AJB Class 8 New Science 2 Chapter 6 Answer 2026 | দহন আৰু শিখা | অধ্যায় ৬ | Combustion and Flame | Chapter 6 | Class 8 Science Answer Jatiya Bidyalay | Assam Jatiya Bidyalay | অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ উত্তৰ অসম জাতীয় বিদ্যালয়

পাঠ ৬

দহন আৰু শিখা

1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ

(i)স্বতঃস্ফৰ্তদহন ঘটা এবিধ পদাৰ্থৰ উদাহৰণ হল-

(a) এলপিজি    (b)  ফছফৰাছ    (c) কয়লা    (d) কেৰাচিন  

উত্তৰঃ ফছফৰাছ।

(ii)মমবাতিৰ শিখাৰ  দহন ঘটা অঞ্চলটো হল-

(a) নীলা    (b) আন্ধাৰ    (c) দীপ্তিমান    (d) দীপ্তিহীন

উত্তৰঃ দীপ্তিমান।

(iii) কোনটো আদৰ্শ ইন্ধনৰ ধৰ্ম নহয়?

(a) কেলৰি মান বেছি হব লাগে

(b) দাম কম হব লাগে

(c)প্ৰজ্বলনাংক বেছি হব লাগে

(d) মজুতকৰণ কম খৰচী হ’ব লাগে

উত্তৰঃ প্ৰজ্বলনাংক বেছি হ’ব লাগে।

(iv) জোৰেৰে ফুঁৱালে মমবাতিৰ শিখা নুমায়। ইয়াৰ এটা কাৰণ হল-

(a)ফুঁৱালে কাৰ্বন ডাইঅক্সাইড ওলায়

(b) ফুঁৱালে জলীয় বাষ্প ওলায়

(c) ফুঁৱালে মমৰ বাষ্প আতঁৰি যায়

(d) ফুঁৱালে অক্সিজেন নোলায়

উত্তৰঃ ফুঁৱালে মমৰ বাষ্প আতঁৰি যায়।

(v)কোনবিধ জীৱাশ্ম ইন্ধন নহয়?

(a) খৰি    (b) এলপিজি    (c) পেট্ৰ’ল    (d) কেৰাচিন

উত্তৰঃ খৰি।

2. খালী ঠাই পূৰ কৰাঃ

(i) এবিধ পদাৰ্থ জ্বলাৰ অৰ্থ হল পদাৰ্থবিধৰ অক্সিজেনৰ সৈতে বিক্ৰিয়া।

(ii) মমবাতিৰ শিখাৰ দীপ্তিমান অঞ্চলত  অসম্পূৰ্ণ  দহন ঘটে।

(iii) মমবাতিৰ শিখাৰ আন্ধাৰ অঞ্চল গঠিত ।

(iv) জ্বলোঁতে বাষ্পীভূত হোৱা পদাৰ্থই তাপৰ সৃষ্টি কৰে।

(v) কাঠখৰি জ্বলোঁতে মমবাতিতকৈ অধিক সময় লাগে; কাৰণ মমতকৈ কাঠখৰিৰ প্ৰজ্বলনাংক বেছি।  

3. সংজ্ঞা লিখা- জলনাংক,কেলৰি মূল্য, ইন্ধন, দহন।

উত্তৰঃ 

জলনাংকঃ যি নিম্নতম উষ্ণতাত কোনো এবিধ পদাৰ্থ বাষ্পীভূত হৈ অক্সিজেনৰ সৈতে দাহ্য় মিশ্ৰৰ সৃষ্টি কৰে তাকে পদাৰ্থবিধৰ জ্বলনাংক বোলে।

কেলৰি মানঃ কেলৰি মান হৈছে ইন্ধনৰ পৰা পোৱা শক্তিৰ পৰিমাণ।

ইন্ধনঃ যিবোৰ পদাৰ্থৰ পৰা আমি তাপ আৰু শক্তি পাওঁ, সেইবোৰে হৈছে ইন্ধন।

দহনঃ বস্তু এটাই অক্সিজেনৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপাদন কৰা প্ৰক্ৰিয়াটোৱে হৈছে দহন।

4. দাহ্য আৰু অদাহ্য পদাৰ্থ কাক বোলে লিখা। উদাহৰণ দিবা।

উত্তৰঃ সহজে জ্বলা পদাৰ্থকে দাহ্য় পদাৰ্থ বোলে। যেনে 一 খৰি, পেট্ৰ’ল, ডিজেল, কয়লা আদি।

