Might Learn Logo Might Learn Shop Might Learn

Assam SCERT Class 7 Social Science Chapter 6 Question Answer Assamese Medium 2026 | মধ্য়যুগৰ ভাৰত Chapter 6 Question Answer| SCERT Class 7 Social Science Chapter 6 Question Answer, MCQs Answer, Text Book PDF

মধ্য়যুগৰ ভাৰত

অনুশীলনী – ১

১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—


(ক) তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা ক’ত উল্লেখ আছে?

উত্তৰঃ তুৰ্কীসকলে অসম আক্ৰমণ কৰাৰ কথা উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা শিলালিপিত উল্লেখ আছে।


(খ) কোনগৰাকী চুলতানে দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল?

উত্তৰঃ মহম্মদ-বিন-টোগলকে দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল।


(গ) ইবন বটুতা ক’ৰ পৰা ভাৰতলৈ আহিছিল?

উত্তৰঃ ইবন বটুতা মৰক্কোৰপৰা ভাৰতলৈ আহিছিল।


(ঘ) ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল?

উত্তৰঃ ছৈয়দ বংশৰ প্ৰতিষ্ঠাপক আছিল খিজিৰ খাঁ।


(ঙ) ১৫২৬ খ্ৰীষ্টাব্দৰ পানীপথৰ যুদ্ধত কোনে কাক পৰাস্ত কৰিছিল?

উত্তৰঃ ১৫২৬ খ্ৰীষ্টাব্দৰ প্ৰথম পানীপথৰ যুদ্ধত বাবৰে ইব্ৰাহীম লোডীক পৰাস্ত কৰিছিল।


(চ) কোনে দিল্লীত তিনিখন বজাৰ স্থাপন কৰিছিল?

উত্তৰঃ আলাউদ্দিন খিলজিয়ে দিল্লীত তিনিখন বজাৰ স্থাপন কৰিছিল।


(ছ) চুলতানসকলৰ প্ৰশাসনৰ মূল ভেটি কি আছিল?

উত্তৰঃ চুলতানসকলৰ প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শ্বৰীয়া আইন।


২। চুলতানী শাসক বুলিলে কি বুজা? চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশকেইটা কি কি?

উত্তৰঃ ১২০৬ খ্ৰীষ্টাব্দৰপৰা ১৫২৬ খ্ৰীষ্টাব্দলৈ ভাৰতত তুৰ্কী-আফগান মূলৰ কেইবাটাও ৰাজবংশে শাসন কৰিছিল। এই শাসকসকলক চুলতান বোলা হৈছিল আৰু তেওঁলোকৰ শাসনকালক চুলতানী শাসন বুলি কোৱা হয়।

চুলতানী শাসনৰ উল্লেখযোগ্য ৰাজবংশসমূহ হ’ল—

১। দাস বংশ
২। খিলজি বংশ
৩। টোগলক বংশ
৪। ছৈয়দ বংশ
৫। লোডী বংশ


৩। কুতুবুদ্দিন আইবাকে প্ৰতিষ্ঠা কৰা বংশটোক কিয় দাস বংশ বোলা হয়?

উত্তৰঃ কুতুবুদ্দিন আইবাক তুৰ্কীমূলৰ এজন ক্ৰীৎদাস আছিল। সৰুতে তেওঁক নিশাপুৰৰ এজন কাজীয়ে দাস হিচাপে ক্ৰয় কৰিছিল আৰু পাছত মহম্মদ ঘোৰীৰ ওচৰত বিক্ৰী কৰিছিল। নিজৰ যোগ্যতাৰে তেওঁ মহম্মদ ঘোৰীৰ বিশ্বাসভাজন সেনাপতি আৰু শাসক হিচাপে উন্নীত হয়।

মহম্মদ ঘোৰীৰ মৃত্যুৰ পাছত তেওঁ ভাৰতত স্বাধীন শাসন স্থাপন কৰে। কুতুবুদ্দিন আইবাক পূৰ্বতে এজন দাস আছিল বাবে তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত ৰাজবংশটোক দাস বংশ বুলি কোৱা হয়।


৪। মহম্মদ-বিন-টোগলকক কিয় ‘জ্ঞানী মূৰ্খ’ ৰজা বুলি কোৱা হয়?

