একে সময়তে সুখ্যাতিৰে পাছ কৰি পিচত পঞ্জাৱ বিশ্ববিদ্যালয়ত হোমিওপেথিক শিক্ষা পঢ়িবলৈ যায় আৰু তাতো তেওঁ সোণৰ মেডেল লৈ ডিগ্ৰী লাভ কৰে। স্নাতকোত্তৰ শিক্ষাগ্ৰহণৰ সময়তে দেউৰীয়ে শিক্ষকতা কৰিছিল কামৰূপ একাডেমীত। তাৰ পাছত ওকালতি কৰিবলৈ লয় লক্ষীমপুৰত। মাজতে ওকালতি বাদ দি মণিপুৰত প্ৰবক্তাৰ চাকৰি কৰিছিল যদিও ভাল নলগাত উভতি আহি পুনৰ ওকালতিত ধৰে। ১৯৭১ চনত সামাজিক বা ৰাজনৈতিক ক্ষেত্ৰৰ কাম পোনপটীয়া ভাৱে আৰম্ভ কৰে।  সেই বৰ্ষত দেউৰী সন্মিলনৰ সভাত তেওঁ সভাপতি নিৰ্বাচিত হয় পৰৱৰ্তী বৰ্ষৰ বাবে। পাছলৈ ১৯৮৩ আৰু ১৯৯১ চনত তেওঁ অসম বিধান সভালৈ বিধায়ক হিচাপে নিৰ্বাচিত হয় বিহপুৰীয়া সমষ্টিৰ পৰা। দেউৰী ভাষাক চৰকাৰী স্বীকৃতিকৰণ দিয়াটো তেওঁৰ যথেষ্ট অৰিহণা আছে। এই গৰাকী ব্যক্তি ২০০৪ চনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। 
ঘ) শ্ৰীচন্দ্ৰ সিং দেউৰীঃ চন্দ্ৰ সিং দেউৰী খেলুৱৈ, লোক-শিল্পী আৰু দেউৰী লেখক হিচাপে জীয়াই আছে। ১৯২৭ চনৰ ২৮ এপ্ৰিলত যোৰহাটৰ উপৰ দেউৰী গাঁৱত জন্ম হয়। তেওঁ পিতৃ নাম গোপাল দেউৰী আৰু মাতৃ আতবা দেউৰী। জন্মস্থানতে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰা দেউৰীয়ে যোৰহাটৰ পলিটেকনিক হাইস্কুলৰ পৰা ১৯৪৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হয়। ১৯৬২ চনত কলা শাখাত নাম লগাই কৰ্মজীৱনৰ মাজতে শ্বিলং  কলেজৰ পৰা আই. এ পৰীক্ষাত উত্তীৰ্ণ হয়।১৯৫৫ চনত ভাৰত চৰকাৰৰ অধীনত অনুসূচীত জাতি আৰু জনজাতিৰ বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী হিচাপে যোগ দিয়া দেউৰীয়ে ১৯৮৮ চনত একে বিভাগৰে অধীক্ষক হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ লয়।১৯৪৯ চনৰ পৰা ১৯৭৫ চনলৈকে আকাশবাণী গুৱাহটী কেন্দ্ৰত দেউৰীয়ে লোক-গীত পৰিৱেশন কৰে।লেখক হিচাপে তেওঁ ১৯০৩ চনৰ পৰা একে লেঠাৰিয়ে -আৰাও ( ১৯০৩), আৰ্চিয় ইবাঁ ( ২০১৪), আমিৰিয়া ইবাঁ ( ২০১৩), বিচু ( ২০১৫), হিচৰি ( ২০১৬), দেউৰী জনজীৱন ( ২০১৬) পুথি নিজ প্ৰচেষ্টাত  প্ৰকাশ কৰি উলিয়াই।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top