SCERT Class 4 Assamese Chapter 1 গছে যদি খোজ কাঢ়ে Question Answer |2026 | চতুৰ্থ শ্ৰেণীৰ অসমীয়া প্ৰশ্নৰ উত্তৰ | Class IV |

Chapter 1

গছে যদি খোজ কাঢ়ে

১। তলত দিয়া উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা।

গছবোৰে যদি খোজ কাঢ়ে, তেন্তে-

(ক) আমাক ফল-মূল আনি ঘৰে ঘৰে দিব পাৰিব।

উত্তৰ: শুদ্ধ।

(খ) শাৰী পাতি ৰাস্তাত ঘূৰি ফুৰিব পাৰিব।

উত্তৰ: শুদ্ধ।

(গ) আমাৰ লগৰীয়া হ’ব নোৱাৰিব।

উত্তৰ: অশুদ্ধ।

(ঘ) ল’ৰা-লুৰিৰ লগত কথা পাতি থাকিব পাৰিব।

উত্তৰ: শুদ্ধ।

(ঙ) চাইকেল, ৰিক্সা, গাড়ীবোৰৰ দৰে বেগাই যাব নোৱাৰিব।

 উত্তৰ: অশুদ্ধ।

২। তলত দিয়া ছবিকেইখন চাই পদ্যটোৰ সৈতে মিল থকা স্তৱককেইটা খালী ঠাইত লিখা।

  • প্ৰথম ছবিৰ বাবে স্তৱক (গাড়ী–মটৰৰ মাজত গছবোৰ): ঠাই এৰি গছ যদি আমাৰ লগত যায়, চাইকেল, ৰিক্সা, গাড়ীবোৰৰ কি হ’ব বিলাই!
  • দ্বিতীয় ছবিৰ বাবে স্তৱক (মানুহক ফল দিয়া): ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে, আমাৰপৰা মৰম-চেনেহ পাতত বান্ধি নিয়ে!

৩। ভাবা আৰু লিখা।

(ক) গছে আমাক মৰমতে ফল-মূল আনি দিয়ে। আমি গছক মৰমেৰে কি কি দিব পাৰোঁ?

উত্তৰ: আমি গছক মৰমেৰে গুৰিত পানী দিব পাৰোঁ, প্ৰয়োজন অনুসৰি সাৰ দিব পাৰোঁ আৰু গছবোৰ অযথা কাটি পেলোৱাৰ পৰা ৰক্ষা কৰিব পাৰোঁ।

(খ) চাইকেল, ৰিক্সা, গাড়ীবোৰ যদি নাথাকিলহেঁতেন আৰু গছ-গছনিবোৰে যদি খোজ কাঢ়িব পাৰিলেহেঁতেন! তেতিয়া আমাৰ কি কি সুবিধা বা অসুবিধা হ’লহেঁতেন?

উত্তৰ: অসুবিধা: গাড়ী-মটৰ নথকাৰ বাবে আমি এঠাইৰ পৰা আন ঠাইলৈ কম সময়তে যাব নোৱাৰিলোঁহেঁতেন আৰু ৰাস্তাত গছবোৰ খোজকাঢ়ি ফুৰিলে বহুত ভিৰ হ’লহেঁতেন।

সুবিধা: গাড়ী-মটৰ নথকাৰ বাবে পৰিৱেশ প্ৰদূষণ একেবাৰে নহ’লহেঁতেন। খোজকাঢ়ি যোৱা গছে আমাক যতে-ততে ছাঁ আৰু ফল- ফুল দিলেহেঁতেন।

(গ) কি কি গছক তোমালোকে লগৰীয়া কৰিবা আৰু কিয় কৰিবা?

 উত্তৰ: আমি আম, আঙুৰ , কঁঠাল, নাৰিকল লিচু আপেল আদি গছক লগৰীয়া কৰিম, কাৰণ এইবোৰ গছে আমাক খাবলৈ সুস্বাদু ফল আৰু ফুল দিয়ে।

৪। তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য লিখা।

মজা: গছে যদি খোজ কাঢ়ে কেনে মজা হ’ব।

মৰম–চেনেহ: ফল আনি গছে যদি ঘৰে ঘৰে দিয়ে আমাৰ পৰা মৰম–চেনেহ পাতত বান্ধি নিয়ে।

বান্ধি: আমাৰ পৰা মৰম–চেনেহ পাতত বান্ধি নিয়ে।

ৰ‘লাগি: গছবোৰে খোজকাঢ়িলে মানুহবোৰে  ৰ‘লাগি চাব।

৫। তলত দিয়া ছবি দুখন চাই কাষৰ স্তৱক দুটা সম্পূৰ্ণ কৰা-

উত্তৰঃ-

৬। (ক) তলত দিয়া ধাৰণা-চিত্ৰখন সম্পূৰ্ণ কৰা-

গছৰপৰা আমি কি কি পাওঁ?

