অধ্য়ায়-৪
আমাৰ উৎসৱ
(ক) তোমালোকে কি কি উৎসৱ পালন কৰা?
উত্তৰ: আমি বিহু, দিওঁ-দিৱালী,বৰদিন, ঈদ, দিৱালী, খ্ৰীষ্টমাছ, দুৰ্গা পূজা আদি উৎসৱ পালন কৰোঁ।
(খ) ইছলাম ধৰ্মাবলম্বী লোকসকলে পালন কৰা উৎসৱবোৰৰ নাম কি কি?
উত্তৰ: ঈদ-উল-ফিতৰ, ঈদ-উল-অজহা, ফাতেহা-ই-দোয-দহম আদি।
(গ) খ্রীষ্টান ধৰ্মাবলম্বী লোকসকলে পালন কৰা প্রধান উৎসৱৰ নাম কি?
উত্তৰ: বৰদিন (খ্ৰীষ্টমাছ)।
(ঘ) তোমালোকে পালন কৰা উৎসৱত কি কি সাজ-পাৰ পিন্ধা আৰু কি কি খোৱা?
উত্তৰ: উৎসৱত আমি নতুন-নতুন সাজ-পাৰ পিন্ধো। বিহুত পিঠা-পনা খাওঁ, ঈদত চেৰ আৰু পোলাও খাওঁ, বৰদিনত কেক খাওঁ।
২। ধৰ্মৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা।
উত্তৰ: ঈদ, দিওঁ-দিৱালী।
৩। খেতিৰ লগত জড়িত দুটা উৎসৱৰ নাম লিখা।
উত্তৰ: ব’হাগ বিহু, মাঘ বিহু।
৪। বিদ্যালয়ত পালন কৰা উৎসৱসমূহৰ নাম লিখা।
উত্তৰ: স্বাধীনতা দিৱস, গণৰাজ্য দিৱস, শিক্ষক দিৱস, শিশু দিৱস, যোগ দিৱস।
৫। তুমি ভাল পোৱা এটা উৎসৱৰ বিষয়ে পাঁচটা বাক্য লিখা।
উত্তৰ:
- মই বিহু উৎসৱ ভাল পাওঁ।
- এই উৎসৱ অসমৰ আটাইতকৈ ডাঙৰ আৰু জনপ্ৰিয় উৎসৱ।
- বিহুত মানুহে নতুন কাপোৰ পিন্ধে আৰু বিভিন্ন পৰম্পৰাগত খাদ্য তৈয়াৰ কৰে।
- বিহু নৃত্য আৰু গানত সকলোয়ে আনন্দ উপভোগ কৰে।
- এই উৎসৱত পৰিয়াল, বন্ধু-বান্ধৱ সকলো মিলি একেলগে আনন্দে সময় কটায়।
৬। আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীতটো গাওঁতে কিমান সময়ৰ ভিতৰত গাব লাগে?
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতটো ৫২ ছেকেণ্ডৰ ভিতৰত গাব লাগে।
৭। শব্দ-শৃংখলাটোত থকা উৎসৱৰ নামবোৰ বাচি উলিয়াই বহীত লিখা।
উত্তৰ:তোমালোকে নিজেই চেষ্টা কৰিবা
অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰঃ
১। “জোনবিল মেলা” ক’ত অনুষ্ঠিত হয়?
উত্তৰ: জোনবিল মেলা মৰিগাঁও জিলাৰ জাগীৰোডৰ ওচৰত অনুষ্ঠিত হয়।
২। জোনবিল মেলাত কেনেধৰণৰ ব্যৱসায় কৰা হয়?
উত্তৰ: জোনবিল মেলাত টকা-পইচাৰ ব্যৱহাৰ নকৰি, বস্তুৰ বিনিময়ত বস্তু লেনদেন কৰা হয়। এই প্ৰথাটোক বিনিময় প্ৰথা বোলা হয়।
৩। জন্মোৎসৱ আৰু তিথি পালনৰ মাজত কি পাৰ্থক্য আছে?
উত্তৰ: কোনো মহৎ ব্যক্তিৰ জন্মদিনক জন্মোৎসৱ আৰু মৃত্যুদিনক তিথি বুলি কোৱা হয়।
৪। শংকৰদেৱৰ জন্ম আৰু মৃত্যুৰ দিনটো কেনেদৰে পালন কৰা হয়?
উত্তৰ: শংকৰদেৱৰ জন্মদিনটো জন্মোৎসৱ আৰু মৃত্যুৰ দিনটো তিথি হিচাপে পালন কৰা হয়।
৫। উৎসৱৰ জৰিয়তে সমাজত কি ধৰণৰ ভাব গঢ়ি উঠে?
উত্তৰ: উৎসৱৰ জৰিয়তে সমাজত মিলন, প্ৰীতি আৰু একতাৰ ভাব গঢ়ি উঠে।
৬। তোমালোকৰ বিদ্যালয়ত কোনবোৰ দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়?
উত্তৰ: স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত বিদ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।
৭। পহেলা বৈশাখ কি উৎসৱ?
উত্তৰ: পহেলা বৈশাখ বঙালী নৱবৰ্ষৰ দিন, যি এটি সাংস্কৃতিক উৎসৱ।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post