AJB Class 8 New  Science 2 Chapter 2 Answer 2026 | অণুজীৱ | Lesson 2 | Class 8 Science Question Answer Assam Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয় প্ৰশ্ন উত্তৰ |

পাঠ ২

অণুজীৱ

1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

i) ইষ্ট ব্যৱহাৰ কৰি উৎপাদন কৰা পদার্থবিধ হ’ল— 

a) চেনি  b) সুৰা  c) অক্সিজেন  d) হাইড্রক্লৰিক এছিড।

উত্তৰঃ সুৰা।

ii) তলত দিয়াসমূহৰ কোনটো প্রতিজৈৱিক?

a) ছডিয়াম বাইকার্বনেট b) ষ্ট্ৰেপট’মাইচিন c) সুৰা  d) ইষ্ট 

উত্তৰঃ ষ্ট্ৰেপট’মাইচিন।

iii) মেলেৰিয়াৰ বীজাণু প্র`টয’ৱাটোৰ বাহক হল— 

a) মাখি  b) পখিলা  c) মাইকী এনােফিলিচ মহ  d) পইতাচোৰা

উত্তৰঃ মাইকী এনোফিলিচ মহ।

iv) সোঁচৰা ৰােগসমূহৰ অতি উল্লেখনীয় বাহক হ’ল— 

a) পৰুৱা  b) মাখি  c) মকৰা d)  জিঞা পােক 

উত্তৰঃ মাখি।

v) পাউৰুটিৰ মণ্ড ফুলি উঠাৰ কাৰণ হ’ল — 

a) তাপ  b) হাতেৰে খচা  c) ইষ্টৰ বৃদ্ধি  d) গুৰি কৰা 

উত্তৰঃ ইষ্টৰ বৃদ্ধি।

2. খালী ঠাই পূৰ কৰাঃ

i) অণুজীৱ চাবলৈ হ’লে আমাক অনুবীক্ষণ যন্ত্ৰ লাগে।

ii) নীলা-সেউজীয়া শেলাইয়ে বায়ুমণ্ডলৰ পৰা প্ৰত্যক্ষভাৱে নাইট্ৰ’জেন সংযােজন কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

iii) ইষ্ট ৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়।

iv) কলেৰা বেমাৰটো বেক্টেৰিয়াৰ দ্বাৰা সৃষ্টি হয়।

v) ভাইৰাছক বংশ বৃদ্ধি কৰিবলৈ এটি বেক্টেৰিয়া ৰ দৰকাৰ।

3. অণুজীৱ খালি চকুৰে চাব পাৰিনে? যদি নােৱাৰি, কেনেকৈ চাব পাৰি? 

উত্তৰঃ অণুজীৱ খালি চকুৰে চাব নোৱাৰি। অণুজীৱসমূহক আমি অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰোঁ।

4. অণুজীৱৰ প্ৰধান ভাগ কেইটা কি কি?

উত্তৰঃ অণুজীৱৰ প্ৰধান ভাগ কেইটা হৈছে 一 বেক্টেৰিয়া, ভেঁকুৰ, আদ্য়প্ৰাণী আৰু কেতবোৰ শেলাই।

5. বায়ুমণ্ডলৰ পৰা নাইট্র’জেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবােৰৰ নাম লিখা।

উত্তৰঃ বায়ুমণ্ডলৰ পৰা নাইট্রজেন গেছ গ্ৰহণ কৰা বেক্টেৰিয়াবােৰৰ নাম হৈছে ৰাইজ’বিয়াম।