উত্তৰঃ মহম্মদ-বিন-টোগলক এজন বিদ্বান আৰু প্ৰজাহিতৈষী শাসক আছিল, কিন্তু তেওঁৰ বহু আঁচনি বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল।

তেওঁ দিল্লীৰপৰা দৌলতাবাদলৈ ৰাজধানী স্থানান্তৰ কৰিছিল, যাৰ ফলত বহু মানুহে কষ্ট ভোগ কৰিছিল আৰু ধন-জনৰ ক্ষতি হৈছিল। তদুপৰি তেওঁ তামৰ মুদ্ৰাক ৰূপৰ মুদ্ৰাৰ সমমূল্য ঘোষণা কৰিছিল। কিন্তু নকল তামৰ মুদ্ৰা প্ৰচলন ৰোধ কৰিব নোৱাৰাৰ বাবে দেশৰ অৰ্থনীতি ক্ষতিগ্ৰস্ত হৈছিল।

তেওঁৰ চিন্তা উচ্চমানৰ হ’লেও বহু সিদ্ধান্ত বাস্তৱত সফল নোহোৱাৰ বাবে তেওঁক ‘জ্ঞানী মূৰ্খ’ ৰজা বুলি কোৱা হয়।


৫। চুলতানসকলৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰঃ চুলতানী শাসনত সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী আছিল চুলতান। প্ৰশাসনৰ মূল ভেটি আছিল ইছলাম ধৰ্মীয় আইন বা শ্বৰীয়া আইন।

প্ৰশাসন পৰিচালনাৰ সুবিধাৰ বাবে বিভিন্ন বিভাগ আছিল, যেনে—বিত্ত, সামৰিক, ন্যায়, ধৰ্ম, ৰাজসভা আৰু দাতব্য বিভাগ। উচ্চ পদস্থ বিষয়াসকলৰ ভিতৰত ৱাজিৰ আছিল বিশেষ গুৰুত্বপূৰ্ণ। তেওঁ মূলতঃ বিত্ত বিভাগৰ মুৰব্বী আছিল আৰু তেওঁৰ দপ্তৰক দিৱান-ই-ৱিজাৰত বোলা হৈছিল।

শাসন সুবিধাৰ বাবে সাম্ৰাজ্যখনক বিভিন্ন ইক্তাত ভাগ কৰা হৈছিল। প্ৰতিটো ইক্তাৰ দায়িত্বত থকা বিষয়াক ইক্তাদাৰ বা মুকটি বোলা হৈছিল।


অনুশীলনী – ২


১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া—


(ক) মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ কাৰ বংশধৰ আছিল?

উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বাবৰ পিতৃফালৰপৰা টাইমুৰৰ বংশধৰ আছিল।


(খ) মোগল সাম্ৰাজ্যৰ বিস্তৃতি ক’ৰপৰা ক’লৈ আছিল?

উত্তৰঃ ঔৰংজেৱৰ সময়ত মোগল সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰপৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰপৰা দক্ষিণে কৰ্ণাটকলৈকে হৈছিল।


(গ) ‘বাবৰনামা’ কি?

উত্তৰঃ ‘বাবৰনামা’ হৈছে মোগল সম্ৰাট বাবৰৰ আত্মজীৱনী।


(ঘ) ‘হেমচন্দ্ৰ বিক্ৰমাদিত্য’ উপাধি কোনে গ্ৰহণ কৰিছিল?

উত্তৰঃ আফগান শাসকৰ সেনাপতি তথা ৱাজিৰ হিমুৱে ‘হেমচন্দ্ৰ বিক্ৰমাদিত্য’ উপাধি গ্ৰহণ কৰিছিল।


(ঙ) ‘চুল-হি-কূল’ বুলিলে কি বুজা?

উত্তৰঃ সম্ৰাট আকবৰে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ মানুহৰ প্ৰতি শান্তি, সহনশীলতা আৰু সমদৃষ্টিৰ নীতি গ্ৰহণ কৰিছিল। এই নীতিক ‘চুল-হি-কূল’ বোলা হয়।


(চ) তাজমহল কোনে আৰু কাৰ স্মৃতিত নিৰ্মাণ কৰিছিল?

উত্তৰঃ সম্ৰাট ছাহজাহানে তেওঁৰ পত্নী মমতাজ মহলৰ স্মৃতিত তাজমহল নিৰ্মাণ কৰিছিল।


(ছ) ঔৰংজেৱে সিংহাসনত অধিষ্ঠিত হৈ কি উপাধি গ্ৰহণ কৰিছিল?

উত্তৰঃ ঔৰংজেৱে সিংহাসনত অধিষ্ঠিত হৈ ‘আলমগীৰ’ উপাধি গ্ৰহণ কৰিছিল।


২। আকবৰে জ্ঞান অন্বেষণৰ বাবে কি কি কাৰ্যাৱলী হাতত লৈছিল?

উত্তৰঃ সম্ৰাট আকবৰ নিজে নিৰক্ষৰ আছিল যদিও জ্ঞান আৰু সাহিত্যৰ প্ৰতি তেওঁৰ গভীৰ আগ্ৰহ আছিল। তেওঁ নিজৰ ৰাজসভাত বিভিন্ন ধৰ্ম আৰু বিষয়ৰ পণ্ডিতসকলক স্থান দিছিল।

তেওঁৰ পৃষ্ঠপোষকতাত বহু সংস্কৃত গ্ৰন্থ পাৰ্চী ভাষালৈ অনুবাদ কৰা হৈছিল। মহাভাৰত, ৰামায়ণ, ভাগৱত গীতা আৰু পঞ্চতন্ত্ৰ আদি গ্ৰন্থৰ অনুবাদৰ ব্যৱস্থা কৰা হৈছিল।

তেওঁ বিভিন্ন ধৰ্মৰ পণ্ডিতসকলৰ মাজত আলোচনা আৰু মত-বিনিময়ৰ ব্যৱস্থাও কৰিছিল। এনেদৰে আকবৰে জ্ঞান অন্বেষণ আৰু বিভিন্ন সংস্কৃতিৰ মাজত সমন্বয় সাধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।


৩। জিজিয়া কৰ বুলিলে কি বুজা?

