আহাৰৰ প্ৰয়োজনীয়তা
অনুশীলনী
১। চমুকৈ উত্তৰ লিখা—
(ক) আমাক কিয় আহাৰৰ প্ৰয়োজন হয়?
উত্তৰঃ জীয়াই থাকিবলৈ, কাম কৰাৰ শক্তি পাবলৈ আৰু শৰীৰৰ গঠন তথা বৃদ্ধিৰ বাবে আমাক আহাৰৰ প্ৰয়োজন হয়। আহাৰে শৰীৰৰ ক্ষয় পূৰণ আৰু সুস্থ হৈ থকাতো সহায় কৰে।
(খ) খাদ্যত থকা উপাদানবোৰ কি কি?
উত্তৰঃ খাদ্যত থকা প্ৰধান ছয়বিধ উপাদান হ’ল— শৰ্কৰা, প্ৰ’টিন, চৰ্বী, ভিটামিন, খনিজ লৱণ আৰু পানী।
(গ) সুষম আহাৰ বুলিলে কি বুজা? সুষম আহাৰৰ কিয় প্ৰয়োজন?
উত্তৰঃ শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান উপযুক্ত পৰিমাণত থকা আহাৰক সুষম আহাৰ বোলে। ইয়াত পৰ্যাপ্ত পানী আৰু আঁহজাতীয় পদাৰ্থও থাকিব লাগে। সুষম আহাৰে শক্তি যোগায়, শৰীৰৰ বৃদ্ধি আৰু ক্ষয় পূৰণত সহায় কৰে তথা পুষ্টিৰ অভাৱজনিত ৰোগৰ পৰা ৰক্ষা কৰে।
(ঘ) আমি কিয় যথেষ্ট পৰিমাণে পানী খাব লাগে?
উত্তৰঃ পানীয়ে খাদ্য হজম, পুষ্টিদ্ৰব্যৰ শোষণ আৰু শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণত সহায় কৰে। ই প্ৰস্ৰাৱ আৰু ঘামৰ জৰিয়তে বৰ্জ্য পদাৰ্থ বাহিৰ কৰাত আৰু শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণত সহায় কৰে। দেহত পানীৰ অভাৱ নহ’বলৈ আমি যথেষ্ট পৰিমাণে পানী খাব লাগে।
২। খালী ঠাই পূৰ কৰা—
(ক) জীয়াই থাকিবৰ বাবে ________ প্ৰয়োজন।
উত্তৰঃ আহাৰৰ।
(খ) আমাৰ দেহৰ গঠন আৰু বৃদ্ধিত সহায় কৰা উপাদানবিধ হ’ল ________।
উত্তৰঃ প্ৰ’টিন।
(গ) সেউজীয়া শাক-পাচলি আৰু ফল-মূলত ________ আৰু ________ থাকে।
উত্তৰঃ ভিটামিন আৰু খনিজ লৱণ।
(ঘ) প্ৰয়োজনীয় পৰিমাণত সকলোবোৰ উপাদান থকা খাদ্যক ________ আহাৰ বোলে।
উত্তৰঃ সুষম।
(ঙ) ভিটামিন ________ৰ অভাৱত চকুৰ দৃষ্টিশক্তি কমে।
উত্তৰঃ A।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা—
উত্তৰঃ সঠিক মিলবোৰ তলত দিয়া হ’ল।
| ‘ক’ অংশ | ‘খ’ অংশ |
|---|---|
| আমাৰ শৰীৰক শক্তি দিয়া উপাদানবিধ হ’ল | শৰ্কৰা। |
| শৰীৰৰ হাড় আৰু দাঁতৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ’ল | কেলচিয়াম। |
| তেজৰ গঠনত সহায় কৰা খনিজ লৱণবিধ হ’ল | লো। |
| আয়’ডিনৰ অভাৱত হোৱা বেমাৰবিধ হ’ল | গৰল। |
৪। শুদ্ধ উত্তৰটো বিচাৰি উলিওৱা—
(ক) আমাৰ শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰা উপাদানবোৰ হ’ল— গাখীৰ আৰু দৈ / চৰ্বী আৰু প্ৰ’টিন / ভিটামিন আৰু খনিজ লৱণ।
উত্তৰঃ ভিটামিন আৰু খনিজ লৱণ।
(খ) দীৰ্ঘদিন ধৰি খাদ্যৰ উপাদানৰ অভাৱত হোৱা বেমাৰক কি বুলি কোৱা হয়— বেৰিবেৰি / কুকুৰীকণা / অভাৱজনিত ৰোগ।
উত্তৰঃ অভাৱজনিত ৰোগ।
(গ) ভিটামিন C অধিক পৰিমাণে থকা খাদ্য হ’ল— গাখীৰ / আমলখি / ছয়াবিন।
উত্তৰঃ আমলখি।
(ঘ) আমাৰ শৰীৰৰ পৰা অলাগতিয়াল পদাৰ্থবোৰ বাহিৰ কৰাত সহায় কৰা খাদ্যৰ উপাদানবিধ হ’ল— গাখীৰ / পানী / শাক-পাচলি।
উত্তৰঃ পানী।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post