SCERT Class 7 Social Science Chapter 14 Solution Assamese Medium | Assam Borad Class VII Social Science Lesson 14 “কিনা-বেচাৰ মাধ্য়মৰূপে বজাৰ” Answer | New Update 2026 |

কিনা-বেচাৰ মাধ্য়মৰূপে বজাৰ

Lesson 14অনুশীলনী – ১

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) চিকিৎসকক কিয় আমি মাননী বা ফিজ দিওঁ?
উঃ অসুখ-বিসুখ হ’লে চিকিৎসকজনে আগবঢ়োৱা চিকিৎসাসেৱাৰ বিনিময়ত তেখেতক মাননী বা ফিজ দিয়া হয়। 

(খ) বজাৰ মানে কি?উঃ বজাৰ হৈছে এনে এক ব্য়ৱস্থা য’ত মুদ্ৰা বা টকা-পইচাৰ মাধ্য়মত সা-সামগ্ৰী বা সেৱাৰ বেচা-কিনা কৰা হয়।

(গ) বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ কি কি?উঃ বজাৰ ব্য়ৱস্থাৰ অপৰিহাৰ্য অংগবোৰ হ’ল- পণ্য় বা দ্ৰব্য়-সামগ্ৰী, ক্ৰেতা, বিক্ৰেতা আৰু বস্তুৰ দৰ।

(ঘ) অর্ধ-সাপ্তাহিক বজাৰ বুলিলে কি বুজা?উঃ সপ্তাহটোৰ এটা নিদিৰ্ষ্ট বাৰত কোনো এক নিদিৰ্ষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰকে অৰ্ধ-সাপ্তাহিক বজাৰ বোলে।

২. দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ কি কি?উঃ দৈনিক বজাৰৰ সুবিধাবোৰ হ’ল যে সাধাৰণতে খাদ্য়-সামগ্ৰী, শাক-পাচলি, মাছ-মাংস আদি দৈনিক ব্য়ৱহাৰ্য সামগ্ৰী এনে বজাৰত পোৱা যায়। অঞ্চলটোৰ মানুহে সহজে দৈনিক বজাৰৰপৰা বস্তু ক্ৰয় কৰি আনিব পাৰে। আনহাতে, স্থায়ী বজাৰৰ সুবিধাবোৰ হ’ল দিনটোৰ এটা নিদিৰ্ষ্ট সময়ত সাধাৰণতে ৰাতিপুৱা দোকানবোৰ খোলা হয় আৰু সন্ধিয়া বা ৰাতি বন্ধ কৰা হয়। বিশেষকৈ আমাৰ নিত্য় প্ৰয়োজনীয় সামগ্ৰী যেনে- চাউল, দাইল, তেল, ঔষধ, চাবোন আদি দিনটোৰ যিকোনো মুহূৰ্ততে প্ৰয়োজন হোৱা সামগ্ৰীবোৰ সহজেই এই দোকানৰপৰা সংগ্ৰহ কৰিব পৰা যায়।

৩. সাপ্তাহিক বজাৰত কি কি ধৰণৰ দ্ৰব্য-সামগ্রী বেচা-কিনা কৰা হয়?উঃ সাপ্তাহিক বজাৰত ধান, মাহ, তামোল-পাণ, শাক-পাচলিৰ আদিৰ লগতে হাঁহ-কুকুৰা, মাছ, ছাগলী, কাপোৰ, বাচন-বৰ্তন, বাঁহ-বেত, কাঠৰ সামগ্ৰী আদি বেচা-কিনা কৰা হয়। 

অনুশীলনী – ২

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) খুচুৰা বজাৰ মানে কি?
উঃ পাইকাৰী বজাৰৰপৰা দ্ৰব্য় ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনেই হ’ল খুচুৰা বজাৰ।(খ) বাস্তৱিক বজাৰৰ এটা উদাহৰণ দিয়া।
উঃ বাস্তৱিক বজাৰৰ এটা উদাহৰণ হ’ল দৈনিক বজাৰ।(গ) স্থানীয় বজাৰৰ সুবিধাবোৰ কি কি?
উঃ স্থানীয় বজাৰৰ সুবিধাবোৰ হ’ল যে ইয়াৰ লগত জড়িত মানুহখিনিয়ে ঘৰৰ ওচৰতে বজাৰৰ সুবিধাবোৰ পাব পাৰে আৰু কম খৰচতে নিত্য় প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয় কৰিব পাৰে।(ঘ) ৰাষ্ট্ৰীয় বজাৰ বুলিলে কি বুজা?উঃ এখন ৰাষ্ট্ৰ বা দেশৰ ভৌগোলিক সীমাৰ ভিতৰত দ্ৰব্য়-সামগ্ৰীৰ বেচা-কিনা কৰাৰ ব্য়ৱস্থাকে ৰাষ্ট্ৰীয় বজাৰ বোলে।

২. পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজৰ পাৰ্থক্যবোৰ কি কি?উঃ  প্ৰস্তুতকাৰীৰপৰা সৰহ পৰিমাণৰ বস্তু কিনি পুনৰ বেপাৰী বা বিক্ৰেতাক বিক্ৰী কৰি দিয়া বজাৰখনেই হ’ল পাইকাৰী বজাৰ।        আনহাতে, পাইকাৰী বজাৰৰপৰা দ্ৰব্য় ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনেই হ’ল খুচুৰা বজাৰ।

৩. কোনখন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়? এনে বজাৰৰপৰা কি কি সামগ্রী ক্ৰয় কৰিব পাৰি?উঃঅনলাইন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়। এনে বজাৰৰপৰা খাদ্য়বস্তু, কাপোৰ-কান, কিতাপ-পত্ৰ, ইলেক্ট্ৰনিক সামগ্ৰী আদি ক্ৰয় কৰিব পাৰি।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top