উত্তৰঃ মুছলমান শাসকসকলে অমুছলমান প্ৰজাসকলৰ ওপৰত আৰোপ কৰা এক বিশেষ কৰক জিজিয়া কৰ বোলা হৈছিল। শাসকৰ অধীনত জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বিনিময়ত অমুছলমান প্ৰজাসকলে এই কৰ প্ৰদান কৰিবলগীয়া হৈছিল।


৪। মনচবদাৰী ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ মোগল শাসন ব্যৱস্থাৰ অন্যতম প্ৰধান বৈশিষ্ট্য আছিল মনচবদাৰী ব্যৱস্থা। সম্ৰাট আকবৰে সামৰিক আৰু অসামৰিক প্ৰশাসন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই ব্যৱস্থা সুসংগঠিত কৰিছিল।

‘মনচব’ শব্দৰ অৰ্থ হৈছে পদ বা মৰ্যাদা। মনচব লাভ কৰা বিষয়াসকলক মনচবদাৰ বোলা হৈছিল। মনচবদাৰসকলৰ পদমৰ্যাদা, বেতন আৰু তেওঁলোকে কিমানজন অশ্বাৰোহী সৈন্য ৰাখিব লাগিব, সেইবোৰ সম্ৰাটে নিৰ্ধাৰণ কৰিছিল।

মনচবদাৰসকলৰ নিয়োগ, পদোন্নতি আৰু পদচ্যুতি সম্পূৰ্ণৰূপে সম্ৰাটৰ নিয়ন্ত্ৰণত আছিল।


Part – 2

তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা—


১। পানীপথৰ দ্বিতীয় যুদ্ধ কেতিয়া সংঘটিত হৈছিল?

(ক) ১৫২৬ খ্ৰীষ্টাব্দত
(খ) ১৫৩৬ খ্ৰীষ্টাব্দত
(গ) ১৫৪৬ খ্ৰীষ্টাব্দত
(ঘ) ১৫৫৬ খ্ৰীষ্টাব্দত

উত্তৰঃ (ঘ) ১৫৫৬ খ্ৰীষ্টাব্দত।


২। অসমৰ কোনগৰাকী ৰজাই বখতিয়াৰ খিলজিক পৰাস্ত কৰিছিল?

(ক) ভাস্কৰ বৰ্মন
(খ) নৰকাসুৰ
(গ) পৃথু
(ঘ) নীলাম্বৰ

উত্তৰঃ (গ) পৃথু।


৩। কোনটো সঠিক ক্ৰম?

(ক) দাস বংশ → টোগলক বংশ → খিলজি বংশ → ছৈয়দ বংশ → লোডী বংশ
(খ) লোডী বংশ → টোগলক বংশ → ছৈয়দ বংশ → দাস বংশ → খিলজি বংশ
(গ) দাস বংশ → লোডী বংশ → টোগলক বংশ → খিলজি বংশ → টোগলক বংশ
(ঘ) দাস বংশ → খিলজি বংশ → টোগলক বংশ → ছৈয়দ বংশ → লোডী বংশ

উত্তৰঃ (ঘ) দাস বংশ → খিলজি বংশ → টোগলক বংশ → ছৈয়দ বংশ → লোডী বংশ।


৪। উক্তি— মহম্মদ-বিন-টোগলকক ‘জ্ঞানী মূৰ্খ’ ৰজা বুলি জনা যায়।

যুক্তি— তেওঁৰ আঁচনিবোৰ বাস্তৱ পৰিকল্পনাৰ অভাৱত বিফল হৈছিল।

(ক) উক্তিটো শুদ্ধ কিন্তু যুক্তিটো ভুল।
(খ) উক্তিটো ভুল কিন্তু যুক্তিটো শুদ্ধ।
(গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা।
(ঘ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, কিন্তু যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয়।

উত্তৰঃ (গ) উক্তি আৰু যুক্তি দুয়োটাই শুদ্ধ, যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা।


৫। ৱাজিৰ কি বিভাগৰ মুৰব্বী আছিল?

(ক) চোৰাংচোৱা
(খ) ন্যায়িক
(গ) বিত্ত
(ঘ) ধৰ্মীয়

উত্তৰঃ (গ) বিত্ত।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post
5 chapters free after login
Scroll to Top
🎓 My Class Membership