অধ্যায়–৯
দৈনন্দিন জীৱনত পানী
১। উত্তৰ লিখা—
(ক) কি কি উৎসৰ পৰা আমি পানী পাওঁ?
উত্তৰঃ আমি বৰষুণ, খাল, বিল, পুখুৰী, হ্ৰদ, নদ-নদী, জান-জুৰি, সাগৰ-মহাসাগৰ, কুঁৱা আৰু দমকল আদিৰ পৰা পানী পাওঁ।
(খ) তুমি আৰু ওচৰ-চুবুৰীয়াই পানী ক’ৰ ক’ৰ পৰা পোৱা?
উত্তৰঃ আমি আৰু আমাৰ ওচৰ-চুবুৰীয়াই দমকল, কুঁৱা আৰু পানীৰ টেংকিৰ পৰা পানী পাওঁ।
(গ) তোমালোকৰ অঞ্চলত বা ওচৰে-পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ অঞ্চলৰ ওচৰত থকা বিল, জান বা জুৰিৰ নাম লিখিবা।
উদাহৰণঃ আমাৰ ওচৰত থকা বিলখনৰ নাম সোণাই বিল।
(ঘ) দূষিত পানী খোৱাৰ উপযোগী হয়নে?
উত্তৰঃ নহয়, দূষিত পানী খোৱাৰ উপযোগী নহয়।
(ঙ) পানী কি কি কামত ব্যৱহাৰ কৰা হয়?
উত্তৰঃ পানী গা ধুবলৈ, কাপোৰ ধুবলৈ, ৰন্ধা-বঢ়া কৰিবলৈ, ঘৰ পৰিষ্কাৰ কৰিবলৈ, বাগিচাত পানী দিবলৈ, খোৱা আৰু অন্যান্য দৈনন্দিন কামত ব্যৱহাৰ কৰা হয়।
(চ) ভূ-জল কি?
উত্তৰঃ মাটিৰ তলত থকা পানীক ভূ-গৰ্ভস্থ পানী বা ভূ-জল বোলে। কুঁৱা, নাদ আৰু দমকলৰ সহায়ত মাটিৰ তলৰ পৰা এই পানী উলিয়াই অনা হয়।
২। তলৰ শব্দ-শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত ☐ চিনেৰে ঘেৰ দিয়া—
উত্তৰঃ
১। নিজৰা
২। নদী
৩। হ্ৰদ
৪। বিল
৫। পুখুৰী
৬। বৰষুণ
৭। খাল
৮। সাগৰ
৯। দমকল
৩। ঘৰত আৰু বিদ্যালয়ত পানীৰ অপচয় দূৰ কৰিবলৈ তুমি কি কৰিবা?
উত্তৰঃ পানীৰ কল খুলি থৈ কেতিয়াও আঁতৰি নাযাম। প্ৰয়োজন নোহোৱাৰ সময়ত পানীৰ কল বন্ধ কৰি ৰাখিম। ফল-মূল, শাক-পাচলি, চাউল-দাইল ধোৱা পানী পেলাই নিদি বিভিন্ন কামত পুনৰ ব্যৱহাৰ কৰিম। এইদৰে পানীৰ অপচয় ৰোধ কৰিবলৈ চেষ্টা কৰিম।
৪। তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত ☐ চিনেৰে ঘেৰ দিয়া—
(ক) গা-ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফণিওৱা
উত্তৰঃ মূৰ ফণিওৱা
(খ) নদী, পাহাৰ, পুখুৰী, নিজৰা, বিল
উত্তৰঃ পাহাৰ
(গ) মাছ, হাঁহ, বান্দৰ, ঘঁৰিয়াল, কাছ
উত্তৰঃ বান্দৰ
(ঘ) জাহাজ, নাও, ৰে’লগাড়ী, ফেৰী
উত্তৰঃ ৰে’লগাড়ী
(ঙ) নাজী, পদুম, ভেট, মেটেকা
উত্তৰঃ মেটেকা
৫। পানী দূষিত হোৱাৰ তিনিটা কাৰণ লিখা।
উত্তৰঃ পানী দূষিত হোৱাৰ তিনিটা কাৰণ হ’ল—
১। পুখুৰীত গা ধোৱা, গৰু-ম’হে পানীত নামি পানী খোৱা আৰু পানীত লেতেৰা বস্তু পেলোৱাৰ ফলত পানী দূষিত হয়।
২। নদ-নদীত গেলা-পচা বস্তু, আৱৰ্জনা আৰু মৰা জীৱ-জন্তু পেলোৱাৰ ফলত পানী দূষিত হয়।
৩। বিভিন্ন কীটনাশক আৰু ৰাসায়নিক পদাৰ্থ পানীত মিহলি হ’লে পানী দূষিত হয়।
এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?
ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।
Update This Post