6. দৈনন্দিন জীৱনত অণুজীৱৰ উপকাৰী ভূমিকাৰ সম্পর্কে দহশাৰীমান বাক্যত লিখা।

উত্তৰঃ মানুহে বিভিন্ন কামত অণুজীৱৰ ব্য়ৱহাৰ কৰি আহিছে। এই ব্য়ৱহাৰসমূহ চাৰি প্ৰকাৰত ভাগ কৰিব পাৰি 一 ব্য়ৱসায়, চিকিৎসা, কৃষিক্ষেত্ৰ আৰু পৰিৱেশত। লেক্ট’বেছিলাছ নামৰ এবিধ বেক্টেৰিয়াই গাখীৰক দৈলৈ ৰূপান্তৰ কৰে। চিজ প্ৰস্তুতকৰণতো এইবিধ বেক্টেৰিয়া ব্য়ৱহাৰ কৰা হয়। এনেদৰে বহুতো কামত অণুজীৱৰ ব্য়ৱহাৰ কৰা হয়। অসুখ হ’লে আমি গ্ৰহণ কৰা টেৱলেট, কেপচুল বা ইনজ্য়েক্শ্য়ন সমূহ অণুজীৱৰ দ্বাৰা প্ৰস্তুত কৰা হয়।মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিবৰ বাবে ৰাইজ’বিয়াম নামৰ বেক্টেৰিয়াবিধৰ ব্য়ৱহাৰ কৰা হয়। আমাৰ চৌপাশত পৰি থকা গেলা-পচা আৱৰ্জনাবোৰ অণুজীৱৰ সহায়ত পৰিষ্কাৰ কৰা হয়।

7. অণুজীৱৰ অপকাৰিতা সম্পর্কে এটি চমু টোকা লিখা।

উত্তৰঃ কিছুমান অণুজীৱই মানুহ, আন প্ৰাণী আৰু উদ্ভিদৰ শৰীৰত ৰোগৰ সৃষ্টি কৰে। এই ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰক বীজাণু বোলে। কিছুমান অণুজীৱই আকৌ খাদ্য়দ্ৰব্য়, কাপোৰ আৰু চামৰা আদিৰো অনিষ্ট সাধন কৰে। বীজাণুবোৰে আমাৰ শৰীৰত উশাহ-নিশাহ, খোৱা-পানী আৰু আহাৰৰ জৰিয়তে প্ৰৱেশ কৰি ৰোগৰ সংক্ৰমণ ঘটায়। ৰোগাক্ৰান্ত মানুহৰ সংস্পৰ্শলৈ অহাৰ ফলতো ৰোগৰ বীজাণু এজনৰ পৰা আনজনৰ গালৈ বিয়পিব পাৰে। উদাহৰণস্বৰূপে কলেৰা, সাধাৰণ পানীলগা, মাজু আই, যক্ষ্মা, ক’ৰোনা আদি।

৪. ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে কিহৰ দৰকাৰ?

উত্তৰঃ ভাইৰাছৰ বংশ বৃদ্ধিৰ কাৰণে বেক্টেৰিয়াৰ দৰকাৰ।

9. প্রতিজৈৱিক কি? প্রতিজৈৱিক ব্যৱহাৰৰ সময়ত কি সাৱধানতা ল’ব লাগে লিখা।

উত্তৰঃ যিবোৰ দৰবে বেমাৰ সৃষ্টিকাৰী বীজাণুবোৰ ধ্বংস কৰে অথবা ইহঁতৰ বৃদ্ধি বন্ধ কৰে, সেইবোৰ দৰবক প্ৰতিজৈৱিক বোলে। প্ৰতিজৈৱিক ব্য়ৱহাৰৰ সময়ত ল’বলগীয়া সাৱধানতাসমূহ হৈছে 一

– অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ লৈহে ইয়াক সেৱন কৰিব লাগে।

– প্ৰয়োজন নথকাকৈ বা ভুল মাত্ৰাত কেতিয়াও ইয়াক গ্ৰহণ কৰিব নালাগে।

10. স্তম্ভ A আৰু স্তম্ভ B মিলােৱাঃ

(i) বেক্টেৰিয়া    –              (a)  (e) কলেৰাৰ কাৰণ।

(ii) ৰাইজ’বিয়াম    –         (b) নাইট্রজেন সংযােজন।

(iii) লেক্ট’বেছিলাম   –      (c)  দৈ তৈয়াৰ।

(iv) ইষ্ট    –                       (d)পাউৰুটি প্রস্তুত

(v) এটা প্ৰ’টয’ৱা    –        (e)মেলেৰিয়াৰ কাৰণ

(vi) এটা ভাইৰাছ    –        (f) এইডছৰ কাৰণ

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top