উত্তৰ: গছৰপৰা আমি বহুতো উপকাৰ পাওঁ। যেনে—

  1. অক্সিজেন পাওঁ
  2. ফল-মূল পাওঁ
  3. কাঠ পাওঁ
  4. ঔষধি গুণ পাওঁ
  5. ছাঁ পাওঁ
  6. ফুল পাওঁ
  7. কাগজ বনাবলৈ কাঁচামাল পাওঁ
  8. জীৱ-জন্তুৰ বাসস্থান হয়
  9. বায়ু বিশুদ্ধ কৰে
  10. পৰিবেশ সেউজীয়া আৰু সুন্দৰ কৰি ৰাখে ।

(খ) গছে আমাক কিদৰে সহায় কৰে, সেই সম্পৰ্কে ওপৰৰ ধাৰণা-চিত্ৰখনৰ সহায়ত এটা দফা লিখা।

উত্তৰ: গছ আমাৰ পৰম বন্ধু। গছে আমাক নানা ধৰণে সহায় কৰে। গছে আমাক শ্বাস ল’বলৈ অক্সিজেন দিয়ে আৰু বায়ু বিশুদ্ধ কৰি ৰাখে। গছৰ পৰা আমি ফল-মূল, ফুল, কাঠ আৰু ঔষধ পাওঁ। গছে গৰমত ছাঁ দিয়ে আৰু পৰিবেশ সেউজীয়া আৰু সুন্দৰ কৰি তোলে। জীৱ-জন্তু আৰু চৰাই-চিৰিকটীয়েও গছত বাস কৰে। সেয়েহে গছ আমাৰ জীৱনৰ অতি উপকাৰী বন্ধু।

৭। ভাষা- অধ্যয়ন

(খ) দলত আলোচনা কৰি কোৱা আৰু লিখা।

এক আখৰীয়া তিনিটা শব্দ:  মই, তই, গছ

তিনি আখৰীয়া তিনিটা শব্দ: মানুহ, ফুলনি ,বগলী

যুক্তাক্ষৰ নথকা তিনিটা শব্দ: ঘৰ, কলম, নদী

যুক্তাক্ষৰ থকা তিনিটা শব্দ:  বান্ধি, প্ৰজ্ঞা, স্বপ্ন

(গ) খেলি-মেলিকৈ থকা আখৰবোৰ লগ লগাই অৰ্থপূৰ্ণ শব্দ সাজি লিখা।

  • লফ ➡ ফল
  • ৰঙডা ➡ ডাঙৰ
  • চেহনে ➡ চেনেহ
  • ৰীয়াগল ➡ লগৰীয়া
  • ইচালকে ➡ চাইকেল

৮। (খ) ‘ন্ধ’ থকা আৰু তিনিটা শব্দ লিখা-

উত্তৰ: বন্ধ, সন্ধ্যা, অন্ধকাৰ

(গ) ‘ক্স’ থকা আৰু তিনিটা শব্দ লিখা-

উত্তৰ: অক্সিজেন, ৰিক্সা, বক্স

৯। তলত দিয়া আখৰবোৰ শব্দলৈ আৰু শব্দবোৰ আখৰলৈ পৰিৱৰ্তন কৰা-

  • গ্ + আ + ড়্ + ঈ = গাড়ী
  • ৰ্ + ই + ক্ + স্ + আ = ৰিক্সা
  • বান্ধি = ব্ + আ + ন্ধ্ + ই
  • লগৰীয়া = ল্ + অ + গ্ + অ + ৰ্ + ঈ + য়্ + আ

১০। শব্দ গঠন কৰা:

  • লগ + অৰীয়া = লগৰীয়া
  • বন + অৰীয়া = বনৰীয়া
  • নাও + অৰীয়া = নাৱৰীয়া
  • ভাও + অৰীয়া = ভাৱৰীয়া

১১। (খ) ওপৰৰ বেনাৰখনত থকা কথাখিনিৰ উপৰি আন কি কি কাৰণত গছপুলি ৰুব লাগে বুলি তুমি ভাবা? কোৱা আৰু লিখা।

উত্তৰ: 

(গ) গছপুলি এটা ৰোৱাৰ পাছত পুলিটো ডাঙৰ হ’বলৈ তুমি কেনেকৈ যতন ল’বা? কোৱা আৰু লিখা।

উত্তৰ: গছপুলি এটা ৰোৱাৰ পাছত পুলিটো ডাঙৰ হ’বলৈ মই নিয়মিত যতন ল’ম। মই প্ৰতিদিনে বা নিয়মীয়াকৈ পুলিটোত পানী দিম যাতে মাটি শুকান নহয়। পুলিটোৰ চাৰিওফালে থকা ঘাঁহ-বন পৰিষ্কাৰ কৰিম যাতে পুলিটোৰ বৃদ্ধি বাধা নাপায়। গৰমত তীব্ৰ ৰ’দৰ পৰা ৰক্ষা কৰিবলৈ ছাঁ দিম। গৰু-ছাগলী বা অন্য জন্তুৰ পৰা পুলিটোক সুৰক্ষিত ৰাখিম। প্ৰয়োজনে সাৰ দি মাটিখিনি উৰ্বৰ কৰি ৰাখিম। এইদৰে যতন ল’লে গছপুলি সুস্থভাৱে ডাঙৰ হ’ব।

১২। ধৰা হওক, তোমালোকৰ চৌহদত থকা এজোপা গছৰ লগত তুমি কথা পাতিব বিচাৰিছা; গছজোপাক সুধিবৰ বাবে তুমি পাঁচটা প্ৰশ্ন লিখি উলিওৱা।

উত্তৰ:  ১. তোমাৰ নাম কি?

            ২. তুমি কিমান বছৰৰ পৰা ইয়াত থিয় হৈ আছা?

            ৩. তোমাৰ জীৱনত তুমি কি কি অভিজ্ঞতা লাভ কৰিছা?

            ৪. মানুহে তোমাক কিদৰে যতন কৰে বা কষ্ট দিয়ে?

            ৫. তুমি সুস্থ আৰু দীঘল জীৱন পাবলৈ কিহৰ প্ৰয়োজন বুলি ভাবা?

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top