SCERT Class 6 Science Chapter 8 Answer 2026 | Class 6 General Science Chapter 8 Answer Organism and Its Characteristics (জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ) Question Answer |

 Chapter 8 – 

Organism and Its Characteristics
(জীৱ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ)

অনুশীলনী

শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।

১. তলত দিয়া কোনবিধৰ বৃদ্ধি নহয়?
(a) গছ
(b) চাইকেল
(c) শিশু
(d) পখিলা

উত্তৰ: (b) চাইকেল

২. বীজৰ অংকুৰণত তলত দিয়া কোনবিধৰ প্ৰয়োজন?
(a) পোহৰ
(b) প্রয়োজনীয় উষ্ণতা
(c) সাৰ
(d) পানী
উত্তৰ: (b) প্রয়োজনীয় উষ্ণতা

৩. মাছে কিহৰ সহায়ত পানীত সাঁতুৰি ফুৰে?
(a) ফান
(b) ডেউকা
(c) নেজ
(d) ঠেং
উত্তৰ: (a) ফান

৪. তলৰ কোনবিধ প্রাণী মাটি আৰু পানী উভয়তে থাকিব পাবে?
(a) মাছ
(b) ভেকুলী
(c) শিয়াল
(d) তিমি মাছ
উত্তৰ: (b) ভেকুলী

৫. তলত দিয়া কোনবিধ গছৰ পাত স্পর্শ কৰিলে জাপ খাই যায়?
(a) আমলখি
(b) সূৰ্যমুখী ফুল
(c) লাজুকী লতা
(d) কলচী উদ্ভিদ
উত্তৰ: (c) লাজুকী লতা

৬. মহে ক’ত কণী পাৰে?
(a) বন্ধ পানীত
(b) পাতৰ তলত
(c) মাটিত
(d) নদীত
উত্তৰ: (a) বন্ধ পানীত

৭. লালুকীৰ গাত তলৰ কোনটো দেখা যায়?
(a) ঠেং আৰু জলক্রোম
(b) নেজ আৰু জলক্রোম
(c) হাঁওফাঁও আৰু নেজ
(d) কেবল জলক্রোম
উত্তৰ: (a) ঠেং আৰু জলক্রোম

8. A স্তম্ভৰ লগত B স্তম্ভ মিলোৱা- 

        স্তম্ভ-A                                স্তম্ভ-B 

(a) ফুল ফুলা                              (i) দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান-প্রদান

(b) ৰেচন                                     (ii) ওপৰলৈ বাঢ়ে 

(c) কাণ্ড                                      (iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য

(d) শ্বাস-প্রশ্বাস                           (iv) উদ্ভিদৰ চলন 

উত্তৰঃ- 

                          স্তম্ভ-A                       স্তম্ভ-B 

                          (a) ফুল ফুলা             (iv) উদ্ভিদৰ চলন 

                          (b) ৰেচন                   (iii) গাৰ পৰা ওলোৱা পানী আৰু বর্জনীয় দ্রব্য

                          (c) কাণ্ড                    (ii) ওপৰলৈ বাঢ়ে 

                          (d) শ্বাস-প্রশ্বাস          (i) দেহৰ ভিতৰলৈ আৰু বাহিৰলৈ বায়ুৰ আদান-প্রদান  

9. উপযুক্ত শব্দৰ সহায়ত খালী ঠাই পূৰ কৰা-

(a) বীজৰ ভিতৰত থকা সৰু অংকুৰণৰ ৰ পৰা এজোপা পূর্ণাঙ্গ গছ হয়।

(b) সকলো জীৱই উদ্দীপনাৰ প্রতি সঁহাৰি জনায়।

(c) কণী পূর্ণাঙ্গ মহলৈ পৰিৱৰ্তন হয়।

(d) চৰাই উৰিব পাৰে, ই হৈছে চলনৰ এটা বৈশিষ্ট্য।

(e) সময়ৰ লগে লগে জীৱৰ বৃদ্ধি হয়।

(f) মহে মেলেৰিয়া আৰু ডেঙ্গু বেমাৰৰ বীজাণু কঢ়িযায়।

(g) ভেকুলী এবিধ উভচৰ প্রাণী।

10. ভেকুলীৰ জীৱন চক্রত পোৱা স্তৰসমূহ শুদ্ধ ক্রমত লিখা।

(a) কণী-লালুকী-পোৱালি ভেকুলী -ভেকুলী 

(b) পোৱালি ভেকুলী-ভেকুলী -লালুকী- কণী

(c) কণী -পোৱালি ভেকুলী -লালুকী -ভেকুলী

(d) লালুকী -পোৱালি ভেকুলী-কণী- ভেকুলী 

উত্তৰঃ- (a) কণী-লালুকী-পোৱালি ভেকুলী -ভেকুলী 

11. পূর্ণাঙ্গ ভেকুলীয়ে কিহৰ সহায়ত উশাহ-নিশাহ লয়?  হাঁওফাঁও নে জলক্লোম?

উত্তৰ: পূর্ণাঙ্গ ভেকুলীয়ে হাঁওফাঁও সহায়ত উশাহ-নিশাহ লয় ।

12. জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য কি কি? 

উত্তৰ: জীৱসমূহৰ মূল তিনিটা বৈশিষ্ট্য হৈছে –

  1. বৃদ্ধি হোৱা
  2. প্ৰজনন কৰা
  3. উত্তেজনাৰ প্ৰতি সঁহাৰি জনোৱা

13. বহু প্রাণীৰ দৰে গাড়ী এখনো চলনক্ষম হোৱাৰ সত্বেও ইয়াক জড় বুলি গণ্য কৰা হয় কিয়? 

উত্তৰ: গাড়ী চলনক্ষম হ’লেও ইয়াৰ ভিতৰত শ্বাস-প্ৰশ্বাস, বৃদ্ধি, খাদ্য গ্ৰহণ, প্ৰজনন আদি জীৱনৰ বৈশিষ্ট্য নাথাকে। সেয়ে গাড়ী জড় বস্তু বুলি গণ্য কৰা হয়।

14. জীৱৰ বাবে বংশ বৃদ্ধিৰ কিয় প্রয়োজন? 

উত্তৰ: জীৱৰ বাবে বংশ বৃদ্ধি কৰা অত্যন্ত প্ৰয়োজনীয়। বংশ বৃদ্ধিৰ দ্বাৰা জীৱে নিজৰ প্ৰজাতি বজাই ৰাখে আৰু পৰৱৰ্তী প্ৰজন্মলৈ জীৱনৰ অব্যাহতিত নিশ্চিত কৰে। যদি জীৱ বংশবৃদ্ধি নকৰে, তেন্তে ক্ৰমে সেই প্ৰজাতি নিশ্চিহ্ন হৈ পৰিব, অৰ্থাৎ পৰিৱেশত সেই প্ৰজাতিৰ অস্তিত্ব শেষ হৈ যাব। বংশ বৃদ্ধি হৈছে প্ৰাকৃতিক নিয়মৰ এটা অংশ, যাৰ জৰিয়তে জীৱ আৰু প্ৰজাতিৰ স্থিৰতা নিশ্চিত হয়।

15. ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশাসমূহৰ নাম লিখা। 

উত্তৰ: ভেকুলীৰ জীৱনচক্ৰৰ বিভিন্ন দশা হৈছে –

কণী → পোৱালি ভেকুলী → লালুকী → পূৰ্ণাঙ্গ ভেকুলী

16. মহৰ জীৱনচক্ৰৰ ছবি আঁকা।

উত্তৰঃ– নিজেই চেষ্টা কৰিবা

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top