Chapter 2 –
আমাৰ পৰিয়াল
শ্ৰৱণ কুমাৰ
(ক) কাহিনীটোত থকা ল’ৰাজনৰ নাম কি?
উত্তৰঃ কাহিনীটোত থকা ল’ৰাজনৰ নাম হ’ল শ্ৰৱণ কুমাৰ।
(খ) শ্ৰৱণ কুমাৰে মাক-দেউতাকৰ বাবে কি কি কৰিছিল?
উত্তৰঃ শ্ৰৱণে মাক-দেউতাকৰ বাবে পানী অনা, ভাত ৰন্ধা, আৰু আন গৃহস্থালীৰ কামবোৰ নিজে কৰিছিল।
(গ) শ্ৰৱণ কুমাৰে মাক-দেউতাকক কেনেদৰে তীৰ্থলৈ লৈ গৈছিল?
উত্তৰঃ শ্ৰৱণে দুটা পাচিত মাক-দেউতাকক বহুৱাই ভাৰ বান্ধি নিজে কান্ধত লৈ তীৰ্থলৈ গৈছিল।
(ঘ) তুমি তোমাৰ ঘৰখনত কি কি দায়িত্ব পালন কৰা?
উত্তৰঃ মই মোৰ ঘৰখনত বহু দায়িত্ব পালন কৰোঁ। মই সময়মতে উঠোঁ, মুখ-হাত ধুই পাঠ্য পঢ়োঁ আৰু বিদ্যালয়লৈ যাওঁ। ঘৰলৈ ঘূৰি আহি মা- দেউতাক কামত সহায় কৰোঁ। ঘৰৰ পৰা বাহিৰত বস্তু আনিবলৈ যাওঁ, পানী আনোঁ, আৰু ঘৰ পৰিষ্কাৰ কৰাত সহায় কৰোঁ। কেতিয়াবা সৰু ভাই-ভনীক পঢ়াত সহায় কৰোঁ। পৰিয়ালৰ সকলোৱে যাতে সুখে-সন্তোষে থাকিব পাৰে তাৰ বাবে মই নিজৰ দায়িত্ববোৰ মন দি পালন কৰোঁ।
প্ৰশ্ন আৰু উত্তৰ
1. শ্ৰৱণ কুমাৰ কোন আছিল?
উত্তৰঃ শ্ৰৱণ কুমাৰ এজন দয়ালু আৰু দায়িত্বশীল ল’ৰা আছিল। তেওঁ নিজৰ অন্ধ মাক-দেউতাকক বৰ আদৰ-যতন কৰিছিল।
2. শ্ৰৱণে নিজৰ মাক-দেউতাকক কেনেকৈ সহায় কৰিছিল?
উত্তৰঃ শ্ৰৱণে মাক-দেউতাকৰ বাবে পানী অনা, ভাত ৰন্ধা আদি সকলো কাম নিজে কৰিছিল।
3. শ্ৰৱণৰ মাক-দেউতাকৰ কি ইচ্ছা আছিল?
উত্তৰঃ শ্ৰৱণৰ মাক-দেউতাকৰ তীৰ্থলৈ যাবলৈ বৰ ইচ্ছা আছিল।
4. শ্ৰৱণে মাক-দেউতাকক কেনেকৈ তীৰ্থলৈ লৈ গ’ল?
উত্তৰঃ শ্ৰৱণে দুটা ডাঙৰ পাচিত মাক-দেউতাকক বহুৱাই ভাৰ বান্ধি কান্ধত বৈ তীৰ্থলৈ লৈ গ’ল।
5. শ্ৰৱণৰ মনত কেনেকুৱা অনুভৱ হৈছিল?
উত্তৰঃ শ্ৰৱণে কৈছিল— “তোমালোকৰ বাবে কাম কৰি মই সুখহে পাওঁ।” মাক-দেউতাকৰ সেবা কৰি তেওঁ বৰ আনন্দ আৰু সন্তোষ পাইছিল।
6. তুমি তোমাৰ পৰিয়ালত কেনেদৰে সহায় কৰা?
(এই প্ৰশ্নটো ছাত্ৰ-ছাত্ৰীৰ নিজৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত উত্তৰ দিবলৈ চেষ্টা কৰিবা।)
উত্তৰঃ
7. তোমালোকৰ পৰিয়ালত কোন কোন আছে?
উত্তৰঃ নিজৰ নিজৰ ঘৰৰ পৰিয়ালৰ কথা লিখিবা
ঘঁৰিয়াল আৰু বান্দৰ
(ক) ছবিখনত কি কি জন্তু দেখিছা?
উত্তৰঃ ছবিখনত বাঁন্দৰ, ঘৰিয়াল, ভালুক, শঁহা, আৰু হাঁহ দেখিছো।
(খ) নদীৰ সিপাৰে কি ফলৰ গছ আছিল?
উত্তৰঃ নদীৰ সিপাৰে কলৰ গছ আছিল।
(গ) বাঁন্দৰটো কেনেকৈ নদীখন পাৰ হ’ল?
উত্তৰঃ বাঁন্দৰটো ঘৰিয়ালৰ পিঠিত উঠি নদীখন পাৰ হ’ল।
(ঘ) বাঁন্দৰটোৱে হাতত কি লৈ আহিছিল?
উত্তৰঃ বাঁন্দৰটোৱে হাতত কল লৈ আহিছিল।
(ঙ) সাধুটো নিজৰ কথাৰে কোৱা।
উত্তৰঃ এটা বাঁন্দৰ, এটা ভালুক, শঁহা আৰু ঘৰিয়াল নদীৰ কাষত বন্ধু হৈ থাকিছিল। ঘৰিয়ালটোৱে এদিনাখন বাঁন্দৰটোক কৈছিল— সিপাৰত কল আছে, তুমি যদি যাব বিচাৰা , মই লৈ যাব পাৰিম। বাঁন্দৰটো ঘৰিয়ালৰ পিঠিত উঠি পাৰ হয় আৰু কল লৈ আহে। পিচত সকলোৱে মিলি কল খাবলৈ বহে আৰু বন্ধুত্বৰ আনন্দ উপভোগ কৰে।
পাঠটোৰ প্ৰশ্ন-উত্তৰবোৰঃ
১) ৰাজীৱ আৰু কবিৰে কি আনিবৰ পোৱা নাছিল?
উত্তৰঃ ৰাজীৱ আৰু কবিৰে ছাতি আনিবৰ পোৱা নাছিল।
২) গাড়ীখন চলাই কেনে আছিল?
উত্তৰঃ গাড়ীখন ৰেম ধেম কৰি চলাই আছিল।
৩) ৰামধনে শুকান সিহঁতক গাড়ীত উঠিবলে কিয় মাতিছিল?
উত্তৰঃ ৰামধনে শুকান সিহঁতক গাড়ীত উঠিবলে মাতিছিল কাৰণ বৰষুণত ভিজি গৈছিল আৰু তেওঁলোকক সহায় কৰিব বিচাৰিছিল।