SCERT Class 3 Environment Chapter 5 Answer 2026 | বাগিচালৈ যাওঁ ব’লা | অধ্য়ায়-৫ | Chapter-5 | Class 3 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer | Class 3 আমি আৰু আমাৰ পৰিৱেশ SCERT School Question Answer And Solutions For Assam |

 অধ্য়ায়-৫

বাগিচালৈ যাওঁ ব’লা

১। উত্তৰ লিখা-
(ক) এবিধ আৰোহীলতাৰ নাম:
 উত্তৰঃ বঁটা লতা (অথবা) জয়ন্তী লতা

(খ) চাৰিবিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম।
উত্তৰ: নিম, জাম, মেহগনি, বৰগছ

(গ) দুবিধ গুল্মজাতীয় উদ্ভিদৰ নাম।
উত্তৰ: গোলাপ, হিবিসকাছ (জপা)

(ঘ) বাৰিষা কালত হোৱা দুবিধ শাক-পাচলিব নাম।
উত্তৰ: লাউ, পুঁই শাক

(ঙ) অসমত পোৱা দুবিধ মূল্যবান কাঠৰ নাম।
উত্তৰ:
 শাল, টীক

২। খালী ঠাই পূৰ কৰা-
(ক) গছে শিপা দ্বাৰা পানী শুহি লয়।
(খ) মৌ-মাখিয়ে ফুলৰ মৌ চুহি মৌমাখিৰ চাটা তৈয়াৰ কৰে।
(গ) কপৌ ফুল বসন্ত কালত ফুলে।
(ঘ) পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ’ল বাঁহ
(ঙ) ডালিম জাতীয় উদ্ভিদ গুল্ম

৩। শুদ্ধ শব্দটোত ‘চিন দিয়া-
(ক) বাঁহ গছ → তৃণজাতীয় উদ্ভিদ
(খ) বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ → বৰ টান
(গ) উদ্ভিদে → শিপাৰে মাটিৰপৰা পানী শোষণ কৰে।
(ঘ) উদ্ভিদৰ → গা-গছৰপৰা ডাল-পাত ওলায়।
(ঙ) ছালকুৱৰী → গুল্মজাতীয় উদ্ভিদ।

৪। আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি?
উত্তৰ: আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক তিনি ভাগত ভাগ কৰা হয় —
১. বৃক্ষজাতীয় উদ্ভিদ
২. গুল্মজাতীয় উদ্ভিদ
৩. তৃণজাতীয় উদ্ভিদ

৫। এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা।
উত্তৰ: (তলৰ দৰে এখন সাধাৰণ উদ্ভিদৰ ছবি আঁকা – অংশবোৰৰ নাম: শিপা, গা-গছ, ডাল, পাতা, ফুল, ফল।)

৬। ‘গছ-গছনি সংৰক্ষণ’ৰ প্রতি সজাগতা সৃষ্টিৰ বাবে শ্ল’গান লিখি পোষ্টাৰ তৈয়াৰ কৰা।
উত্তৰঃ- (শ্ল’গান):
“গছ লাগাও, প্ৰাণ বচাও!”
“আজিৰ গছ, আগামী প্ৰজন্মৰ আশা।”
“পৰিৱৰ্তনৰ আৰম্ভণি গছ পুহি কৰা।”

অতিৰিক্ত প্ৰশ্ন উত্তৰ

প্ৰশ্ন ১: বেণু বাইদেউ কোনকোন ছাত্ৰ-ছাত্ৰীক লগত লৈ বাগিচালৈ গৈছিল?

উত্তৰ: বেণু বাইদেউ প্ৰণব, আৰতি, জেনিফাৰ আৰু ছাজিদাক লগত লৈ বাগিচালৈ গৈছিল।

প্ৰশ্ন ২: বকুল গছ কিহৰ ভিতৰত পৰে?

উত্তৰ: বকুল গছ বৃক্ষজাতীয় উদ্ভিদৰ ভিতৰত পৰে।

প্ৰশ্ন ৩: বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ কিদৰে হয়?

উত্তৰ: বৃক্ষজাতীয় উদ্ভিদৰ গা-গছ টান, শকত আৰু ওখ হয়। এইবোৰৰ ডাল-পাতেও ভৰি থাকে।

প্ৰশ্ন ৪: গুল্মজাতীয় উদ্ভিদৰ বৈশিষ্ট্য কি?

উত্তৰ: গুল্মজাতীয় উদ্ভিদ বৃক্ষতকৈ চাপৰ আৰু জোপোহা হয়। এইবোৰৰ গা-গছ শকত নহয়।

প্ৰশ্ন ৫: আৰোহী লতা আৰু লতাজাতীয় উদ্ভিদৰ মাজত পাৰ্থক্য কি?

