SCERT Class 5 Environment Chapter 7 Answer 2026 | অসমৰ সাস্কৃতি । অধ্য়ায় ৭ । Chapter 7 । Class 5 Enviroment (SCERT) School Question Answer । অসমৰ সাস্কৃতি Lesson 7 Question Answer And Solution For Assam ।

অসমৰ সংস্কৃতি

১। উত্তৰ লিখা

(ক) মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদানৰ নাম লিখা। 

উত্তৰঃ মহাপুৰুষ শংকৰদেৱে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান হৈছে- সত্ৰীয়া নৃত্য, ভাওনা।

(খ) চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম লিখা। 

উত্তৰঃ চাৰিবিধ ডিঙিত পিন্ধা অসমীয়া গহনাৰ নাম হৈছে-গলপতা, জোনবিৰি,মাদলি,সাতসৰী।

(গ) তিনিবিধ নৃত্যৰ নাম আৰু তাৰ লগত জড়িত তিনিবিধ বাদ্য যন্ত্ৰৰ নাম লিখা।

উত্তৰঃ তিনিবিধ নৃত্যৰ আৰু নৃত্য লগত জড়িত বাদ্যযন্ত্ৰ নাম হৈছে-

বিহুগীত- ঢোল

সত্ৰীয়া নৃত্য- খোল

ভোৰতাল নৃত্য- ভোৰতাল।

 (ঘ) চাউলৰ গুড়িৰ পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখা।

উত্তৰঃ চাউলৰ গুড়ি পৰা প্ৰস্তুত কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম হৈছে- পিঠাগুড়ি, তিলপিঠা, ঘিলাপিঠা আৰু টেকেলিপিঠা।

(ঙ) শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম লিখা।

উত্তৰঃ শিৱসাগৰ জিলাত থকা পুৰণি দুটা কীৰ্তিচিহ্নৰ নাম হৈছে- ৰংঘৰ, কাৰেংঘৰ।

(চ) অসমত থকা দুটা মন্দিৰ, দুটা দৌল আৰু দুখন সত্ৰৰ নাম লিখা।

উত্তৰঃ অসমত থকা দুটা মন্দিৰ নাম হৈছে-কামাখ্যা মন্দিৰ, হয়গ্ৰীৱ-মাধৱ মন্দিৰ।

দুটা দৌলৰ নাম হৈছে- জয়দৌল, শিৱদৌল।

দুখন সত্ৰ নাম হৈছে- আউনীআটি সত্ৰ, কমলাবাৰী সত্ৰ।

২। খালী ঠাই পূৰ কৰা

(ক) ব’হাগত _____পালন কৰা হয়।

উত্তৰঃ বহাগ বিহু।

(খ) খেৰাই পূজা ______পালন কৰে।

উত্তৰঃ বড়ো সকলে

(গ) বিহু ______জাতীয় উৎসৱ।

উত্তৰঃ জাতীয়

(ঘ) মিছিংসকলে____ -পালন কৰে।

উত্তৰঃ আলি- আই-লৃগাং।

 (ঙ) কৰম পূজা -পালন কৰে।

উত্তৰঃ আদিবাসী সকলে

৩। অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ অসমীয়া সংস্কৃতিলৈ মহাপুৰুষ শংকৰদেৱৰ অৱদানৰ উল্লেখযোগ্য। তেখেতে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজক সমন্বয়ৰ দোলেৰে বান্ধিলে। মহাপুৰুষ শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতি কথা ভাবিব নোৱাৰিব।তেখেতে কীৰ্তন, দশম, গীত-মাত, ভাওনা-সবাহ, নামঘৰ আৰু খোল তালকে ধৰি ভিন্ন বাদ্যযন্ত্ৰ আদিৰ সৃষ্টি কৰি অসমৰ সংস্কৃতিৰ বৰঘৰটি সুদৃঢ় কৰি থৈ গৈছে।

মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা নামঘৰক জাতীয় নাটশালা কোৱা হয়। যত ভাওনা সবাহৰ উপৰি সমাজক আগুৱাই নিয়াৰ চৰ্চা চলে।তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্যই ভাৰতীয় নৃত্যকলাৰ লগত ফেৰ মাৰিব পৰা হল।

৪। চমুটোকা লিখা

(ক) বিহু (খ) পুতলানাচ (গ) অসমীয়া ভাষা (ঘ) সত্ৰীয়া নৃত্য (ঙ) উৎসৱ-পাৰ্বণ

উত্তৰঃ

ক) বিহুঃ বিহু হৈছে অসমৰ জাতীয় উৎসৱ। বিহু হৈছে কৃষিভিত্তিক উৎসৱ। বিহু তিনিটা- বহাগ মাহত বহাগ বা ৰঙালী বিহু, মাঘত মাঘ বিহু বা ভোগালী বিহু আৰু কাতিত কঙালী বা কাতি বিহু পালন কৰা হয়। বহাগত কৃষকে  পথাৰত ন-গুটি সিচে আৰু মাঘত খেতি চপায়। কাতিত ভৰা পথাৰ এখন কামনা কৰে আৰু খেতিডৰা পোক-পৰুৱা পৰা ৰক্ষা কৰিবলৈ চাকি জ্বলায়।

খ) পুতলালাচঃ অসমৰ সংস্কৃতি জগতখনত  অতি প্ৰাচীন কালৰে পৰা প্ৰচলিত হৈ অহা এটা নাট্য অনুষ্ঠান হৈছে পুতলানাচ। সুত্ৰধাৰ সহায়ত পুতলাবোৰক নচুৱা হয়। ৰামায়ণ, মহাভাৰত আদিৰ পৌৰাণিক কাহিনীবোৰ পুতলা চৰিত্ৰৰ সহায়ত উপস্থাপন কৰা হয়।

গ) অসমীয়া ভাষাঃ অসমৰ স্থানীয় ভাষা অসমীয়া। ভাষাটোৰ দুটা ৰূপ- এটা কথিত আৰু এটা লিখিত। অসমীয়া ভাষাই লিখিত ৰূপ পোৱাৰ আগতে  মানুহৰ মুখে মুখে নানাগীত-পদ, কথিত ৰূপত প্ৰচলিত হৈ আছিল। এতিয়া এই বোৰ লিখিত ৰূপ পাইছে।

ঘ) সত্ৰীয়া নৃত্যঃ  সত্ৰীয়ানৃত্য জনক হৈছে মহাপুৰুষ শংকৰদেৱ। সত্ৰীযা নৃত্যত তাল, খোল আদি বাদ্য যন্ত্ৰ ব্যৱহাৰ কৰা হয়।মহাপুৰুষ শংকৰদেৱে সৃষ্টি কৰা এই নৃত্যই ভাৰতীয় নৃত্য কলাৰ লগত ফেৰ মাৰিব পৰা হল।

ঙ) ৎসৱ-পাৰ্বণঃ জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই উৎসৱ-পাৰ্বণ পালন কৰে। উৎসৱ-পাৰ্বণে মানুহৰ মনত আনন্দ দিয়াৰ ওপৰি ঐক্য আৰু সমন্বয় বজাই ৰাখে। অসমীয়া মানুহে পালন কৰা কিছুমান উৎসৱৰ নাম হ’ল- বিহু, মহাপুৰুষসকলৰ তিথি, সৰস্বতী পূজা, লক্ষ্মী পূজা, বিশ্বকৰ্মা পূজা আদি।

 ৫। ‘ক’অংশৰ লগত ‘খ’অংশ মিলোৱা

উত্তৰঃ

তেজপুৰ                        অগ্নিগড়

কামৰূপ                         পোৱামক্কা

গোৱালপাৰা                  সূয পাহাৰ

ধুবুৰী                             টেগবাহাদুৰৰ গুৰুদ্বাৰ

কাছাৰ                         ভূৱন পাহাৰ মন্দিৰ

৬। এখন শৰাইৰ ছবি আঁকা

উত্তৰঃ


Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top