Assam Board SEBA Class 6 Choritra – Path (চৰিত্ৰ – পাঠ) Chapter 10 Solution 2026 (SCERT Assam Board)

 Chapter 10 – 

চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা 

প্ৰশ্ন আৰু উত্তৰ (Question Answer)

প্ৰশ্ন ১: ইন্টাৰনেট কিয় আধুনিক যুগৰ যুগান্তকাৰী উদ্ভাৱন বুলি কোৱা হৈছে?

উত্তৰ: ইন্টাৰনেটক আধুনিক যুগৰ যুগান্তকাৰী উদ্ভাৱন বুলি কোৱা হৈছে, কাৰণ ই তথ্য আৰু প্রযুক্তিৰ ক্ষেত্ৰত এক উৎকৃষ্ট যোগাযোগৰ মাধ্যম আৰু সকলো বয়সৰ মানুহৰ মাজত অতি জনপ্রিয়।

প্ৰশ্ন ২: ‘চাইবাৰ জগত’ বুলিতে কি বুজায়?

উত্তৰ: ‘চাইবাৰ জগত’ বুলিতে ইন্টাৰনেটৰ ব্যৱহাৰ, অনলাইনত তথ্য আদান-প্রদান, যোগাযোগ, গেম খেলা, ৱেবছাইট আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰ ইত্যাদি ডিজিটেল পৰিবেশৰ কাম-কাজক বুজায়।

প্ৰশ্ন ৩: চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা বুলিলে কি বুজায়?

উত্তৰ: চাইবাৰ নিৰাপত্তা আৰু সুৰক্ষা বুলিলে তথ্য আৰু যোগাযোগ প্রযুক্তিৰ সুৰক্ষিত আৰু দায়িত্বশীল ব্যৱহাৰ বুজায়।

প্ৰশ্ন ৪: Netiquette (Internet etiquette) বুলিলে কি বুজায়?

উত্তৰ: Netiquette বুলিলে অনলাইনত আচৰণৰ শিষ্টাচাৰ, আনৰ প্ৰতি সন্মান আৰু দায়িত্বশীল ব্যৱহাৰ বুজায়।

প্ৰশ্ন ৫: শিক্ষাৰ ক্ষেত্ৰত ইন্টাৰনেটৰ কি ভূমিকা আছে?

উত্তৰ: শিক্ষাৰ ক্ষেত্ৰত ইন্টাৰনেটে বিভিন্ন বিষয়ত জ্ঞানৰ উপলব্ধতা আৰু বিস্ততি ঘটায়।

প্ৰশ্ন ৬: চাইবাৰ নিৰাপত্তাৰ বাবে কি কি নিয়ম মানি চলা উচিত?

উত্তৰ: চাইবাৰ নিৰাপত্তাৰ বাবে তলৰ নিয়মবোৰ মানি চলা উচিতঃ

    আনৰ গোপন তথ্য (নাম, ঠিকনা, জন্ম তাৰিখ, ফটো) ৰাজহুৱা নকৰে।

    আনৰ পৰিচয় চুৰি নকৰে।

    কোনো ডাউনল’ড কৰাৰ সময়ত কপিৰাইট নিয়ম মানে।

    অনলাইনত সন্মানজনক আচৰণ কৰে।

    ছ’চিয়েল মিডিয়াত ভাষাৰ সঠিক ব্যৱহাৰ কৰে।

    কাওকে আঘাত দিব পৰা পোষ্ট নকৰে।

    অন্যৰ কম্পিউটাৰ অপযুক্তভাৱে ব্যৱহাৰ নকৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top