SCERT Class 2 Assamese Chapter 3 (part 2) Answer 2026 | Class 2 Assamese Book Question Answer SCERT | Chapter 3 (part 2) Question Answer Solution For Assam

 Chapter 3 (part 2) –

 ছাগলী গ’ল ক’লৈ 

কথা পাতো আহা 

ক) তৰালীয়ে সদায় কাৰ সৈতে ওমলে? 

উত্তৰ: তৰালীয়ে সদায় ছাগলী পোৱালিদুটাৰ সৈতে ওমলে।

খ) তৰালীয়ে ছাগলী পোৱালিদুটা ক’ত বিচাৰি পালে? 

উত্তৰ: তৰালীয়ে ছাগলী পোৱালিদুটা বাঁহীৰ পাছেৰে বিচাৰি পালে।

গ) পোৱালিদুটাক চোতাললৈ আনি মাকে কি কৰিলে? 

উত্তৰ: পোৱালিদুটাক চোতাললৈ আনি মাকে ডিঙিত টিলিঙা দুটা পিন্ধাই দিলে ।

ঘ) ছাগলী পোৱালিদুটা কি কি ৰঙৰ আছিল? 

উত্তৰ: ছাগলী পোৱালিদুটা এটা ক’লা আৰু এটা বগা ৰঙৰ আছিল।

ঙ) তোমাৰ বস্তু হেৰালে তুমি কি কৰা? 

উত্তৰ: মোৰ বস্তু হেৰালে, মই ঘৰৰ সকলোত কৈ চাওঁ আৰু নিজে ঘূৰি ঘূৰি বিচাৰো। প্ৰয়োজনে সহায় বিচাৰো।

চ) তোমাৰ ঘৰৰ আশে-পাশে কি কি জীৱ-জন্তু দেখা পোৱা?

উত্তৰ: মোৰ ঘৰৰ আশে-পাশে বহু ধৰনৰ জীৱ-জন্তু দেখা পোৱা যায়। ইয়াত কুকুৰ, মেকুৰী, গৰু, ছাগলী, মুৰ্গী, হাঁহ, ভেঁহা আদি গৃহপালিত জন্তু দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top