উত্তৰ: আৰোহী লতা আন গছৰ বা চাংৰ সহায় লৈ ওপৰলৈ বগাই যায়।
লতাজাতীয় উদ্ভিদ মাটিত বগাই যায়।

প্ৰশ্ন ৬: তৃণজাতীয় উদ্ভিদ মানে কি?

উত্তৰ: তৃণজাতীয় উদ্ভিদ হ’ল সৰু আৰু কোমল গা-গছযুক্ত উদ্ভিদ, যেনে- খাঁহ, ধান, দূৰবিবন আদি।

প্ৰশ্ন ৭: বাঁহ গছ কিহৰ ভিতৰত পৰে?

উত্তৰ: বাঁহ গছ তৃণজাতীয় উদ্ভিদৰ ভিতৰত পৰে।

প্ৰশ্ন ৮: উদ্ভিদৰ শিপাৰ কাম কি?

উত্তৰ: শিপাই মাটিৰ পৰা পানী আৰু খনিজ লবণ শোষণ কৰে আৰু গছক মাটিত খামুচি ধৰি থিয় হৈ থাকিবলৈ সহায় কৰে।

প্ৰশ্ন ৯: কোন ফুলবোৰ গোটেই বছৰ ফুলি থাকে?

উত্তৰ: গোলাপ, জবা, কববী ফুল আদি গোটেই বছৰ ফুলি থাকে।

প্ৰশ্ন ১০:ফুলৰ পৰা কি সৃষ্টি হয়?

উত্তৰ:ফুলৰ পৰা ফল হয়, আৰু ফলৰ ভিতৰত বীজ থাকে।

প্ৰশ্ন ১১: তোমাৰ বিদ্যালয়ৰ চৌপাশে কি কি ধৰণৰ উদ্ভিদ আছে?

উত্তৰঃ- (উদাহৰণ হিচাপে): আম, নেমু (বৃক্ষ), জেতুকা, ডালিম (গুল্ম), লাউ, ভেদাইলতা (লতা), খাঁহ, দূৰবিবন (তৃণ)।

প্ৰশ্ন ১২: বাঁহ গছৰ বিশেষত্ব কি?

উত্তৰ: বাঁহ গছ হৈছে পৃথিবীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ, আৰু ইয়াৰ গা-গছ টান হয়।

প্ৰশ্ন ১৩: তুমি কি পাতবোৰত সিৰা-উপসিৰা দেখি পোৱা?

উত্তৰ: হয়, গছৰ পাতবোৰত সিৰা-উপসিৰা স্পষ্ট দেখা পোৱা যায়।

প্ৰশ্ন ১৪: গছৰ পাত আৰু কিছুমান ফলৰ বৈশিষ্ট্য কি?

উত্তৰ: গছৰ পাত আৰু কিছুমান ফলত বিশেষ গোন্ধ থাকে, যেনে- তুলসী, পদিনা, নেমু, আম, কঁঠাল আদি।

প্ৰশ্ন ১৫: মৌ-মাখি কেনেকৈ মৌ-চাক তৈয়াৰ কৰে?

উত্তৰ: মৌ-মাখিয়ে ফুলৰ পৰা মৌ চুহি খায় আৰু সেই মৌ দিয়ে মৌ-চাক তৈয়াৰ কৰে।

প্ৰশ্ন ১৬: কোন ফুল বসন্তকালত ফুলি থাকে?

উত্তৰ: কপৌ, নাহৰ, তগৰ আদি ফুল বসন্তকালত ফুলি থাকে।

প্ৰশ্ন ১৭: তোমাৰ অঞ্চলত ঔষধি গুণ থকা কিছুমান উদ্ভিদৰ নাম কি?

উত্তৰঃ (উদাহৰণ হিচাপে): তুলসী, নৰসিংহ, ভেদাইলতা, নিম, হালধি।

প্ৰশ্ন ১৮: তুমি গছ পুলি উভালি আনিলে মাটিৰ ওপৰ আৰু তলৰ অংশক কি বুলি কোৱা হয়?

উত্তৰ: মাটিৰ ওপৰৰ অংশক গা-গছ বা কাণ্ড আৰু তলৰ অংশক শিপা বুলি কোৱা হয়।

প্ৰশ্ন ১৯: শিপাৰ কাম কি?

উত্তৰ: শিপাই পানী আৰু খনিজ শোষণ কৰি গছক মাটিত থিয় হৈ থাকিবলৈ সহায় কৰে।

প্ৰশ্ন ২০: তুমি পাতৰ সাঁচ লোৱাৰ সময়ত কি দেখা পোৱা?

উত্তৰ:পাতৰ সাঁচত সিৰা-উপসিৰা দেখা পোৱা যায়।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top