আদিবাসীসকল | Chapter 13 | Class 10 বৈচিত্ৰ্য়ময় অসম Question Answer Solution For Assam | সকলপো ধৰণৰ প্ৰশ্ন আৰু উত্তৰ |

আদিবাসীসকল

প্ৰশ্নাৱলীঃ 

১। আদিবাসীসকলৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ আদিবাসীসকল অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগই নহয়, অসমীয়া সংস্কৃতি আৰু অসমৰ আৰ্থ-সামাজিক বিকাশৰ অন্যতম উপাদান। চাহ বাগিচা তথা গাঁৱত বসবাস কৰা এই গোষ্ঠীসকলৰ পূৰ্বপুৰুষ সকল আদিবাসী বুলি পৰিচিত। পূৰ্বতে আদিবাসীসকলে প্ৰকৃতিপ্ৰেমী আৰু প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ফলমূল খায় জীৱন ধাৰণ কৰিছিল। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকৰ সকলো কাৰ্য, ৰীতি-নীতি, কৃষিভিত্তিক হৈ পৰে।

আদিবাসী ভাষাসমূহ দ্ৰাবিড় আৰু অষ্ট্ৰিক গোষ্ঠী ভাষা। এওঁলোকৰ প্ৰধান উ ৎসৱ হৈছে কৰম উৎ সৱ।

২। আদিবাসীসকলৰ ভাষা আৰু উৎসৱ-পাৰ্ৱনৰ বিষয়ে লিখা।

উত্তৰঃ আদিবাসীসকলৰ ভাষাসমূহ দ্ৰাবিড় আৰু অষ্ট্ৰিক গোষ্ঠী ভাষা। আদিবাসী কুডুষ, মুণ্ডা, চাওঁতাল, চাওৰা, কুড়মালী, খাড়িয়া ইত্যাদি এওঁলোকৰ নিজৰ ভাষা।

উৎসৱৰ ভিতৰত এওঁলোকৰ প্ৰধানকৈ কৰম উৎসৱ পালন কৰে। এই উৎসৱ ভাদৰ মাহৰ একাদশীৰ দিনা উদযাপন কৰা হয়। কৰম প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ। কৰম উৎসৱটি বন্ধুত্ব, সম্প্ৰীতি-একতা, ভাল-ফচল আৰু আগন্তুক বিবাহ হবলৈ প্ৰস্তুত হোৱা যুৱতীসকলৰ এক ব্ৰত সময়। ৰাইজে খেতি-পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতা ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰি টুচু, বাহা, পৰব, চহৰাই, মাগে, ফাগুৱা আদি উৎসৱ পাতে।

৩। চমুটোকা লিখাঃ

ক) খ্ৰীষ্টচন মুণ্ডাঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামত ১৯১৬ চনতে এইজন শ্বহীদে প্ৰাণ আহুতি দিয়ে। তেজপুৰৰ ওচৰৰ ফলবাৰী চাহবাগিচাত খ্ৰীষ্টচন মুণ্ডাই অসমৰ কৃ,ক আৰু শ্ৰমিক বিদ্ৰোহ ১৯১০-১৯১৬ চনত গঢ়ি তুলিছিল।ব্ৰিটিছ চৰকাৰে খ্ৰীষ্টচন মুণ্ডাক ফুলবাৰী চাহ বাগিছাৰ ৰাজহুৱা স্থানত ফাঁচী দিয়ে।

খ) জাষ্টিন লাক্ৰাঃ সদৌ আদিবাসী ছাত্ৰ সংন্থাৰ জন্মদাতা, জাষ্টিন লাক্ৰা জন্ম হৈছিল চৰাইবিলৰ কচু গাঁৱত ২ অক্টোবৰৰ ১৯৭০ চনত। ১৯৯৬ চনত শ্বিলং মহাবিদ্যালয়ত শিক্ষা লৈ থাকোঁতে নামনি অসমত গোষ্ঠী সংঘৰ্ষই দে্খা দিয়ে আৰু প্ৰায় দুই লাখ মানুহ আশ্ৰয় শিবিৰত আশ্ৰয় লয়। তেওঁ শিক্ষা এৰি ৰাইজৰ সেৱাত নামি পৰে। ২০১৫ চনৰ ১৩ জুলাইত মহান আদিবাসীনেতা জাষ্টিন লাক্ৰাই ইহলীলা ত্যাগ কৰে আৰু তেওঁক পিছলৈ আদিবাসীৰ সকলৰ জাতীয় পিতা বুলি আখ্যা দিয়ে। 

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top