    যিবোৰ পদাৰ্থ নজ্বলে, সেই পদাৰ্থবোৰকে অদাহ্য় পদাৰ্থ বোলে।যেনে 一 পানী, মাটি, লো আদি।

5. দহন বুলিলে কি বুজা? সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য লিখা।

উত্তৰঃ বস্তু এটাই অক্সিজেনৰ সৈতে দ্ৰুতভাৱে বিক্ৰিয়া কৰি তাপ উৎপাদন কৰা প্ৰক্ৰিয়াটোৱে হৈছে দহন।

    সম্পূৰ্ণ আৰু অসম্পূৰ্ণ দহনৰ মাজত পাৰ্থক্য় হৈছে

সম্পূৰ্ণ দহনঅসম্পূৰ্ণ দহন
বস্তুবিধ সম্পূৰ্ণ ৰূপে দহন হয়।বস্তুবিধ সম্পূৰ্ণ ৰূপে দহন নহয়।
ইয়াত কাৰ্বন উৎপন্ন হয়ইয়াত কাৰ্বন উৎপন্ন নহয়।

6. স্বতঃস্ফৰ্ত দহনৰ বিষয়ে চমুকৈ লিখা। উদাহৰণ দিবা । 

উত্তৰঃ উপযুক্ত পৰিৱেশত নিজে নিজে জ্বলি উঠা দহনেই হৈছে স্বতঃস্ফূৰ্ত দহন। ফছফৰাছ হৈছে ইয়াৰ উৎকৃষ্ট উদাহৰণ। বায়ুৰ সংস্পৰ্শত আহিলে ই জ্বলি উঠে।

7. মমবাতি জ্বলালে কাৰ্বন কণা উৎপন্ন হয় থাকে। এয়া প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।

উত্তৰঃ এডাল মমবাতি, এখন কাগজ আৰু এটা দিয়াচলাইৰ বাকচ লোৱা হ’ল। দিয়াচলাইৰ সহায়ত মমবাতিডাল জ্বলোৱা হ’ল। জ্বলোৱা মমবাতিডালৰ ওপৰত জুই স্পৰ্শ নকৰাকৈ কাগজখন ধৰা হ’ল। কেইছেকেণ্ডমানৰ পিছত কাগজখনত এটা ক’লা বৰণ পৰিছে। এই বৰণটোৱে হৈছে ধোৱা অৰ্থাৎ কাৰ্বন। ইয়াৰ দ্বাৰা প্ৰমাণিত হ’ল যে মমবাতি জ্বলালে কাৰ্বন উৎপন্ন হয়।

11. দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ পাৰ্থক্য লিখা । 

উত্তৰঃ দীপ্তিমান আৰু দীপ্তিহীন শিখাৰ মাজত পাৰ্থক্য় হৈছে 一

দীপ্তিমানদীপ্তিহীন
ই হালধীয়া বৰণৰ হয়।ই নীলা বৰণৰ হয়।
এই অঞ্চল পোহৰ হয়।এই অঞ্চল আন্ধাৰ হয়।

12. আমাৰ খাদ্যক কিয় ইন্ধন বুলি ভাবিব পাৰি লিখা । 

উত্তৰঃ আমি খাদ্য় গ্ৰহণ কৰাৰ পিছত কোনো এটা কাম কৰিবৰ বাবে শক্তি পাওঁ। যন্ত্ৰ এটাত যিদৰে ইন্ধন প্ৰয়োগ কৰাৰ পিছত কাম কৰিবলৈ ক্ষমতা পায়, তেনেকৈ মানুহেও আহাৰ গ্ৰহণৰ পিছত কাম কৰাৰ শক্তি পায়। সেয়েহে আমি খাদ্য়ক ইন্ধন বুলি ক’ব পাৰোঁ।

✏️

এই Post টো Update কৰাত সহায় কৰিব বিচাৰে নেকি?

ইয়াত কিবা ভুল, অসম্পূৰ্ণ তথ্য বা নতুন তথ্য থাকিলে আপুনি এটা উন্নত version প্ৰস্তুত কৰিব পাৰে। Live Post তৎক্ষণাৎ সলনি নহ'ব।

Update This Post

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top