SCERT Class 5 Environment Chapter 6 Answer 2026 | অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ । অধ্য়ায় ৬ । Class 5 Enviroment (SCERT) School Question Answer । অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ Lesson 6 Question Answer Solution For Assam ।

অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ 

১। উত্তৰ লিখা—

(ক) প্রাকৃতিক সম্পদ বুলিলে কি বুজা?

উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়।

(খ) নবীকৰণক্ষম আৰু অনবীকৰণক্ষম সম্পদ বুলিলে কি বুজা?

উত্তৰঃ যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয়, সেইবোৰ সম্পদক নৱীকৰণক্ষম সম্পদ বোলে।

যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰা পাছত পুনৰ সৃষ্টি হবলৈ বহুত দীঘলীয়া সময় লাগে, তেনেবোৰ সম্পদকে অনৱীকৰণক্ষম সম্পদ বোলে।

(গ) অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা।

উত্তৰঃ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখমৰ নাম হৈছে

১। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

২। মানাহ ৰাষ্ট্ৰীয় উদ্যান

৩। নামেৰি ৰাষ্ট্ৰীয় উদ্যান

৪। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

৫। ওৰাং ৰাষ্ট্ৰীয় উদ্যান

৬। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান

৭। দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান

(ঘ) অসমৰ কোনকেইখন জিলাত চূণশিল পোৱা যায় ৷

উত্তৰঃ অসমৰ ডিমা-হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়।

(ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম উল্লেখ কৰা ।

উত্তৰঃ অসমৰ বনাঞ্চলত থকা চাৰিবিধ প্ৰাণীৰ নাম হৈছে-এটা খড়গযুক্ত গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোৰাঁ।

২। চমুটোকা লিখা-

(ক) অভয়াৰণ্য (খ) সংৰক্ষিত বনাঞ্চল (গ) উদ্ভিদ উদ্যান (ঘ) ৰাষ্ট্ৰীয় উদ্যান

উত্তৰঃ 

অভয়াৰণ্যঃ অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু দূৰৈত অৱস্থিত। ইয়াত বন্যপ্ৰাণীসমূহে মুক্তমনে বিচৰণ কৰিব পাৰে। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যৰ উদাহৰণ হৈছে- পবিতৰা অভয়াৰণ্য।

সংৰক্ষিত বনাঞ্চলঃ বনজ সম্পদত চহকী কিছুমান প্ৰকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চল সমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়।

উদ্ভিদ উদ্যানঃ উদ্ভিদ উদ্যানত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্যানত উদ্ভিদবিলাকক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান থাকে।

ৰাষ্ট্ৰীয় উদ্যানঃ ৰাষ্ট্ৰীয় উদ্যানত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চল য’ত বন্যপ্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশ বৃদ্ধিৰ বাবে ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়।

৩। খালী ঠাই পূৰ কৰা।

(ক) ২১ মার্চ দিনটো………………….হিচাপে পালন কৰা হয় ।

উত্তৰঃ বিশ্ব বন দিৱস।

(খ) প্রাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী……………………….নহয়।

উত্তৰঃ সম্পদ

(গ)………………..ৰ কলয়াখনি অতি পুৰণি।

উত্তৰঃ মাকুমৰ

(ঘ) বিলাতী মাটি প্রস্তুত কৰিবলৈ……………………ব্যৱহাৰ কৰা হয়।

উত্তৰঃ চূণশিল

(ঙ)……………..আৰু……………….অসমৰ দুখন প্ৰধান নৈ।

উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক

 ৪। জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা।

উত্তৰঃ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, প্ৰদূষণৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। বৰ্তমান আধুনিকীকৰণ আৰু উদ্যোগীকৰণৰ যুগত জৈৱসম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে-পৰ্বতে মানুহে বসতি কৰিবলৈ লোৱাৰ ফলত গছ-গছনি, পশু-পক্ষী আদি নোহোৱা হৈছে। সুপৰিকল্পিত, বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহৰ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখা, যাতে মানুহ, চৰাই-চিৰিকটি, কীটপতংগ, উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে। সেই বাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনয়তা আছে।

৫। পৰিৱেশ সজাগতা আনিবলৈ তুমি ৩টা ব্যৱস্থাৰ কথা উল্লেখ কৰা ।

উত্তৰঃ পৰিৱেশ সজাগতা আনিবলৈ লোৱা ৩টা ব্যৱস্থা হৈছে-

১। গছ-পুলি ৰোৱা আৰু গছ-পুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতনতা বৃদ্ধি কৰা।

২। পানীৰ সংৰক্ষণ, সুৰক্ষা আৰু সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সভা-সমিটি পতা।

৩। বন্য প্ৰাণী সংৰক্ষণৰ বাবে সচেতনতা বৃদ্ধি কৰা।

৬। শুদ্ধ উত্তৰটো বিচাৰি লিখা—

(ক) তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যান হয় ?

(১) ৰাইমনা (২) গৰমপানী (৩) পবিতৰা (৪) চক্ৰশীলা।

উত্তৰঃ ৰাইমনা

(খ) তলৰ কোনবিধ অসমৰ ৰাজ্যিক পক্ষী ?

(১) মইনা (২) ময়ূৰ (৩) ধনেশ (৪) দেওহাঁহ।

উত্তৰঃ দেওহাঁহ

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top